ঢাকাত উন্মোচন মেঘালয়ৰ স্বাধীনতা সংগ্ৰামীৰ প্ৰতিমূৰ্তিঃ গ্ৰন্থাগাৰো মুকলি...

ঢাকাত উন্মোচন মেঘালয়ৰ স্বাধীনতা সংগ্ৰামীৰ প্ৰতিমূৰ্তিঃ গ্ৰন্থাগাৰো মুকলি...
ঢাকাত উন্মোচন মেঘালয়ৰ স্বাধীনতা সংগ্ৰামীৰ প্ৰতিমূৰ্তিঃ গ্ৰন্থাগাৰো মুকলি...

ঢাকাৰ পৰা মাছুম বিল্লাহঃ প্ৰায় ২০০ বছৰ পূৰ্বে ব্ৰিটিছ ঔপনিবেশিকতাবাদৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা খাচী পাহাৰৰ মুক্তি যুদ্ধা ইউ টিৰোত সিঙৰ এক প্ৰতিমূৰ্তি ১৬ ফেব্ৰুৱাৰী শুকুৰবাৰে বাংলাদেশৰ ঢাকাত উন্মোচন কৰা হয়। শুকুৰবাৰে পুৱা ঢাকাৰ ধানমণ্ডিৰ ইন্দিৰা গান্ধী সাংস্কৃতিক কেন্দ্ৰত এই প্ৰতিমূৰ্তি উন্মোচন কৰা হয়।

একে সময়তে, যুৱ প্ৰজন্মৰ মাজত স্বাধীনতা সংগ্ৰামীৰ ইতিহাস আৰু আদৰ্শক প্ৰতিষ্ঠা কৰিবলৈ ইয়াৰ পুথিভঁৰালটোৰ নাম ইউ টিৰোত সিং মেম'ৰিয়েল লাইব্ৰেৰী হিচাপে নামাকৰণ কৰা হৈছে। অনুষ্ঠানত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী ছিনাহবালং ধৰ আৰু বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মাই এই প্ৰতিমূৰ্তি উদ্বোধন কৰে।

অনুষ্ঠানত উপস্থিত থাকে মেঘালয় চৰকাৰৰ কলা আৰু সংস্কৃতি মন্ত্ৰী পল লিংডো, তথ্য আৰু গণ সংযোগ মন্ত্ৰী এম. অম্পান লিংডো, মেঘালয়ৰ পৰিকল্পনা পৰিষদৰ অধ্যক্ষ মথবাহ লিংডো, মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ উপদেষ্টা হেমলেটচন দোহলিং, তথ্য আৰু জনসম্পৰ্ক বিভাগৰ আয়ুক্ত সচিব এফ.আৰ.আৰ. খাৰ্কনগৰ আৰু ইউ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ডেভিড ছিমলিহ।

অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতৰ পাৰ্বত্য এলেকাৰ জণগণ ব্ৰিটিছ ঔপনেবেশিক শাসন ব্যৱস্থাৰ বিৰুদ্ধে আৰম্ভণিৰ পৰাই সোচ্চাৰ আছিল। ইউ টিৰোত সিং ব্ৰিটিছৰ বিৰোধী আছিল।

তেওঁ কয়, মেঘালয়ে কেৱল বাংলাদেশৰ সৈতে সীমান্তই ভাগ-বতৰা নকৰে, সংস্কৃতি আৰু জীৱন শৈলীৰ ক্ষেত্ৰতো ইয়াৰ সাদৃশ্য আছে। সেয়েহে একেদৰে, তেওঁলোকেও ব্ৰিটিছৰ বিৰুদ্ধে একেলগে আন্দোলন কৰিছিল। সেয়েহে টিৰোত সিঙক কেৱল এটা অঞ্চলতে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বাধীনতা সংগ্ৰামী হিচাপে পৰিচিত।

ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ গৈ এইগৰাকী স্বাধীনতা সংগ্ৰামী বাংলাদেশৰ ঢাকাত বন্দী হিচাপে থকাৰ সময়তে তেওঁৰ মৃত্যু হয়। সেয়েহে বাংলাদেশত মেঘালয় চৰকাৰৰ অনুৰোধত এইগৰাকী খাচী স্বাধীনতা সংগ্ৰামীৰ স্মাৰক মূৰ্তি উন্মোচন কৰা হয়। এই মূৰ্তিয়ে দুয়োখন দেশৰ স্বাধীনতা সংগ্ৰামৰ মাজত সাক্ষ্য হিচাপে কাম কৰিব। ইয়াৰ উপৰিও, ভাৰত বা মেঘালয়ৰ শিক্ষাৰ্থীসহ যুৱ প্ৰজন্মই এই স্বাধীনতা সংগ্ৰামীৰ ত্যাগৰ কথা মনত ৰাখিব।

