শতাধিক মাতৃৰ অংশগ্ৰহণেৰে শ্ৰীপানী শংকৰদেৱ শিশু নিকেতনত মাতৃ সন্মিলন...

শংকৰদেৱ শিশু নিকেতন, শ্ৰীপানীত শনিবাৰে নিকেতনৰ ২০২৩ বর্ষৰ মাতৃ সন্মিলনখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়

author-image
Asomiya Pratidin
New Update
শতাধিক মাতৃৰ অংশগ্ৰহণেৰে শ্ৰীপানী শংকৰদেৱ শিশু নিকেতনত মাতৃ সন্মিলন...

ডিজিটেল সংবাদ, ধেমাজি : শ্ৰীপানী অঞ্চলৰ অন্যতম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন, শ্ৰীপানীত শনিবাৰে নিকেতনৰ ২০২৩ বর্ষৰ মাতৃ সন্মিলনখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। শিশুৰ সৰ্বাঙ্গীন বিকাশত মাতৃৰ ভূমিকা আৰু মাতৃসকলে কৰণীয় কামৰ বিষয়ে পৰ্যালোচনা কৰি মাতৃসকলক সজাগ কৰি তোলাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় মাতৃ সন্মিলনখন।

Advertisment

অনুষ্ঠানত পুৱা বন্তি প্ৰজ্বলন কৰে শ্ৰীপানী গাঁও পঞ্চায়তৰ সভানেত্ৰী দীপ্তি বৰুৱাই। ইয়াৰ পিছতে নিকেতনৰ প্ৰধান আচাৰ্য্য দয়ানন্দ চেতিয়াই আঁত ধৰা মাতৃ সন্মিলনখন পৰিচালনা কৰে সমাজকৰ্মী ৰূপা চুতীয়াই। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি মৰিধল মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহযোগী অধ্যাপিকা হিৰণ্য গগৈয়ে উপস্থিত মাতৃসকলে শিশুৰ চৰিত্ৰ গঠন আৰু শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ সম্পৰ্কত বিস্তৃত আলোচনা আগবঢ়ায় ।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পুষ্পা চেতিয়া, দেউৰী স্বায়ত্বশাসিত পৰিষদৰ সদস্যা বীণাপাণি দেউৰী, পূৰ্ণিমা বৰপাত্ৰৰ লগতে ১১০ গৰাকী মাতৃয়ে অংশগ্ৰহণ কৰে বুলি জানিবলৈ দিছে নিকেতনখনৰ প্ৰধান আচাৰ্য্য দয়ানন্দ চেতিয়াই।

Also Read: ৰজাপথাৰ উ: মা: বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ...

education department of assam