অৰুণোদয় আঁচনিত ব্যাপক অনিয়মঃ চৰাইদেউ চুকাফা গাঁও পঞ্চায়ত উত্তপ্ত পৰিস্থিতি

author-image
Asomiya Pratidin
New Update
অৰুণোদয় আঁচনিত ব্যাপক অনিয়মঃ  চৰাইদেউ চুকাফা গাঁও পঞ্চায়ত  উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, চৰাইদেউ : চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলৰ বাবে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ৰাজ্যৰ বিভিন্ন ঠাইত এই আঁচনিৰ পৰা একাংশ মহিলা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে ৷ নাজিৰা সমষ্টিৰ অন্তগৰ্ত চুকাফা গাঁও পঞ্চায়তটো অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে বহুতো প্ৰকৃত হিতাধিকাৰী ।

Advertisment

পঞ্চায়তটোৰ অধীনৰ শতাধিক মহিলাই অৰুণোদয় আঁচনিত যোগ্য হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট নকৰি পঞ্চায়তখনে ব্যৱসায় কৰা লোকৰ পৰিয়ালক হিতাধিকাৰী নিৰ্বাচন কৰি বিসংগতিপূৰ্ণভাৱে তালিকা প্ৰস্তুত কৰাক লৈ আজি পঞ্চায়ত কাৰ্যালয়ত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷

পঞ্চায়তখনৰ প্ৰতিনিধি লগতে অঞ্চলটোৰ গাঁওবুঢ়াই নিজ মইমতালিৰে অৰুণোদয় আচঁনিৰ তালিকা প্ৰস্তুত কৰা বুলি অভিযোগ উত্থাপন কৰি পঞ্চায়তত আৰ্থিকভাৱে স্বচ্চল লোকক হিতাধিকাৰী নিৰ্বাচন কৰাত সৃষ্টি কৰা লৈ বঞ্চিত মহিলা সকলে এক উত্তপ্ত পৰিস্থিতি কৰে ৷

Also Read: ৰাজ্যৰ কৃষিখণ্ডৰ ভয়াৱহ ছবি, খেতি-বাতি, মাটিলৈ আমি যেন দিছো পিঠি

charaideu