/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/61863e93-61cc-4c6a-9811-025b7015e2d7/12.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ নামদাং গোহাঁই গাঁৱখনৰ জনসাধাৰণে অনুষ্ঠিত কৰিলে এক বিশেষ অনুষ্ঠান ৷ দূৰ দূৰণিলৈ বিয়া দি উলিয়াই পঠিওৱা এই গাঁওখনৰ জীয়ৰীসকলক প্ৰমূখ্য কৰি এক চিনাকি পৰ্ব অনুষ্ঠান আয়োজন কৰে।
নামদাং গোহাঁই গাওঁ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ আয়োজন কৰা হয় ন-পুৰণি বিবাহিতা জীয়াৰীৰ মিলন পৰ্ব শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান। এই অনুষ্ঠানত গাঁওখনৰ পৰা বিয়া দি উলিয়াই দিয়া জী-জোঁৱাইসকলে অংশগ্ৰহণ কৰি পুৰণি দিন সোঁৱৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/5d856d0f-9618-4f5a-8f45-381af8a1a24f/de6fb745_28dd_4ef4_9962_b323c2c99308.jpg)
অনুষ্ঠানৰ প্ৰথম দিনা চিত্ৰাংকণ, কবিতা আবৃত্তি আৰু সাধু কোৱা প্ৰতিযোগিতা আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। মুকলি সভা আৰু জী-জোঁৱাইসকলৰ চিনাকী পৰ্বৰ লগতে নিশালৈ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।
Also Read: চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব : দিনৰ ১১-০০বজালৈকে হোৱা ভোটদানৰ হাৰ...