অর্জুন ভোগেশ্বৰ বৰুৱাৰ বাসগৃহত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

অর্জুন ভোগেশ্বৰ বৰুৱাৰ বাসগৃহত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ডিজিটেল ডেস্কঃ অসম এথলেটিকছ সংস্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত স্বাধীনতা দিৱসৰ দিনটোতে অসমৰ প্রথম অর্জুন, ১৯৬৬ চনৰ এছিয়ান গেমছৰ স্বর্ণপদক আৰু ১৯৭০ চনৰ এছিয়াডৰ ৰূপৰ পদক বিজয়ী ভোগেশ্বৰ বৰুৱাৰ শিৱসাগৰস্থিত বাসগৃহত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। খেলুৱৈগৰাকীৰ খবৰ লোৱাৰ লগতে এথেলেটিকছৰ ক্ষেত্ৰত তেখেতৰ দিহা-পৰামৰ্শই বিচাৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য পুৱাৰ ভাগত শিৱসাগৰ জিলা প্রশাসনৰ উদ্যোগত শিৱসাগৰৰ বর্ডিং খেলপথাৰত কেন্দ্রীয় ভাৱে আয়োজিত স্বাধীনতা দিৱস অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। পতাকা উত্তোলন কৰি ভাষণ প্ৰসংগত উপস্থিত ৰাইজক কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমুখী আঁচনিসমূহৰ লগতে বিগত সময়ছোৱাত বিভিন্ন ক্ষেত্রত চৰকাৰে প্রদর্শন সম্পর্কে ৰাইজক অৱগত কৰে।

লগতে, স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি সভাস্থলীৰ সমীপত অনুষ্ঠিত বিভিন্ন বিভাগৰ প্রদর্শনীগৃহসমূহ নিৰীক্ষণ কৰে।

অর্জুন ভোগেশ্বৰ বৰুৱাৰ বাসগৃহত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
চাকৰি দিয়াৰ নামত লাখ লাখ টকা লৈছিল অনুৰাগ চলিহাইঃ বিজেপি নেত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in