প্ৰবীণ নাট্য কৰ্মী, ভাষা আন্দোলনৰ নেতা মুন বৰুৱাৰ আৰু নাই...
প্ৰবীণ নাট্য কৰ্মী, ভাষা আন্দোলনৰ নেতা মুন বৰুৱাৰ আৰু নাই...

প্ৰবীণ নাট্য কৰ্মী, ভাষা আন্দোলনৰ নেতা মুন বৰুৱাৰ আৰু নাই...

শিৱসাৰগত শোক

ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰৰ প্ৰৱীন নাট্যকৰ্মী, অভিনেতা, মঞ্চসজ্জাকাৰ তথা ঐতিহাসিক ভাষা আন্দোলনৰ নেতা মুন বৰুৱা আৰু নাই। দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা এইগৰাকী বৰ্ষিয়ান নাগৰিকৰ আজি বিয়লি ২-৪৫ বজাত চুকাফা হাস্পতালত মৃত্যু হয়।

৮৭ বছৰীয়া এই জনপ্ৰিয় ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেখেতৰ নগৰৰ আমোলাপট্ৰি বাসভৱনলৈ অগণন গুণমুগ্ধৰ আগমন ঘটে। বাল্যকালৰে পৰা স্বদেশ আৰু স্বজাতিৰ বাবে নিজকে আত্মনিয়োগ কৰি আৰক্ষীৰ নিৰ্যাতনৰ বলি হোৱা মুন বৰুৱা সেউজ কোঁৱৰ পৰাগ চলিহাৰ ঘনিষ্ঠ সহকৰ্মী আছিল।

ঐতিহাসিক ভাষা আন্দোলনৰ সময়ত ১৯৭১ চনত মুন বৰুৱা বহুদিন যোৰহাট জিলা কাৰাগাৰত বন্দি হোৱাৰ উপৰিও অসম আন্দোলনত জড়িত হৈ কেইবাবাৰো জে'ললৈ যাবলগীয়া হৈছিল। এসময়ৰ বেডমিন্টন আৰু টেবুল টেনিছ খেলুৱৈ হিচাপে সুখ্যাতি অৰ্জন কৰা মুন বৰুৱাই ৬০ দশকত মিলিত শিল্পী সংঘ নামেৰে এটা অনুষ্ঠানৰ জন্ম দি বেডমিন্টন আৰু টেবুল টেনিছৰ প্ৰতিভাবান খেলুৱৈৰ জন্ম দিয়াৰ লগতে বহু নাটকত অভিনয়ৰ লগতে বহু জটিল নাটকৰ মঞ্চসজ্জাকাৰ আৰু কাৰিকৰী নিৰ্দেশনাৰ দায়িত্বও পালন কৰিছিল।

১৯৬০ চনত মুন বৰুৱাই শিৱসাগৰ নগৰত "কাফে পিকলো" নামৰ এখন ৰেষ্টুৰেন্ট স্থাপন কৰি স্বাধীন ব্যৱসায় আৰম্ভ কৰিছিল। ৭০ দশকত মুন বৰুৱাই সেউজ কোঁৱৰ পৰাগ চলিহা আৰু আব্দুল মজিদৰ দৰে বৰেণ্য ব্যক্তিৰ সৈতে একেলগে ফিংগাৰ প্ৰীন্ট, ফেৰাৰী ফৌজ, সাঁকো, অংগাৰ, চুৰ, দীপান্বিতা, উপকূল নাটকত অভিনয় কৰাৰ উপৰিও এই সকলো নাটকৰ মঞ্চসজ্জা, দৃশ্যসজ্জা, আলোক ব্যৱস্থাপনা আৰু কাৰিকৰী নিৰ্দেশনাত মুখ্য ভূমিকা লৈছিল মুন বৰুৱাই।

