শিৱসাগৰত 'সাদিন প্ৰতিদিন’ গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাঃ ডেৰ শতাধিক দল, সংগঠনে জনালে সম্বৰ্ধনা...

শিৱসাগৰত সাদিন প্ৰতিদিন’ গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাঃ ডেৰ শতাধিক দল, সংগঠনে জনালে সম্বৰ্ধনা...

author-image
Asomiya Pratidin
New Update
শিৱসাগৰত 'সাদিন প্ৰতিদিন’ গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাঃ ডেৰ শতাধিক দল, সংগঠনে জনালে সম্বৰ্ধনা...

শিৱসাগৰত 'সাদিন প্ৰতিদিন’ গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাঃ ডেৰ শতাধিক দল, সংগঠনে জনালে সম্বৰ্ধনা...

ডিজিটেল সংবাদ শিৱসাগৰঃ হেমকোষৰ ব্ৰেইল সংস্কৰণে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান প্ৰাপ্তিয়ে অসমীয়া ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে। এই হেমকোষৰ ব্ৰেইল সংস্কৰণৰ প্ৰকাশক তথা 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদক আৰু 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক এই সাফল্যৰ বাবে ৰাজ্যৰ বিভিন্ন দল, সংগঠনৰ শুভেচ্ছা আৰু অভিনন্দন জনোৱাৰ অনুষ্ঠান অব্যাহত আছে।

Advertisment

তাৰ মাজতে আজি শিৱসাগৰত প্ৰায় ডেৰ শতাধিক বিভিন্ন দল সংগঠনে জয়ন্ত বৰুৱাক সম্বৰ্ধনা জনায়। ঐতিহাসিক শিৱসাগৰ বৰপুখুৰীৰ পাৰত অৱস্থিত শিৱসাগৰ যুৱ দলত আয়োজিত এই অনুষ্ঠানত তেওঁক সঁফুৰা, শৰাই, গামোচা, সম্বৰ্ধনা পত্ৰৰে সন্মানিত কৰা হয়।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি জয়ন্ত বৰুৱাই সাংবাদিকৰ আগত কয় শিৱসাগৰৰ ৰাইজে আজি মোক যি মৰম দিলে সেই মৰমে আৰু অধিক কাম কৰি যোৱাৰ শক্তি দিলে। ইয়াৰোপৰি তেওঁ এই অনুষ্ঠানত শৈশৱৰ দিনবোৰৰ কথা সোঁৱৰি আৱেগিক হৈ পৰে।

ইফালে সাহিত্য সভাৰ আহ্বানৰ প্ৰতি সহাৰি জনাই জয়ন্ত বৰুৱাই শিৱসাগৰত অৱস্থিত হেমচন্দ্ৰ বৰুৱা উদ্যানত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ এটা পূৰ্ণ অৱয়ৱৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়টো হেমচন্দ্ৰ বৰুৱাৰ এটা পূৰ্ণ অৱয়ৱৰ প্ৰতিমূৰ্তি নিৰ্মাণৰো প্ৰস্তুতি চলি থকাৰ কথা অৱগত কৰে।

বিশিষ্ট সাহিত্যিক বসন্ত গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা আৰু সন্তোষ দত্তই আঁত ধৰা এই অনুষ্ঠানত নাট্যাচাৰ্য ড° নাহেন্দ্ৰ পাদুন, পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সভাপতি ড° দয়ানন্দ বৰগোহাঁইকে ধৰি ভাষা, সাহিত্য, শিক্ষা, কলা-সংস্কৃতি, সামাজিক আদি বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

  User
User

অনুষ্ঠানতসমূহ শিৱসাগৰীয়া ৰাইজৰ হৈ বসন্ত গগৈ, সন্তোষ দত্তই জয়ন্ত বৰুৱাক সম্বৰ্ধনা জনোৱাৰ পাছতে ক্ৰমে জিলা সাহিত্য সভা, অসম সত্ৰ মহাসভা, সাংস্কৃতিক মহাসভা, আহোম সভা, শিৱসাগৰ উন্নয়ন পৰিষদ, শিৱসাগৰ জ্যেষ্ঠ নাগৰিক সন্থা, জিলা ছাত্ৰ সন্থা, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ তাই আহোম ছাত্ৰ সন্থা, ঐক্য সেনা অসম, আহোম সেনা, চুতীয়া ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলনী, আহোম জাতীয় গণমঞ্চ, অসমীয়া যুৱ মঞ্চকে ধৰি বিভিন্ন জাতীয়, জনজাতীয় ছাত্ৰ সংগঠন, শিৱসাগৰ লেখিকা সন্থা, জিলা ক্ৰীড়া সন্থা, শিৱসাগৰ যুৱ দল, অ' এন জি চিৰ শ্ৰমিক সংগঠনকে ধৰি কেইটাবাও শ্ৰমিক সংগঠন, অ' এন জি চিৰ এছ টি কল্যাণ পৰিষদ, উজনীয়াল সত্ৰ, শিৱসাগৰ কলেজ, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়, শিৱসাগৰ হকাৰ সন্থা, শিৱসাগৰ জিলা সাংবাদিক সন্থাকে ধৰি কেইবাটাও সংবাদ কৰ্মীৰ সংগঠন আৰু ব্যক্তি বিশষকে ধৰি ডেৰ শতাধিকৰো অধিক সংগঠনে 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰগৰাকীলৈ আগবঢ়ালে সম্বৰ্ধনা। তেওঁলোকৰ এই মৰম আৰু আদৰত অভিভূত হৈ পৰে বুলি উল্লেখ কৰে জয়ন্ত বৰুৱাই।

Also Read: 'ফ্ৰেঞ্চাইজি সলনি কৰাৰ সময় হৈছে বিৰাট কোহলিৰ'

হেমকোষ জয়ন্ত বৰুৱা