/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/tnm8tgjt/namati 11.jpg)
নামতি ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় বক্তৃতানুষ্ঠান সম্পন্ন...
ডিজিটেল সংবাদ নামতিঃ শিৱসাগৰ জিলাৰ নামতিস্থিত ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত "মানসিক স্বাস্থ্য আৰু সৰ্বাংগীন বিকাশ" সম্পৰ্কীয় এক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বক্তৃতানুষ্ঠান সম্পন্ন হয় । এই বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে চুইজাৰলেণ্ড, জেনেভাৰ জনস্বাস্থ্য বিশেষজ্ঞ আৰু জীৱন উজ্জীৱন বিশেষজ্ঞ ( Public Health Expert & Life Transformation Coach) ডাঃ ডেইজী লেখাৰুৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/befmcfbw/bc7fe3c7-32ea-46bf-8263-b824b4a0c86e.jpg)
মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বক্তৃতানুষ্ঠাটি শুভ উদ্ধোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধ্ৰুৱজ্যোতি নাথে আৰু আঁত ধৰে মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক তথা শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড০ বিমান চন্দ্ৰ বৰাই। ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ উমাকান্ত হাজৰিকাই সমল ব্যক্তিগৰাকীৰ জীৱন আৰু কৃতিৰ পৰিচয় দাঙি ধৰে।
ডাঃ লেখাৰুৱে মানৱ জীৱনৰ লগত জড়িত বিভিন্ন বিষয়ৰ লগত মানসিক স্বাস্থ্য কেনেদৰে জড়িত হৈ থাকে, সেই বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায় আৰু সুখী জীৱন যাপনৰ বিভিন্ন কৌশল সম্পৰ্কে বক্তৃতা আগবঢ়ায়। শাৰীৰিক ব্যায়াম, ধ্যান তথা মানসিক ব্যায়াম আৰু উপযুক্ত খাদ্যাভ্যাসৰ ফলতহে এজন ব্যক্তি সু-স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে।
ইয়াৰ বাবে সকলো সচেতন হোৱা উচিত। তদুপৰি সুৰক্ষিত সমাজ তথা কৰ্মক্ষেত্ৰৰ সুস্থ পৰিৱেশ ব্যক্তিৰ মানসিক স্বাস্থ্যৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা বুলি সমল ব্যক্তিগৰাকীয়ে তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায়। অনুষ্ঠানটোত মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ লগতে ৩০০ৰো অধিক ছাত্ৰ -ছাত্ৰী উপস্থিত থাকে।
Also Read: শিৱসাগৰত আকৌ অনা অসমীয়াৰ আক্ৰমণ বলি থলুৱাঃ পুনৰ তীব্ৰ উত্তেজনা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us