কৃত্রিম বানৰ কবলত মথুৰাপুৰৰ বিস্তীৰ্ণ অঞ্চল...

কৃত্রিম বানৰ কবলত মথুৰাপুৰৰ বিস্তীৰ্ণ অঞ্চল...

ডিজিটেল সংবাদ, মথুৰাপুৰঃ বৃহস্পতিবাৰে নিশা হোৱা নেৰানেপেৰা বৰষুণৰ বাবে চৰাইদেউ জিলাৰ মথুৰাপুৰৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানত প্লাৱিত হৈ পৰে। এইক্ষেত্ৰত অঞ্চলটোৰ বিৰছা নগৰ এলেকাত বাঢ়নী পানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে।

নাজিৰা বিধান সভা সমষ্টিৰ চুকাফা গাঁও পঞ্চায়ত এলেকাৰ অধীনস্থ সংশ্লিষ্ট অঞ্চলটোত উপযুক্ত নলা নৰ্দমাৰ অভাৱৰ ফলতে এই কৃত্ৰিম বান সৃষ্টি হোৱা বুলি চিহ্নিত হৈছে ৷ অঞ্চলটোত বাঢ়নী পানীয়ে বাট পথ, ঘৰ-বাৰী বুৰাই এক অবৰ্ণনীয় পৰিবেশ সৃষ্টি কৰে।

পুৱাৰে পৰা অঞ্চলটোত বাঢ়নী পানীৰ ঢল ববলৈ ধৰাত স্থানীয় শংকৰদেৱ শিশু নিকেতনৰ ছাত্র-ছাত্ৰীসকলে এক বিপদসংকুল অৱস্থাৰ মাজেদি বিদ্যালয়লৈ আহিবলগীয়া হয়। পৰৱৰ্তী সময়ত বিদ্যালয় কৰ্তৃপক্ষই কৃত্ৰিম বানৰ বাবে আজি শিক্ষানুষ্ঠানখন অৰ্দ্ধ ছুটি দিবলগীয়া হয় ৷

কৃত্রিম বানৰ কবলত মথুৰাপুৰৰ বিস্তীৰ্ণ অঞ্চল...
বৰমাত কৃতি ছাত্ৰ-ছাত্ৰীক বড়ো সাহিত্য সভা-এবছুৰ সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in