খানাপাৰাত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ কাৰ্যসূচী

খানাপাৰাত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ কাৰ্যসূচী

ডিজিটেল ডেস্কঃ আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস। দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে গণৰাজ্য দিৱস। খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে ৭৫ সংখ্যক গণৰাজ্য দিৱস। উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া। গণৰাজ্য দিৱস উপলক্ষে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শিত হ’ব খানাপাৰাত। ত্ৰিৰংগা উৰুৱাব ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই। পেৰেডত অংশ ল’ব আৰক্ষী , অৰ্ধসামৰিক বাহিনীৰ লগতে অংশ ল’ব NCC আৰু স্কাউট গাইডৰ কেডাৰ সকলে।

জিলাই জিলাই আয়োজন কৰা হৈছে গণৰাজ্য দিৱসৰ কাৰ্যসূচী। অসম বিধান সভা চৌহদত পতাকা উৰুৱালে বিশ্বজিত দৈমাৰীয়ে। শ্ৰদ্ধাঞ্জলি কাননক পতাকা উৰুৱাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ উপৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে ডিব্ৰুগড়ত কৰিব পতাকা উত্তোলন। কৃষিমন্ত্ৰী অতুল বৰাই কৰিব যোৰহাটত। উৰ্খাও গৌড়া ব্ৰহ্মই ত্ৰিৰংগা উৰুৱাব তেজপুৰত। একদৰে ধুবুৰীত পতাকা উত্তোলন কৰিব মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। জ্যেষ্ঠ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক দিয়া হৈছে শিলচৰৰ দায়িত্ব লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কামৰূপত, শিক্ষামন্ত্ৰী ৰনোজ পেগুই তিনিচুকীয়াত।

অশোক সিংঘালে বঙাইগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব। মন্ত্ৰী যোগেন মোহন ধেমাজী, সঞ্জয় কিষাণ শিৱসাগৰ, অজন্তা নেওগক মঙ্গলদৈত উত্তোলনৰ দায়িত্ব দিয়া হৈছে।

আনহাতে মন্ত্ৰী পীযুষ হাজৰিকা মৰিগাঁও, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মাজুলীত পতাকা উত্তোলন কৰিব। মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু নন্দিতা গাৰ্লোচাই ক্ৰমে গোলাঘাট আৰু গোৱালপাৰা জিলাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব।

খানাপাৰাত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ কাৰ্যসূচী
লেপেটকটাত ডঃ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ বাঁহৰ অনুষ্ঠানৰ লাইখোটা স্থাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in