৫ লাখ টকীয়া এটা শৌচালয় নিৰ্মাণতো অতুল বৰাৰ সমষ্টিত চলে কমিছনৰ অংক !

৫ লাখটকীয়া এটা শৌচালয় নিৰ্মাণতো অতুল বৰাৰ সমষ্টিত চলে কমিছনৰ অংক !
৫ লাখটকীয়া এটা শৌচালয় নিৰ্মাণতো অতুল বৰাৰ সমষ্টিত চলে কমিছনৰ অংক !

ডিজিটেল সংবাদ কাজিৰঙাঃ কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিত উন্নয়নৰ নামত অহা লাখে লাখে টকা গোগ্ৰাসে গিলিছে একাংশ নেতা-পালিনেতাই ৷ তিনিবছৰেও নিৰ্মাণ সম্পূৰ্ণ নহল পাচলাখটকীয়া এটা Sanitary Facilities শৌচালয় ৷

উল্লেখ্য যে ২০২০-২১ বৃত্তীয় বৰ্ষতে পশ্চিম কাজিৰঙা গাওঁ পঞ্চায়তৰ অন্তগত হাতীখুলিৰ ৭ নং লাইনত এটা শৌচালয় নিৰ্মাণৰ ঠিকা লাভ কৰিছিল মন্ত্ৰী অতুল বৰাৰ দলীয় কাৰ্য্যকৰ্তা মুকুল দাসে ৷ ৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হ'বলগীয়া শৌচালয়টো এতিয়া গৰুৰ গোহালিত পৰিণত হৈছে ৷

নিজৰ দলীয় নেতা-কৰ্মীক এইসমূহ কাম কেৱল কমিছনৰ অংকত দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী স্থানীয় নেতাই এই সন্দৰ্ভত প্ৰশ্ন কৰি কয়, পঞ্চদশ বিত্তীয় বৰ্ষৰ মাত্ৰ ৫ লাখ টকায়ী এই কামটো ২০২০-২১ তে আৰম্ভ হৈছিল আৰু এতিয়া ২০২৩ হ'লহি।

৫ লাখ টকীয়া এটা কাম কৰিবলৈ ইমান সময়ৰ প্ৰয়োজন হয়নেকি? যদি ৫ লাখ টকাৰ এটা শৌচালয় নিৰ্মাণ কৰোঁতেই ইমান সময়ৰ প্ৰয়োজন হয়, তেন্তে কাজিৰঙা বা বোকাখাত সমষ্টিৰ উন্নয়ন ক'ৰ পৰা হ'ব?

তাৰোপৰি তেওঁ অভিযোগ কৰি কয়, ৫ লাখ টকীয়া এই শৌচালয়টো যেনেদৰে নিৰ্মাণ কৰিব লাগিছিল তেনেদৰে নিৰ্মাণ কৰা হোৱা নাই। এতিয়া সেই শৌচালয়টো গৰু গোঁহালিতকৈও বেয়া অৱস্থাত আছে।

গৰু গোঁহালিও ব্যৱহাৰ কৰিব পাৰি কিন্তু সেই শৌচালয়টো ব্যৱহাৰ কৰিব নোৱাৰি। লগতে তেওঁ কয়, এনেধৰণৰ পৰিস্থিতি অব্যাহত থাকিলে, উন্নয়নৰ নামত কেৱল বৃহৎ শূণ্য হিচাপে পৰিগণিত হোৱা বোকাখাত সমষ্টিত মুখঠেকেচা খাৱ অতুল বৰাই ৷

৫ লাখটকীয়া এটা শৌচালয় নিৰ্মাণতো অতুল বৰাৰ সমষ্টিত চলে কমিছনৰ অংক !
ধেমাজি তেলিজানত মটৰচাইকেল দুঘৰ্টনাঃ উদ্ধাৰ মৃতদেহ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in