/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/32c3feba-9315-41c1-8d55-c7c181b804c5/saoul.jpg)
প্লাষ্টিকৰ চাউল
ডিজিটেল সংবাদ, শিৱসাগৰঃ চৰকাৰী আঁচনিৰ বিনামূলীয়া চাউলৰ নামত দুখীয়া হিতাধিকাৰীক যোগান ধৰা হৈছে বৰ বিহসম নকল প্লাষ্টিকৰ চাউল । শিৱসাগৰ চহৰৰ ৯ নং ৱাৰ্ডৰ চৰকাৰী সুলভ মূল্যৰ পৰা যোগান ধৰা বিনামূলীয়া চাউলত মিহলি হৈ অহা প্লাষ্টিকৰ চাউল দেখি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
চহৰ খনৰ ৯ নং ৱাৰ্ডৰ এগৰাকী হিতাধিকাৰী আৱাসীৰ ঘৰত বৃহস্পতিবাৰে এনে প্লাষ্টিকৰ চাউল ধৰা পৰে । ভাত সিজাবৰ বাবে চাউল ধোৱাৰ সময়ত একাংশ চাউল উপঙি অহা পৰিলক্ষিত হয় ।
চাউল সমূহ পৰীক্ষা কৰাত দেখা গ’ল এইসমূহ নকল চাউল । খুন্দিলে ভাঙি নোযোৱা, পুৰিলে গলি যোৱা এই প্লাষ্টিকৰ চাউল সমূহ সিজালে এঠা ধৰি থোপ খাই যায় বুলি হিতাধিকাৰীয়ে ব্যক্ত কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e4dced2b-ed40-4b6b-bf15-f46d50b97d01/00cac7f1_3ca5_48d0_a6bc_015793da91e6.jpg)
এনেধৰণৰ চৰকাৰী বিনামূলীয়া চাউল অংগনবাড়ী কেন্দ্ৰৰ লগতে বহু কেইটা চৰকাৰী আঁচনিৰ বাবে যোগান ধৰি অহা হৈছে। দুখীয়া হিতাধিকাৰী ৰাইজে এনে নকল চাউল ভক্ষণ কৰি গুৰুতৰ শাৰীৰিক বিসংগতিত আক্ৰান্ত হ'লে ইয়াৰ দায়িত্ব কোনে লব বুলি প্ৰশ্ন উত্থাপন কৰিছে ।
কেৱল চৰকাৰী আঁচনিৰ চাউল কেইটাৰ ভৰষাত জীয়াই থকা দৰিদ্ৰ হিতাধিকাৰীয়ে চৰকাৰক কাতৰ আহবান কৰি কয় যদি বিনামূলীয়া চাউল দিছে আমাক ভাল চাউল দিয়ক ।
এনে বৰ বিহৰ দৰে চাউল খোৱাই আমাক নামাৰিব । চৰকাৰী আঁচনিৰ বিনামূলীয়া চাউলৰ লগত প্লাষ্টিকৰ চাউল মিহলি হে অহা ঘটনা জিলা প্ৰশাসনৰ লগতে ভাৰতীয় খাদ্য নিগমে কিদৰে গুৰুত্ব প্ৰদান কৰা সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