অনুষ্ঠানত ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মাই কয় যে, খাচী নেতা ইউ টিৰোত সিঙে উনবিংশ শতিকাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে থিয় দিছিল। তেওঁ ঔপনিবেশিক শাসনৰ বিৰুদ্ধে আমাৰ আন্দোলনৰ পথিকৃত আছিল। সিঙে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰোধিতা কৰিছিল আৰু ঢাকাৰ সৈতে তেওঁৰ এক শক্তিশালী সম্পৰ্ক আছিল। শেষত তেওঁ ঢাকাতেই ২০০ বছৰ আগতে মৃত্যু হয়।

তেওঁ পুনৰ কয়, টিৰোত সিঙক আমি সৰ্বোচ্চ ত্যাগৰ জৰিয়তে অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ এক প্ৰেৰণাদায়ক শক্তি হিচাপে গণ্য কৰোঁ। তেওঁৰ এই মূৰ্তিটো ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে স্মাৰক হিচাপে গণ্য কৰা হ'ব। ই বাংলাদেশ আৰু মেঘালয়ৰ মাজত জনসাধাৰণৰ স্বাধীনতা আৰু সংগ্ৰামৰ সাক্ষ্যও বহন কৰিব। বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত মেঘালয়ত আশ্ৰয় লোৱা স্বাধীনতা সংগ্ৰামী আৰু জনসাধাৰণৰ মাজত ইয়াক প্ৰতীক হিচাপে গণ্য কৰা হ'ব। আৰু ই মেঘালয় আৰু বাংলাদেশৰ মাজত পাৰস্পৰিক বুজাবুজিৰ ক্ষেত্ৰ হৈ পৰিব। আজি ভাৰতৰ উত্তৰে মেঘালয়ৰ জৰিয়তে বাংলাদেশৰ সৈতে ভাৰতৰ যোগাযোগ বৃদ্ধি পাইছে। যোৱা বছৰ ডাওকি আৰু তামাবিলৰ সীমা উদ্বোধন কৰাৰ উপৰিও, মেঘালয় সীমান্তত কেইবাটাও বাণিজ্যিক কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। মেঘালয়ৰ জৰিয়তে বাংলাদেশৰ সম্পৰ্ক অনন্য শিখৰত উপনীত হৈছে। ঢাকাৰ এই ইউ টিৰোত সিঙৰ স্মাৰক মূৰ্তিয়ে বছৰ বছৰ ধৰি ত্যাগৰ জৰিয়তে স্বাধীনতা আন্দোলনক স্মৰণ কৰিব।

বাংলাদেশৰ কলা আৰু সংস্কৃতি মন্ত্ৰী পল লিংডোৱে অনুষ্ঠানত নিজৰ ভাষণত কয়, ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে টিৰোত সিঙক কাৰাৰুদ্ধ কৰা হৈছিল। তেওঁ খাচী অঞ্চলৰ লোকসকলৰ মাজত স্বাধীনতাৰ বীজ ৰোপণ কৰিছিল। ঢাকাত টিৰোত সিঙৰ প্ৰতিমূৰ্তিটোৱে ভাৰতৰ লগতে বাংলাদেশৰ জনসাধাৰণক তেওঁলোকৰ স্বাধীনতাৰ মনোভাৱৰ কথা সোঁৱৰাই দিব। মেঘালয়ৰ কিংবদন্তী স্বাধীনতা সংগ্ৰামীৰ নামত মূৰ্তি নিৰ্মাণ কৰা আৰু বাংলাদেশত পুথিভঁৰাল পোৱাটো সঁচাকৈয়ে মেঘালয়ৰ বাবে এক বৃহৎ সাফল্য।

উল্লেখ্য যে, ১৮২৯ চনত ইউ টিৰোত সিঙে ব্ৰিটিছৰ বিৰুদ্ধে এক শক্তিশালী প্ৰতিৰোধ গঢ়ি তুলিছিল। তেওঁৰ আহ্বানত খাচী যুদ্ধাই ব্ৰিটিছৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লৈছিল। চাৰি বছৰৰ যুদ্ধৰ অন্তত তেওঁ কাৰাবন্দী হৈছিল। পৰৱৰ্তী ১৮৩৫ চনৰ ১৭ জুলাইত তেওঁ ঢাকাত মৃত্যুবৰণ কৰে।

ঢাকাত উন্মোচন মেঘালয়ৰ স্বাধীনতা সংগ্ৰামীৰ প্ৰতিমূৰ্তিঃ গ্ৰন্থাগাৰো মুকলি...
অপূৰ্ণ এক প্ৰেমৰ কৰুণ পৰিণতিঃ প্ৰেমিকৰ দুৰ্ঘটনাত মৃত্যু, প্ৰেমিকাৰ আত্মহত্যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in