শিৱসাগৰত অনাতাঁৰ ইদুল  আলী আহমেদক  জিকিৰ সাধনা বটাঁ-২০২৪ প্ৰদান

শিৱসাগৰত অনাতাঁৰ ইদুল  আলী আহমেদক  জিকিৰ সাধনা বটাঁ-২০২৪ প্ৰদান

 ডিজিটেল সংবাদ, শিৱসাগৰ: প্ৰচাৰবিমুখ জিকিৰ শিল্পী ইদুল আলী আহমেদক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিকিৰ সাধনা বঁটা প্ৰদান কৰা হয় ৷ শিৱসাগৰ চহৰৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ নিলগৰ কৰদ্দৈগুৰি অঞ্চলৰ লোকশিল্পী গৰাকীয়ে সুদীৰ্ঘকাল জিকিৰ পৰিবেশন কৰি আহিছে ৷ তেওঁ এগৰাকী অনাতাঁৰ শিল্পী ৷ অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে শৈশৱৰে পৰা জিকিৰ চৰ্চা কৰি আহিছে ৷ বাঘ হাজৰিকা জাগৰণ মঞ্চই এইগৰাকী শিল্পীক সম্বদ্ধনা তথা বঁটা প্ৰদান কৰাৰ বাবে শিৱসাগৰ প্ৰেছ ক্লাবত এক অনুষ্ঠান অনুষ্ঠিত কৰে ৷

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠান উদ্বোধন কৰি শিৱসাগৰ কলেজ, জয়সাগৰৰ প্ৰাক্তন অধ্যাপিকা হাস্না আৰা বেগমে কয় যে -  শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা বৰগীতৰ দৰে হজৰত আজানপীৰ চাহাবে সৃষ্টি কৰা জিকিৰসমূহ অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। জিকিৰ গীতসমূহত এক আধ্যাত্মিক তাৎপৰ্য আছে। জিকিৰৰ মাজেৰে হজৰত আজান পীৰে যি বিলাক কথা উল্লেখ কৰি গৈছে সেই দিশ বিলাকক অধ্যয়ন কৰি  আগুৱাই নিবলৈ সক্ষম হলেহে ঐক্য,সম্প্ৰতি,নিকা আৰু স্বচ্ছ সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত যিকোনো লোকেই সফল হ'ব পাৰিব।

শ্ৰীমন্ত শংকৰদেৱৰ দৰে হজৰত আজানপীৰ চাহাবৰ নামটো বিশ্ববিদ্যালয় পৰ্যায়ত এখন আসন প্ৰতিষ্ঠা হ’ব লাগে।  ভাষণ প্ৰসংগত তেওঁ কয় যে,আজান পীৰ চাহেবে কোনো এটা নিৰ্দিষ্ট ধৰ্ম বা সম্প্ৰদায়ৰ বাবে জিকিৰ ৰচনা কৰা নাছিল। মহা মানৱ গৰাকীয়ে এই জিকিৰ ৰচনা কৰিছিল মানৱ সমাজৰ বাবে। সেয়ে অসমৰ লগতে ভাৰতীয় প্ৰেক্ষাপটতো জিকিৰৰ আদৰ আৰু প্ৰাসংগিকতা আছে। জিকিৰৰ মাজেৰে হজৰত আজান পীৰে জাতি জনগোষ্ঠীৰ ভাৱধাৰাৰ অপূৰ্ব সংমিশ্ৰণ ঘটাইছিল। যাৰ বাবে আজি অসমীয়াৰ মুখে মুখে জিকিৰ শুনা পোৱা যায়।

অসমৰ অন্যতম জনপ্ৰিয় লোক সংগীতৰূপে সৰ্বজন সমাদৃত হৈছে যদিও গীতবোৰৰ সাহিত্যিক মূল্যায়ন হোৱা নাই, সংশ্লিষ্ট আলোচনাও হোৱা নাই বুলি আক্ষেপ কৰি পীৰজনাৰ জীৱন আৰু কৰ্মৰ বিষয়ে গভীৰভাৱে গৱেষণা কৰিবৰ বাবে সকলোৰে প্ৰতি আহ্বান জনাইছে।

    মঞ্চৰ জিলা সমিতিৰ সভাপতি চোনাববা আলীয়ে সভাপতিত্ব কৰা তথা মুখ্য সম্পাদক আনচাৰউদ্দিন বড়া আৰু সম্পাদক আছাদউল্লাই আঁত ধৰা বঁটা প্ৰদান সভাখনত  নজিউল্লা হাজৰিকা আৰু আব্দুল মোস্তাকৰ যুটীয়া সম্পাদনাত প্ৰকাশ পোৱা স'ৰাগুৰিৰ সুৰ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰি  বিশিষ্ট সাংবাদিক মনোজ বৰঠাকুৰে আজান পীৰ চাহেবৰ জিকিৰ আৰু জাৰিগীতৰ মাজত নিহিত থকা চুফী দৰ্শনৰ মৰ্মাথৰ লগত সনাতন হিন্দু দৰ্শনৰ বৈৰাগ্য আৰু আধ্যাত্মিক ৰহস্যবাদৰ ওচৰ সম্পৰ্কৰ বিষয়ে কয়। 

