মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ চৰকাৰ ভংগৰ দাবীৰে চৰাইদেউত প্ৰতিবাদ...

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ চৰকাৰ ভংগৰ দাবীত চৰাইদেউত প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ চৰকাৰ ভংগৰ দাবীৰে চৰাইদেউত প্ৰতিবাদ...

ডিজিটেল সংবাদ, চৰাইদেউঃ দীৰ্ঘদিনে অশান্ত হৈ আছে চুবুৰীয়া ৰাজ্য মণিপুৰ । দুটা ফৈদৰ মাজত হোৱা সংঘাতৰ ফলত অগ্নিগৰ্ভা হৈ আছে ৰাজ্যখন । চুবুৰীয়া ৰাজ্যখনৰ অশান্ত জৰ্জৰ পৰিস্থিতিক লৈ প্ৰতিবেশী ৰাজ্যসমূহো চিন্তিত হৈ আছে । এই লৈ বৃহস্পতিবাৰে চৰাইদেউত যুৱ-ছাত্ৰ পৰিষদে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ৷

Advertisment

ধাৰাষাৰ বৰষুণৰ মাজতো সোণাৰিত যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ প্ৰতিবাদ সাব্যস্ত কৰে।মণিপুৰত শান্তি-শৃংখলা ৰক্ষা কৰাত মণিপুৰ চৰকাৰ চূড়ান্ত ভাৱে ব্যৰ্থ হোৱাৰ পৰিপেক্ষিতত এন বিৰেণ সিঙৰ চৰকাৰ ভংগ কৰাৰ দাবীত এই প্ৰতিবাদ।মণিপুৰত চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰাৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

Also Read: চিৰাঙৰ পথৰ ওপৰত যান-বাহনৰ সলনি চলিছে ভূঁৰ...

protest N Biren