চিৰাঙৰ পথৰ ওপৰত যান-বাহনৰ সলনি চলিছে ভূঁৰ...

চিৰাঙৰ পথৰ ওপৰত যান-বাহনৰ সলনি চলিছে ভূঁৰ...

ডিজিটেল সংবাদ, চিৰাংঃ বিগত কিছুদিন ধৰি নেৰেনেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ নৈপৰীয়া অঞ্চলত বানপানীৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে । কিন্তু নৈপৰীয়া অঞ্চল নহলেও চিৰাং জিলা সদৰ কাজলগাঁও চহৰৰ এটা বিস্তীৰ্ণ অঞ্চলৰ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ বিগত সাতদিন ধৰি কৃত্ৰিম বানপানীৰ মাজত ডুব গৈ আছে । কাজলগাঁও পৌৰসভাৰ ২ নং ওৱাৰ্ড বৰতালোৱাৰ এই কৃত্ৰিম বানপানীৰ ফলত অঞ্চলটোৰ বাসিন্দাসকলৰ ঘৰদুৱাৰ জলমগ্ন হোৱাৰ উপৰি বাট পথ পানীৰ তলত বুৰ গৈছে ।

বৰ্তমান সময়ছোৱাত বৰতালোৱা অঞ্চলৰ বান পৰিস্থিতি এনে পৰ্যায় পাইছে গৈ যে বাট-পথত যান-বাহনৰ সলনি বন্যাক্ৰান্ত লোক সকলে যাতায়াতৰ বাৱে ভৰসা কৰিব লগা হৈছিল থাৰ্মকলৰ ভূঁৰৰ ওপৰত । কৃত্ৰিম বানপানীৰ মাজত ডুব যোৱা অঞ্চলটোৰ বাসিন্দা তথা ছাত্ৰ-ছাত্ৰীসকলে এতিয়া বাধ্যত পৰি থাৰ্মকলেৰে ভূঁৰ সাজি বিপদসংকুল ভাৱে অহা যোৱা কৰিব লগা হৈছে ।

কৃত্ৰিম বানপানীৰ এই কদৰ্যময় পৰিৱেশৰ মাজত বিগত এসপ্তাহ ধৰি বসবাস কৰিবলৈ বাধ্য হোৱা অঞ্চলবাসী ৰাইজে এই পৰিৱেশৰ পৰা কেতিয়া মুক্তি পাব তাৰ কোনো নিশ্চয়তা বিচাৰি পোৱা নাই । কাৰণ স্থানীয় লোকে সদৰি কৰা মতে যোৱা কেইবাবছৰৰ পৰা বাৰিষাৰ বতৰত অতিমাত্ৰা বৰষুণ দিলেই কৃত্ৰিম বানপানীৰ সৃষ্টি হয় ।

কাৰণ অঞ্চলটোৰ লোকসকলে অবৈজ্ঞানিক ভাৱে ঘৰ-দুৱাৰ নিৰ্মাণ কৰাৰ ফলত বৰষুণৰ পানী ওলাই যোৱাৰ নলা-নৰ্দমাসমূহ বন্ধ হৈ পৰিছে । ফলত বৰষুণৰ পানী ওলাই যাবলৈ নলা-নৰ্দমা নথকাৰ কাৰণেই বিশেষকৈ বিগত দুটা বছৰৰ পৰা এই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে ফলত অঞ্চলটোৰ বাসিন্দা সকলে জীয়াতু ভুগিব লগা বুলি মন্তব্য কৰে ।

বৰতালোৱা অঞ্চলৰ কৃত্ৰিম বানপানীৰ পৰা অঞ্চলবাসী ৰাইজক সঁকাহ দিবলৈ স্থানীয় জিলা প্ৰশাসন বা পৌৰসভাৰ জমা হৈ থকা পানী ওলাই যাবলৈ নতুন নলা নিৰ্মাণ কৰিব তাৰ বাবে অঞ্চলটোত চৰকাৰী ভূমি নথকাৰ বাৱে কিছু বিমোৰত পৰিছে বুলি স্থানীয় বাসিন্দাই জানিবলৈ দিছে । পিছত কাজলগাঁও পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া উপস্থিতিত স্থানীয় বাসিন্দা এজনৰ পট্টা ভূমিত আৱদ্ধ হৈ থকা এটা নলা খুলি দিয়াত জমা হৈ থকা কিছু পানী ওলাই যোৱাত কৃত্ৰিম বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বাস্তৱক্ষেত্ৰত তাৰ কোনো বিশেষ সুফল ভুক্তভোগী ৰাইজে পোৱা নাই ।

চিৰাঙৰ পথৰ ওপৰত যান-বাহনৰ সলনি চলিছে ভূঁৰ...
ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পানীত বাগৰিল ভাৰ্ণা গাড়ী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in