নৈতিক দায়িত্ব স্বীকাৰ কৰি দলৰ সভাপতিলৈ পদত্যাগ পত্ৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ

নৈতিক দায়িত্ব স্বীকাৰ কৰি দলৰ সভাপতিলৈ পদত্যাগ পত্ৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ

ডিজিটেল ডেস্কঃ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ পদত্যাগ। অগপ দলৰ সাধাৰণ সম্পাদকৰ লগতে দলৰ সমূহ বিষয়বাবৰ পৰা অব্যাহতি বিচাৰি সভাপতিলৈ পত্ৰ প্ৰেৰণ বিধায়কগৰাকীৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ চৃড়ান্ত তালিকাত আমগুৰি সমষ্টি বিলুপ্তি হোৱাৰ পাছতেই শনিবাৰে এই সিদ্ধান্ত ল'লে প্ৰদীপ হাজৰিকাই।

আমগুৰি সমষ্টি বিলুপ্তিৰ পাছতেই সমষ্টিবাসীয়ে তীব্ৰ প্ৰতিবাদ, প্ৰতিক্ৰিয়া তথা তেওঁৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি পত্ৰত উল্লেখ কৰে বিধায়কগৰাকীয়ে। তেওঁ পত্ৰখনিত স্পষ্টভাৱে উল্লেখ কৰিছে যে- 'বিধায়ক হিচাপেই নহয় অগপ দলৰ এজন জ্যেষ্ঠ কর্মকর্তা হিচাপেও দলৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰখা আৰু নিজৰ সমষ্টিবাসী ৰাইজৰ ভৱিষ্যতৰ সুৰক্ষা দিয়াৰ বিফলতাৰ নৈতিক দায়িত্ব মূৰ পাতি লৈ তৎকালে বলৱৎ হোৱাকৈ অগপ দলৰ সাধাৰণ সম্পাদক, দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পদ তথা সমূহ সাংগঠনিক বিষয় বাব আৰু দায়িত্বৰ পৰা অব্যাহতি বিচাৰি এই পত্ৰ যোগে মোৰ পদত্যাগ কৰিলো।'

তেওঁ লগতে কয় যে- উজনি অসমৰ প্ৰায় ৯৯% খিলঞ্জীয়া জনসাধাৰণৰ বসতিপ্ৰধান আমগুৰি সমষ্টিটো অসমৰ সবাটোকৈ পুৰণি আৰু ঐতিহাসিক সমষ্টিকেইটাৰ অন্যতম হোৱাই নহয় ছয়শ বছৰীয়া আহোম স্বৰ্গদেওসকলৰ শাসনকাল আৰু পিছৰ ব্ৰিটিছ শাসনৰ সময়তো এক সুকীয়া ৰাজনৈতিক আৰু সামৰিক মৰ্যদা লাভ কৰা সমষ্টি। এই সমষ্টিটেই ৰাজনৈতিক জীৱনৰ পাতনি মেলি ১৯৮৫ চনৰে পৰা প্ৰায় ৪ দশক জুৰি প্ৰতিনিধিত্ব কৰা বুলি তেওঁ উল্লেখ কৰে। বৰ্তমান আমগুৰি সমষ্টি বিলুপ্তি হোৱাত বিলুপ্তিকৰণ প্ৰক্ৰিয়া ৰোধ কৰাত বিফল হোৱা আৰু নীৰৱ দৰ্শক হৈ ৰোৱা বুলি সৰ্বস্তৰৰ পৰা ধিক্কাৰ অহাত এই সিদ্ধান্ত লোৱাৰ কথা তেওঁ পত্ৰত উল্লেখ কৰিছে।

নৈতিক দায়িত্ব স্বীকাৰ কৰি দলৰ সভাপতিলৈ পদত্যাগ পত্ৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ
নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ ৪০ সংখ্যক বাৰ্ষিক অধিবেশন সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in