/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c14ba5ce-1a23-416e-a606-c8300a51784b/Junmoni.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ : ৰাজ্যখনত চলি থকা এটাৰ পাছত আনটো ঘটনাৰ স্বত্বেও ওৰ পৰা নাই জোনমণি ৰাভাৰ মৃত্যু প্ৰসংগ। ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ লগতে আৰক্ষী প্ৰশাসনক কঁপাই যোৱা জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও গৰিষ্ঠ সংখ্যক লোকে এইয়া এক হত্যাকাণ্ড বুলি মতপোষণ কৰি আহিছে। যাৰ ফলশ্ৰুতিত চিআইডিৰ পৰা এই মৃত্যুৰ অনুসন্ধান চিবিআইক প্ৰদান কৰা হ'ল যদিও জোনমণিৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি অব্যাহত আছে বিভিন্ন প্ৰতিবাদ তথা দাবী।
অসমীয়া যুৱ মঞ্চই ইতিমধ্যে জোনমণি ৰাভাৰ মৃত্যুৰ নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি এমাহযোৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে। ইয়াৰে এক অংশৰূপে শনিবাৰে শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'ল প্ৰাঙ্গণত অসমীয়া যুৱ মঞ্চৰ নাৰী শাখা অসমীয়া মহিলা মঞ্চৰ উদ্যোগত জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত তদন্ত বিচাৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসমীয়া মহিলা মঞ্চৰ প্ৰায় শতাধিক মহিলাই হাতে হাতে প্লেকাৰ্ড-ফেষ্টুন লৈ "জাষ্টিছ ফ'ৰ জোনমণি ৰাভা" নামক এক ন্যায় দাবী উত্থাপন কৰে। মহিলা মঞ্চৰ শিৱসাগৰ জিলাৰ সম্পাদিকা পাপৰি বৰুৱা ফুকনে কয় যে, "জোনমণি ৰাভা কেৱল এগৰাকী আৰক্ষী বিষয়া নহয়, তেওঁ প্ৰথম এগৰাকী নাৰী"।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/998086f9-01e5-4546-907b-50c213e3d67e/22282813_ce52_4f2d_aa8d_01b687559f90.jpg)
গতিকে তেওঁৰ ৰহস্যজনক মৃত্যুক আমি মহিলা মঞ্চে সহজে ল'ব পৰা নাই। দুৰ্ঘটনা বুলি প্ৰমাণ কৰিব বিচৰা এই ৰহস্যজনক মৃত্যুৰ বহু কেইটা দিশ উন্মোচিত হৈছে। এই সমূহৰ বাবে এই মৃত্যু দুৰ্ঘটনা নহৈ পৰিকল্পিত হত্যা হোৱাৰ বহু সম্ভাৱনা আছে। সেয়েহে আমি ইয়াৰ উচিত আৰু নিৰপেক্ষ তদন্ত দাবী কৰিছো। এনে নহওঁক যে এগৰাকী দক্ষ মহিলা বিষয়াক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দি অপৰাধী সাৰি যাব। আমাৰ দাবী এক নিৰপেক্ষ আৰু উচিত তদন্ত বুলি নেত্ৰী গৰাকীয়ে মন্তব্য কৰে। পৰৱৰ্তী সময়ত যদি চৰকাৰে উচিত তদন্তৰ ব্যৱস্থা নকৰে তেন্তে পুনৰ অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চে প্ৰতিবাদী কাৰ্যসূচী হাতত লব বুলিও পাপৰি বৰুৱা ফুকনে সদৰী কৰে।
Also Read: শতাধিক মাতৃৰ অংশগ্ৰহণেৰে শ্ৰীপানী শংকৰদেৱ শিশু নিকেতনত মাতৃ সন্মিলন...