/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/103a7704-3e49-40f0-956f-c8868b68c11b/piyush.jpg)
জয়মতী স্মৃতি দিৱস
ডিজিটেল সংবাদ, শিৱসাগৰঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ, জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ৩৪৪ সংখ্যক মহীয়সী জয়মতী স্মৃতি দিৱস উদযাপনৰ মুকলি সভাত মঙলবাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । মন্ত্ৰীগৰাকীয়ে লগতে জয়মতী স্মৃতি ক্ষেত্ৰৰ আধাৰশিলাও স্থাপন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/8a2342a6-a33c-4385-bf24-c035ef2fdaf3/18d12085_6bd9_47ba_a5be_ec09f6552b24.jpg)
শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত মাদুৰি মাদুৰী জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে এই স্মৃতি দিৱস । অসম চৰকাৰৰ আহোম জনগোষ্ঠীৰ বিশেষ উন্নয়ন পুঁজি সমিতিৰ উদ্যোগত, মাদুৰি জয়মতী স্মৃতি দিৱস স্থায়ী সমিতিৰ লগতে বৃহত্তৰ মাদুৰি, মেছাগড়, মঠিয়াছিগাবাসী ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ সহযোগত আয়োজন কৰা হৈছে স্মৃতি দিৱস ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/bc8ee8ec-f615-46bb-8396-332db06b50b6/f1e5de8b_3d72_4cd7_9652_d91250586aff.jpg)
অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে আমাৰ ইতিহাসৰ এগৰাকী চিৰনমস্য মহীয়সী জয়মতী কুঁৱৰীৰ অদম্য সাহস আৰু স্বদেশ স্বজাতিৰ বাবে কৰা আত্মত্যাগ আমাৰ সকলোৰে বাবে এতিয়াও আদৰ্শ আৰু প্ৰেৰণাৰ উৎস । মন্ত্ৰীগৰাকীয়ে কয় যে আহোম ৰাজত্বৰ ৰাজনৈতিক অস্থিৰতাৰ সময়চোৱাত জয়মতী কুঁৱৰীৰ মহান আত্মত্যাগৰ অবিহনে পৰৱৰ্তী সময়ৰ আহোম ৰাজত্বৰ ইতিহাসে হয়তো অন্য ৰূপ পালেহেঁতেন ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b8bab97c-191c-49cc-81c3-511d4dd84019/b35e4e79_ebce_4b4d_b026_170c0c30de9b.jpg)
মন্ত্ৰী হাজৰীকাই ভাষণ প্ৰসংগত কয় ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে আহোমসকলৰ ঐতিহ্যক ৰক্ষা কৰাৰ বাবে দায়বদ্ধতাৰে কাম কৰি আছে । আহোম সেনানায়ক লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী দেশৰ ৰাজধানীত উদযাপন, চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি, লাচিত বৰফুকনৰ মৈদাম সংৰক্ষণ, ব্ৰঞ্জৰ প্ৰতিমূৰ্তি তথা সংগ্ৰহালয় নিৰ্মাণ, আলাবৈ ৰণ স্মাৰক নিৰ্মাণ আদি পদক্ষেপেৰে চৰকাৰে আহোম ৰাজত্বৰ ঐতিহ্যক প্ৰাসংগিক আৰু চিৰযুগমীয়া কৰি ৰখাৰ প্ৰয়াস কৰি আহিছে বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/6e920a56-9bac-4f9c-8342-90b22fa3c865/bcb0ce53_06f3_4836_9ce5_78d19272ae46.jpg)
উল্লেখযোগ্য যে আজি আধাৰশিলা স্থাপন কৰা মহীয়সী জয়মতী স্মৃতি ক্ষেত্ৰৰ বাবে অসম চৰকাৰে প্ৰাথমিক পৰ্যায়ত চাৰি কোটি টকাৰ পুঁজি মুকলি কৰি দিছিল । মন্ত্ৰী হাজৰীকাই আজিৰ বক্তব্যত এই মহীয়সী জয়মতী স্মৃতি ক্ষেত্ৰৰ বাবে ৰাজ্য চৰকাৰৰ পৰা আৰু ২০ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে ।
আজিৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন, বিধায়ক সুশান্ত বৰগোহাঁই, বিশিষ্ট বুৰঞ্জীবিদ ড° পুষ্প গগৈ আৰু বিভিন্ন দল সংগঠনৰ বহুকেইজন বিষয়ববীয়া উপস্থিত আছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0e751fb6-1d67-4b32-89c2-f2221f760976/7c1644d1_581d_4056_b580_6613edafecd1.jpg)
Also Read: তেজপুৰত অনুষ্ঠিত হ’ব ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ ৰাজ্যিক সন্মিলন...