ইছলাম দৰ্শন আৰবত জন্ম লৈ সমগ্ৰ মধ্য আৰু দক্ষিণ এচিয়া,ইউৰোপ,উত্তৰ আফ্ৰিকা, ইউৰোপ আৰু আমেৰিকালৈ বিয়পি যোৱাৰ লগতে সেই ঠাইসমূহৰ প্ৰাচীন ধৰ্মসংস্কৃতিৰ লগত হোৱা সমন্বয়ৰ ফলতে চুফীবাদৰ এক সুকীয়া পৰম্পৰাৰ সৃষ্টি হয় বুলি বৰঠাকুৰে ব্যক্ত কৰে। 

     মঞ্চৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি পূৰ্ণেশ্বৰ চেতিয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত মঞ্চৰ ৰাজ্যিক সম্পাদক চামচুল বাৰিকে অসম বুৰঞ্জীত উল্লেখিত বাঘ হাজৰিকাৰ  স্বদেশ প্ৰেম আৰু বুদ্ধিমত্তাৰ বিষয়ে আলোচনা, বক্তৃতানুষ্ঠান আদি অনুষ্ঠিত হ’লেহে আমাৰ নতুন প্ৰজন্মই জাতিৰ এই বীৰ সকলে জাতিটোৰ প্ৰতি থকা দায়বদ্ধতা কি দৰে পালন কৰিছিল ইয়াক জানিব পাৰিব বুলি মন্তব্য কৰে।

    বিশিষ্ট কবি, সাহিত্যিক প্ৰেম গগৈৰ লগতে জিলা সমিতিৰ সভাপতি চোনাববা আলীয়ে শুভেচ্ছামূলক বক্তব্যত কয় যে- সাম্প্ৰতিক সময়ত অসমীয়া জাতিটো ভাগ ভাগ হোৱাৰ পৰিলক্ষিত হৈছে। ই জাতিটোৰ বাবে শুভলক্ষণ নহয়। ঐক্য-সংহতিৰে, সমন্বয় -সম্প্ৰীতিৰে আমি জাতিটোক আগুৱাই লৈ যাব লাগিব বুলি উল্লেখ কৰে। শিল্পী অৱন্তি বৰগোহাঁইয়ে গুৰুজনাৰ স্বৰচিত বৰগীত পৰিবেশন কৰে ৷

বঁটা প্ৰাপক অনাতাঁৰ শিল্পী ইদুল আলী আহমেদ আৰু তেওঁৰ সংগীবৃন্দই জিকিৰ পৰিৱেশন কৰা  সভাখনত বঁটাৰ দাতা পৰিয়ালৰ  হাচনা বেগম, তনয়া চেহনাজ বেগম আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ, প্ৰয়াত ফৰিদুজ জামানৰ পৰিয়ালবৰ্গ, কবি তৰুণ নাথ, মোস্তাফা আলী, ৰমিজ আলীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । জিকিৰ সাধনা ব্টাৰ লগত সংগতি ৰাখি চতুৰ্থ বৰ্ষৰ বাবে এইবাৰ প্ৰয়াত  আকিলুৰ ৰহমান সোঁৱৰণী "জিকিৰ সাধনা বটা"-২০২৪ প্ৰদান কৰা হয় বিশিষ্ট অনাতাঁৰ শিল্পী ইদুল আলী আহমেদক।

বঁটা গ্ৰহণ কৰি আৱেগিক হৈ পৰা শিল্পীগৰাকীয়ে শিল্পীসকলৰ জীৱন সংগ্ৰামৰ বহু কথা উল্লেখ কৰি কেইবাটাও  জিকিৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। ফকৰুদ্দিন আহমেদে সম্বৰ্ধনা পত্ৰ পাঠ কৰা অনুষ্ঠানত শিল্পী ইদুল আলী আহমেদক বঁটাৰ লগতে  গামোচা, চেলেং চাদৰ, সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়।  আছাদ উল্লাই  চৈয়দ জেহিৰুল হুদাৰ এটি স্বৰচিত কবিতা পাঠ কৰা সভাত কেইবাগৰাকী ব্যক্তিক মঞ্চৰ তৰফৰ পৰা এটি স্মাৰকে সম্বৰ্ধনা জ্ঞাপন কৰে।

ইফালে অনুষ্ঠানৰ লগত সংগতি ৰাখি  মঞ্চৰ এটি সজাতি দল কোঁৱৰপুৰ অঞ্চলৰ ৮৬ বছৰে গৰকা জিকিৰৰ ওজা শুৱলা আলীৰ বাসগৃহত উপস্থিত হৈ তেওঁক মঞ্চৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে এটি আৰ্থিক অনুদান আগবঢ়ায়। অনুষ্ঠানত মঞ্চৰ জিলা সমিতিৰ মুখ্য সম্পাদক আনচাৰউদ্দিন বৰাৰ লগতে মঞ্চৰ কেইবাগৰাকী বিষয়ববীয়া আৰু কোঁৱৰপুৰ জাম্মে মছজিদৰ ৰেহিমুদ্দিন আহমেদ, মুকুল আলী, আব্দুচ চালাম,হাফিজুৰ ৰহমান, আছিয়া বেগম, চিমু বেগমেকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

শিৱসাগৰত অনাতাঁৰ ইদুল  আলী আহমেদক  জিকিৰ সাধনা বটাঁ-২০২৪ প্ৰদান
১৪০ কোটিৰ দেশবাসীয়ে মোৰ পৰিয়ালঃ প্ৰধানমন্ত্ৰী মোডী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in