মন্ত্ৰী যোগেন মহনৰ সমষ্টি উন্নয়নৰ নমুনাঃ পথৰ মাজত একাঠু বোকা, দ গাঁত...

মন্ত্ৰী যোগেন মহনৰ সমষ্টি উন্নয়নৰ নমুনাঃ পথৰ মাজত একাঠু বোকা, দ গাঁত...
মন্ত্ৰী যোগেন মহনৰ সমষ্টি উন্নয়নৰ নমুনাঃ পথৰ মাজত একাঠু বোকা, দ গাঁত...

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লাকুৱা উন্নয়ন খণ্ডৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ বহু বাট-পথ,কালভাৰ্ট জৰাজীৰ্ণ হৈ পৰিছে। বিশেষকৈ বাৰিষাৰ সময়ত প্ৰতিবছৰেই অঞ্চলটোৰ প্ৰায়বোৰ গ্ৰাম্য পথেই বিধ্বস্ত ৰূপ লয়।

অঞ্চলটোৰ কেইবাটাও গ্ৰাম্য পথৰ জৰাজীৰ্ণ ৰূপে ৰাইজৰ বাবে ভীষণ সমস্যাৰ সৃষ্টি কৰিছে। পথসমূহৰ ওপৰত একাঠু বোকা- পানী জমা হৈ থকাত ৰাইজে অহা যোৱা কৰিব নোৱাৰা হৈছে।

নিমনাগড় গাঁও পঞ্চায়ত ১ নং ৱাৰ্ডৰ অধীনস্থ কোঁৱৰ গাঁও আৰু ভকত গাঁও পথৰ সংযোগী অতি গুৰুত্বপূৰ্ণ এটা পথটো দীৰ্ঘদিনৰ ধৰি পকী নোহোৱাৰ বাবে গাঁৱৰ অধিবাসীসকলে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট কষ্ট ভোগ কৰিব লগা হয়।

পথছোৱা কিছু অংশত শিল দিয়া আছে যদিও বাৰিষা কালত তাত সূষ্টি হোৱা বূহৎ বূহৎ গাঁতবোৰত পানী জমা হোৱাৰ বাবে ছাত্র-ছাত্রী, পথচাৰী আদি লোকৰ যাতায়াতৰ ক্ষেত্রত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।তেনেদৰে মাজগাঁও হৈ ভকত গাঁও প্ৰাথমিক বিদ্যালয় হৈ যোৱা পথৰ দুৰৱস্থায়ো যাতায়ত বিঘ্নিত কৰি তুলিছে।

এনেদৰে ভকত জংঘল হৈ কবৰস্থান লৈ যোৱা পথছোৱা একাঠু পানী জমা হৈ থকাত ছাত্ৰ -ছাত্ৰীসকলৰ উপৰিও সাধাৰণ ৰাইজে যাতায়ত কৰিব নোৱাৰা হৈছে।স্থানীয় ৰাইজে উক্ত পথটো নিৰ্মাণ বাবে প্ৰতিবাদী কাৰ্যসূচীৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী যোগেন মহন,তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাই অহাৰ পাছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই৷

ইয়াৰ উপৰিও অঞ্চলটোৰ গাৱঁ‌ৰ ভিতৰলৈ যোৱা বহু পথকেইটা পথ বৰ্তমান বাৰিষা সময়ছোৱাত শোচনীয় হৈ পৰিছে। স্থানীয় ৰাইজে বিধ্বস্ত হৈ পৰা পথসমূহ অতিশীঘ্ৰে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে৷

মন্ত্ৰী যোগেন মহনৰ সমষ্টি উন্নয়নৰ নমুনাঃ পথৰ মাজত একাঠু বোকা, দ গাঁত...
৫ লাখ টকীয়া এটা শৌচালয় নিৰ্মাণতো অতুল বৰাৰ সমষ্টিত চলে কমিছনৰ অংক !

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in