বিশেষকৈ পৰাগ চলিহাৰ অমূল্য সৃষ্টি "চাৰি হেজাৰ বছৰৰ অসম''ৰ দৰে কালজয়ী নাটকত পণ্ডিত জৱাহৰলাল নেহৰুৰ চৰিত্ৰত সুন্দৰ অভিনয়েৰে সকলোকে মুগ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছিল এই গৰাকী বৰ্ষিয়ান অভিনেতা তথা নাট্যকৰ্মীয়ে। ১৯৭০ চনৰ পৰা ২০০০ চনলৈকে শিৱসাগৰ নাট্য সমাজৰ সাধাৰণ সম্পাদক আৰু ১৯৬০ চনৰ পৰা মৃত্যু পৰ্যন্ত শিৱসাগৰ আগশাৰীৰ নাট্য অনুষ্ঠান মিলিত শিল্পী সমাজৰ সভাপতি আৰু পৰৱৰ্তী সময়ৰ মুখ্য উপদেষ্টাৰ দায়িত্বত থকাৰ উপৰিও তেখেতে দীৰ্ঘ দিন ধৰি শিৱসাগৰ নাগৰিক সন্থাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰসিদ্ধ নাট্যকৰ্মী তথা ভাষা আন্দোলনৰ নেতা মুন বৰুৱাই মৃত্যুৰ সময়ত পত্নীৰ উপৰিও দুগৰাকী জীয়াৰী, জোৱাই আৰু নাতি নাতিনীক ইহ সংসাৰত এৰি থৈ যায়। তেখেতৰ দ্বিতীয় জীয়াৰী দেশৰ বাহিৰত থকাৰ বাবে ১৮ ফেব্ৰুৱাৰীলৈকে তেখেতৰ নশ্বৰ দেহ নিজা বাসভৱনত ৰখা হ'ব।

১৮ ফেব্ৰুৱাৰীৰ পুৱা তেখেতৰ বাসভৱনত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুস্থান কৰাৰ পাছত স্থানীয় শ্মশানত তেখেতৰ শেষ কৃত্য সম্পন্ন কৰা হ'ব বুলি পৰিয়ালৰ তৰফৰ পৰা জানিব পৰা গৈছে। মুন বৰুৱাৰ মৃত্যুত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহ, সেউজ কোঁৱৰ পৰাগ চলিহাৰ সহধৰ্মিনী দীপালী চলিহা, পুত্ৰ সৌৰভ চলিহা, শিৱসাগৰ নাট্য সমাজ, মিলিত শিল্পী সমাজ, বীনাপানি সঙ্গীত মহাবিদ্যালয়, শিৱসাগৰ জিলা সাহিত্য সভা, শিৱসাগৰ জিলা ছাত্ৰ সন্থা, হিন্দু ধৰ্মসভা নামঘৰ, শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভা, শিৱসাগৰ প্ৰেছ ক্লাব, শিৱসাগৰ জিলা সাংবাদিক সন্থা, শিৱসাগৰ ক্ৰীড়া সন্হা, চাওলুং চুকাফা ইনডৰ স্টেডিয়াম পৰিচালনা সমিতি, অৰুনোদয় সাহিত্য সভা, উজনি অসম মুছলিম কল্যাণ পৰিষদ, ৰংপুৰ জ্যোতি ক্লাব, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, স্টেচন চাৰিআলি ব্যৱসায়ী সন্হা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ড০ ময়িদুল ইছলাম বড়া স্মৃতি ৰক্ষা সমিতি, ৰংপুৰ সাহিত্য সভাকে ধৰি শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।

প্ৰবীণ নাট্য কৰ্মী, ভাষা আন্দোলনৰ নেতা মুন বৰুৱাৰ আৰু নাই...
ঢাকাত উন্মোচন মেঘালয়ৰ স্বাধীনতা সংগ্ৰামীৰ প্ৰতিমূৰ্তিঃ গ্ৰন্থাগাৰো মুকলি...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in