আন্তঃ মহাবিদ্যালয় টেবুল টেনিছ চেম্পিয়নশ্বিপ : একেৰাহে তৃতীয়বাৰৰ বাবে শ্ৰেষ্ঠত্ব অৰ্জন শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ

আন্তঃ মহাবিদ্যালয় টেবুল টেনিছ চেম্পিয়নশ্বিপ : একেৰাহে তৃতীয়বাৰৰ বাবে শ্ৰেষ্ঠত্ব অৰ্জন শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ
Published on
Updated on

ডিজিটেল সংবাদ, শিৱসাগৰ : বিগত বৰ্ষৰ দৰে এই বৰ্ষতো নিজৰ যোগ্যতা প্ৰদৰ্শন কৰি আন্তঃ মহাবিদ্যালয় টেবুল টেনিছ চেম্পিয়নশ্বিপত ৩য়বাৰৰ বাবে শ্ৰেষ্ঠত্বৰ খিতাপ আজুৰি আনিবলৈ সক্ষম হৈছে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়। যোৱা ২৩ আৰু ২৪ অক্টোবৰত দুলীয়াজান মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা আন্তঃ মহাবিদ্যালয় টেবুল টেনিছ প্ৰতিযোগিতাত উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি উঠিল শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়।

উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে অনুষ্ঠিত হোৱা আন্তঃ মহাবিদ্যালয় বেডমিন্টন চেম্পিয়নশ্বিপতো একেৰাহে তিনিবাৰকৈ শ্ৰেষ্ঠত্ব অৰ্জনেৰে ক্ৰীড়া জগতত মহাবিদ্যালয়খনে নিজৰ জয়যাত্ৰা অক্ষুণ্ণ ৰাখিছে। দুলীয়াজানত অনুষ্ঠিত টেবুল টেনিছ প্ৰতিযোগিতাত বাণিজ্য মহাবিদ্যালয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পি. জি দলক ফাইনেলত পৰাস্ত কৰি শ্ৰেষ্ঠ মহিলা দল হিচাপে বিবেচিত হৈ স্বৰ্ণ পদক অৰ্জন কৰে।

তদুপৰি মহিলা একক খেলতো ক্ৰমে প্ৰথম , দ্বিতীয় আৰু তৃতীয় এই আটাইকেইটা স্থানতে জয়ী হৈ বাণিজ্য মহাবিদ্যালয়ে নিজৰ বিজয় ধ্বজ্জা উৰুৱায়। মহিলা দলীয় ইভেণ্টত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰে - আকাংক্ষা বৰপূজাৰী, দেৱাৰ্শনা পৰাশৰ আৰু ছানিয়া আফ্ৰুজ আহমেদে।

ইয়াৰ উপৰিও পুৰুষৰ দলীয় ইভেণ্টত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ে ৰূপৰ পদকেৰে ২য় শ্ৰেষ্ঠ পুৰুষ দল হিচাপে স্বীকৃতি পাইছে। পুৰুষৰ দলীয় শাখাত বাণিজ্য মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকল হৈছে - প্ৰিয়াংশু কাকতি, ৰিদম শৰ্মা , মৃণাল চৰকাৰ আৰু সুমাংশু দুৱৰা।

আন্তঃ মহাবিদ্যালয় টেবুল টেনিছ চেম্পিয়নশ্বিপত মহাবিদ্যালয়ৰ এই বিৰল সাফল্যত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তই খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে। মহাবিদ্যালয়ৰ এই কৃতিত্ব সমগ্ৰ শিক্ষা প্ৰতিষ্ঠানটিৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ বাবে এক গৌৰৱৰ থল।

উল্লেখনীয় যে - শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ পৰা ক্ৰীড়া জগতত শ্ৰেষ্ঠত্ব অৰ্জন কৰা অনেক ছাত্ৰ-ছাত্ৰীয়ে সম্প্ৰতি বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত নিয়োগ হৈ আছে। ই মহাবিদ্যালয়ৰখনৰ বাবে অন্ত্যন্ত ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে ।

আন্তঃ মহাবিদ্যালয় টেবুল টেনিছ চেম্পিয়নশ্বিপ : একেৰাহে তৃতীয়বাৰৰ বাবে শ্ৰেষ্ঠত্ব অৰ্জন শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ
ট্ৰেডিং কেলেংকাৰী: আজি CJMৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাব চুমি-তাৰ্কিক-বিশালক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in