ঐতিহাসিক এঙেৰা খাট পথাৰত কৃষিজীৱী ৰাইজৰ শ্ৰমদান...

স্বৰ্গদেউ চাওলুং চুকাফাৰ দিনতে কৃষি পথাৰ হিচাপে গঢ় লৈ উঠা এই এঙেৰা খাট পথাৰৰ পৰাই আহোম ৰাজত্বকালত ৰজাঘৰলৈ সকলো খাদ্য সামগ্ৰী গৈছিল বুলি প্ৰবাদ আছে।

author-image
Asomiya Pratidin
New Update
ঐতিহাসিক এঙেৰা খাট পথাৰত কৃষিজীৱী ৰাইজৰ শ্ৰমদান...

এঙেৰা খাট পথাৰত কৃষিজীৱী ৰাইজৰ শ্ৰমদান

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ এখন ঐতিহাসিক পথাৰ এঙেৰা খাট পথাৰ। বিশাল আকাৰৰ এই পথাৰখন বৰ্তমান বৰপথাৰ নামে পৰিচিত। স্বৰ্গদেউ চাওলুং চুকাফাৰ দিনতে কৃষি পথাৰ হিচাপে গঢ় লৈ উঠা এই এঙেৰা খাট পথাৰৰ পৰাই আহোম ৰাজত্বকালত ৰজাঘৰলৈ সকলো খাদ্য সামগ্ৰী গৈছিল বুলি প্ৰবাদ আছে।

Advertisment

উল্লেখযোগ্য যে, এই বৃহৎ পথাৰখনৰ মাজেদি বৈ গৈছে ঐতিহাসিক কলীয়া নৈ। বাৰিষা কালত এই নৈ অতিক্ৰম কৰি কৃষিজীৱি জনতাই নিজ নিজ কৃষি ভূমিলৈ অহা যোৱা কৰাত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে। স্থানীয় বিধায়ক তথা ৰাজহ মন্ত্ৰী যোগেন মহনে আগবঢ়াইছিল ১০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য । লগতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পকী কালভাৰ্ট বহুৱাবৰ বাবে আৱশ্যক হোৱা চাৰিটা কালভাৰ্ট আগবঢ়ায় ।

বিধায়ক দুজনে প্ৰদান কৰা সাহাৰ্যক সাৰথি কৰি দেওবাৰে অঞ্চলবাসী ৰাইজে নিজৰ মাজতে কিছু টকা পইচা উঠাই ঐতিহাসিক পথাৰ খনলৈ অহা-যোৱাৰ অসুবিধা দূৰ কৰিবলৈ হাতে কামে নামি পৰে।

উল্লেখযোগ্য যে খৰালি কালত এই সুবৃহৎ পথাৰখনত কৃষিজীৱী ৰাইজৰ বাবে খোৱা পানীৰ ব্যাপক সমস্যা হ’য় । এই সমস্যা দুৰ কৰিবৰ বাবে

সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কেবাটাও টিউবৱেল পথাৰ খনৰ বিভিন্ন ঠাইত বহুৱাৰ ব্যৱস্থা কৰে । আজিৰ শ্ৰমদানত জড়িত ৰাইজৰ লগতে পথাৰখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে ঐতিহাসিক পথাৰখন উপযুক্ত সংৰক্ষণ দাবী জনাইছে ৰাইজে ।

Also Read: লামডিঙত জব্দ বৃহৎ পৰিমাণৰ সন্দেহ জনক বাৰ্মিজ চুপাৰি...

#soraideo