টাই ম'লুংৰ মন্ত্রোচ্চাৰণেৰে মুখৰিত চৰাইদেউ

উপৰিপুৰুষক স্মৰণ কৰি ঐতিহাসিক চৰাইদেউ মৈদামত মে - ডাম - মে - ফি ৷

author-image
Asomiya Pratidin
New Update
টাই ম'লুংৰ মন্ত্রোচ্চাৰণেৰে মুখৰিত চৰাইদেউ

ডিজিটেল সংবাদ,চৰাইদেউঃ উপৰিপুৰুষৰ পূজা কৰা টাই আহোমসকলৰ এক পৰম্পৰা। এই পৰম্পৰাই হৈছে মে-ডাম-মে-ফী। টাই আহোমসকলে পূৰ্বপুৰুষৰ মৃতকসকলক সমূহীয়কৈ পূজা-অৰ্চনা কৰি জাতিটোৰ লগতে ৰাজ্য আৰু দেশৰ মংগল কামনা কৰে।

Advertisment

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত প্ৰতি বছৰ দৰে এইবাৰো সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে মে-ডাম- ফি উদযাপন কৰে ৷ পুৱা পতাকা উত্তোলন,মৈদাম তৰ্পণেৰে আৰম্ভ হয় এই কাৰ্যসূচী ৷ টাই ম'লুংৰ দ্বাৰা বান-ফি পূজা সম্পন্ন কৰে ৷ উপৰিপুৰুষক স্মৰণ কৰি টাই ম'লুংৰ মন্ত্রোচ্চাৰণেৰে মুখৰিত চৰাইদেউ আকাশ- বতাহ।

Also Read: কলেজ শিক্ষক সন্থালৈ বিনম্ৰতাৰে এক অনুৰোধ...

me dam me phi choraideu