ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ ৰাজ্যিক সন্মিলন
ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ ৰাজ্যিক সন্মিলন

তেজপুৰত অনুষ্ঠিত হ’ব ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ ৰাজ্যিক সন্মিলন...

সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে বৈজ্ঞানিক মানসিকতা প্ৰসাৰত ব্ৰতী আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ অসম ৰাজ্যিক সন্মিলন অনুষ্ঠিত হ’ব

ডিজিটেল ডেস্কঃ সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে বৈজ্ঞানিক মানসিকতা প্ৰসাৰত ব্ৰতী আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ অসম ৰাজ্যিক সন্মিলন অনুষ্ঠিত হ’ব । অহা ৭-৯ এপ্ৰিলত ঐতিহ্যপূৰ্ণ তেজপুৰ চহৰত অনুষ্ঠিত হ'ব এই সন্মিলন । সন্মিলনক কেন্দ্ৰ কৰি চহৰখনৰ বিজ্ঞানমনস্ক আৰু যুক্তিবাদী অংশৰ জনসাধাৰণৰ মাজত যথেষ্ট উৎসাহ-উদ্দীপনাৰ বৃদ্ধি পাইছে ।

এই সন্মিলন সফল কৰাৰ বাবে শিক্ষাবিদ আনন্দ বৰুৱাক সভাপতি, ডাঃ ৰাণা মুকুট কেওঁটক কাৰ্যকৰী সভাপতি আৰু ৰঞ্জিত ভূঞাক সম্পাদক হিচাপে লৈ গঠিত বহলভিত্তিক অভ্যৰ্থনা সমিতিখনে ব্যাপক প্ৰস্তুতি হাতত লৈছে। তেজপুৰ চহৰকে ধৰি চুবুৰীয়া অঞ্চলৰ ৰাইজৰ পৰাও পাইছে ব্যাপক সঁহাৰি। চহৰখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও সন্মিলনৰ সাফল্যৰ বাবে সহায়-সহযোগিতা আগবঢ়াইছে। বৰ্তমান পৰিস্থিতিত ইলোৰা বিজ্ঞান মঞ্চৰ সন্মিলন তথা বৈজ্ঞানিক মানসিকতাৰ আন্দোলনৰ গুৰুত্ব আৰু তাৎপৰ্য অপৰিসীম।

ৰক্ষণশীল, পশ্চাৎমুখী আৰু পৰিৱৰ্তনবিমুখ শক্তিসমূহে সমাজক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ মাজত ডুব গৈ থকাটো বিচাৰে। সম্প্ৰতি সমগ্ৰ দেশৰ লগতে অসমতো অন্ধবিশ্বাসৰ পয়োভৰ বাঢ়িছে। ইলোৰা বিজ্ঞান মঞ্চই ২০০৪ চনৰ ১৫ মে'ত প্ৰতিষ্ঠা-পৰ্বৰ পৰা বিগত ১৯ বছৰৰ যাত্ৰাকালত সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে, বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ লক্ষ্যৰে নিৰলসভাৱে কাম কৰি আছে।

মানৱ-কল্যাণ আৰু চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে মৰণোত্তৰ অংগদান, নেত্ৰদান, দেহদান আদিক উৎসাহিত আৰু ৰক্তদান আন্দোলনক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত বিজ্ঞান মঞ্চই অদ্বিতীয় অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। 'ডাইনী' বিশ্বাসৰ দৰে সমাজৰ ক্ষতিকাৰক অন্ধবিশ্বাস, ভুৱা কবিৰাজ, জ্যোতিষী তথা জ্যোতিষ-শাস্ত্ৰ, বাস্তু-শাস্ত্ৰ, ভণ্ড বাবা-ফকীৰ, তাবিজ-মাদুলি, বেজ-বেজালি, আদি ঠগ-প্ৰৱঞ্চনাৰ বিৰুদ্ধেও জন সজাগতা সৃষ্টিৰ লগতে ইলোৰা বিজ্ঞান মঞ্চই জনসাধাৰণৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি, জলবায়ু পৰিৱৰ্তন তথা পৰিৱেশ সংৰক্ষণ আদি বিষয়বোৰতো নিজৰ সামৰ্থ্য অনুযায়ী ভূমিকা পালন কৰি আছে।

আজি অসমত বহু যুক্তিবাদী আৰু শুভবুদ্ধিসম্পন্ন মানুহে ইলোৰা বিজ্ঞান মঞ্চৰ কাম-কাজৰ প্ৰতি বিপুল সঁহাৰি জনাইছে আৰু অনুষ্ঠানটোৰ সৈতে প্ৰকাশ কৰিছে সহমৰ্মিতা। অহা ৭ এপ্ৰিলৰ পুৱা ৯.৩০ বজাত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত প্ৰদৰ্শনী আৰু গ্ৰন্থ বিপনীৰ দ্বাৰ মুকলিৰ মাজেৰে সন্মিলন আৰম্ভ হ'ব।

মুকলি কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি শ্ৰীযুত আনন্দ বৰুৱাই। উক্ত দিনাই দিনৰ ১০.৩০ বজাত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ), গুৱাহাটীৰ পক্ষৰ পৰা বিদ্যালয়খনৰ মূল প্ৰেক্ষাগৃহত মৰণোত্তৰ অংগদান-দেহদান সম্পৰ্কীয় এক সজাগতামূলক অনুষ্ঠান আৰু বিদ্যালয় চৌহদত তেজপুৰ মেডিকেল কলেজৰ এনাটমী বিভাগৰ উদ্যোগত প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে।

