১৩ নৱেম্বৰত চৰাইদেউ জিলাত স্থানীয় বন্ধ ঘোষণা

১৩ নৱেম্বৰত চৰাইদেউ জিলাত স্থানীয় বন্ধ ঘোষণা

author-image
Asomiya Pratidin
New Update
১৩ নৱেম্বৰত চৰাইদেউ জিলাত স্থানীয় বন্ধ ঘোষণা

ডিজিটেল সংবাদ, চৰাইদেউঃ অহা ১৩ নৱেম্বৰৰ দিনা চৰাইদেউ জিলাত জিলা আয়ুক্তই স্থানীয় বন্ধ ঘোষণা কৰিছে। এই সন্দৰ্ভত জিলা আয়ুক্ত নিৱেদন দাস পাটোৱাৰীয়ে যোৱা ৬ নৱেম্বৰত এক আদেশ যোগে কালী পূজা আৰু দীপাৱলিৰ উপলক্ষত এন.আই. এক্টৰ অধীনত চৰাইদেউ জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে।

উক্ত দিনা ৰাজহ আৰু দণ্ডাধীশ আদালত, শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠানকে ধৰি সকলো ৰাজ্য চৰকাৰৰ কাৰ্যালয় বন্ধ থাকিব। অৱশ্যে জৰুৰীকালীন সেৱা আৰু বিভিন্ন ধৰণৰ পৰীক্ষা, লিখিত পৰীক্ষা, সাক্ষাৎকাৰ আদি আনুষংগিক সেৱাৰ সৈতে জড়িত সকলো কৰ্তব্য আৰু সেৱাত এই বন্ধৰ কোনো প্ৰভাৱ নপৰে বুলি আদেশটোত উল্লেখ কৰা হৈছে।

Also Read: ছাত্ৰীৰ বাবে ২% 'ঋতুস্ৰাৱৰ ছুটী'ৰ অনুমোদন গুৱাহাটী বিশ্ববিদ্যালয়ৰ

charaideo