৭ এপ্ৰিলৰ দিনাই সমান্তৰালভাৱে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিভিন্ন কোঠাত দিনৰ ১১ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয় বিজ্ঞান বিষয়ক বক্তৃতা, যাদুৰ আঁৰৰ বিজ্ঞান, ৰব'টিক বিজ্ঞান, দিনৰ ১২.৩০ বজাৰ পৰা কৃষি বিশেষজ্ঞৰ সৈতে কৃষকৰ মত বিনিময় আৰু ৰান্ধনিশালত বিজ্ঞান, সন্ধিয়া ৫ বজাত ছাত্ৰ-ছাত্ৰীৰ বাবে 'আকাশ চাওঁ আহা' শীৰ্ষক জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বহুমুখী কাৰ্যসূচীসমূহত সমল ব্যক্তি হিচাপে বিশিষ্ট শিক্ষাবিদ তথা বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱা, বিজ্ঞান আন্দোলনৰ কৰ্মী ৰিপুঞ্জয় বৰদলৈ, ডিএছআৰএলৰ মিছন সঞ্চালক অৰ্ণৱ বৰ্মন, কৃষি বিশেষজ্ঞ মৃণাল বৰ্মন, ডাঃ ৰাজেন ৰয়, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ কাৰিকৰী বিষয়া কল্যাণ হাজৰিকা প্ৰমুখ্যে ব্যক্তিসকলে অংশগ্ৰহণ কৰিব।

সন্মিলনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ইলোৰা বিজ্ঞান মঞ্চৰ শাখাসমূহৰ পৰা ডেৰ শতাধিক নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ৮ এপ্ৰিলৰ পুৱা ৯.৩০ বজাত পতাকা উত্তোলন আৰু ১০ বজাত শোভাযাত্ৰাৰ মাজেৰে প্ৰতিনিধি সন্মিলন আৰম্ভ হ'ব।

প্ৰতিনিধি সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বিশিষ্ট বিজ্ঞানী তথা জনবিজ্ঞান আন্দোলনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শীৰ্ষস্থানীয় নেতা, দিল্লী চায়েন্স ফ'ৰামৰ ডি ৰঘুনন্দনে। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰথিতযখা বিজ্ঞানী তথা সাহিত্য একাডেমি বঁটাপ্ৰাপ্ত জনপ্ৰিয় বিজ্ঞান লেখক ড° দীনেশ চন্দ্ৰ গোস্বামী, চকুৰোগ বিশেষজ্ঞ তথা গুৱাহাটীৰ শ্ৰীশংকৰদেৱ নেত্ৰালয়ৰ প্ৰতিষ্ঠাপক চিকিৎসা সঞ্চালক ডাঃ হৰ্ষ ভট্টাচাৰ্য, জনবিজ্ঞান আন্দোলনৰ একনিষ্ঠ কৰ্মী-লেখক ক্ষীৰধৰ বৰুৱা, কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক তথা বিশিষ্ট বিজ্ঞান লেখক ড° পবন কুমাৰ চহৰীয়াই।

৮ এপ্ৰিলৰ দিনৰ ৩ বজাৰ পৰা ৫ বজালৈ বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ লগত যুক্ত সম-মনোভাৱাপন্ন সংগঠনসমূহৰ সৈতে মত বিনিময় কৰি সমাজৰ বাবে ক্ষতিকৰ অন্ধবিশ্বাসবোৰ নিৰ্মূল কৰা, পৰিৱেশ ৰক্ষা আদি কিছুমান বিষয়ত যৌথ কাম-কাজ কৰাৰ উদ্যোগ গ্ৰহণ কৰা হ'ব। ৯ এপ্ৰিলত মূলতঃ প্ৰতিনিধি সন্মিলনৰ মাজেৰে বিগত সময়ছোৱাৰ কাম-কাজৰ পৰ্যালোচনা তথা ভৱিষ্যতৰ কৰ্মপন্থাৰ ৰূপৰেখা নিৰ্ণয়, বিভিন্ন প্ৰস্তাৱ গ্ৰহণ, নতুন কমিটি গঠন আদিৰ মাজেৰে সন্মিলনৰ সমাপ্তি হ'ব।

অসমত বৈজ্ঞানিক মানসিকতাৰ আন্দোলনক অনুপ্ৰাণিত আৰু ত্বৰান্বিত কৰাৰ লক্ষ্যৰে সন্মিলনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ আৰু ইয়াক সফল কৰাৰ বাবে আগুৱাই আহিবলৈ ৰাজ্যৰ সর্বস্তৰৰ যুক্তিবাদী, বিজ্ঞানমনস্ক জনসাধাৰণৰ প্ৰতি ইলোৰা বিজ্ঞান মঞ্চই আহ্বান জনাইছে।

মঙলবাৰে সংবাদ-মেল সম্বোধন কৰে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামী, বিশিষ্ট শিক্ষাবিদ-বিজ্ঞানী তথা কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ড° পবন কুমাৰ চহৰীয়া, জ্ঞান বিজ্ঞান সমিতি অসমৰ নৱ নিৰ্বাচিত সভাপতি তথা এআইপিএছএনৰ নেতা, নৰ্থ গুৱাহাটী কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তপন কুমাৰ শৰ্মা আৰু মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্তই।

ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ ৰাজ্যিক সন্মিলন
২০০০ কোটি টকা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী! আদালতৰ চমন জাৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in