লামডিঙত জব্দ বৃহৎ পৰিমাণৰ সন্দেহ জনক বাৰ্মিজ চুপাৰি...

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে চুপাৰি চিণ্ডিকেট । লামডিঙত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ সন্দেহ জনক বাৰ্মিজ চুপাৰি ।

author-image
Asomiya Pratidin
New Update
লামডিঙত জব্দ বৃহৎ পৰিমাণৰ সন্দেহ জনক বাৰ্মিজ চুপাৰি...

ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে চুপাৰি চিণ্ডিকেট । লামডিঙত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ সন্দেহ জনক বাৰ্মিজ চুপাৰি । লামডিং ৰেলৱে ষ্টেচনৰ সমীপৰ ৰেল লাইনৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰ চুপাৰিখিনি।

Advertisment

জব্দকৃত চুপাৰিখিনিৰ বজাৰ মূল প্ৰায় পাঁচ লাখ টকা। লামডিং ৰেল আৰক্ষীয়ে কোনো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই। লামডিং ৰেল আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Also Read: এনডিপিপি-বিজেপি মিত্ৰজোঁটৰ চৰকাৰলৈ নগা পিপলছ ফ্ৰণ্টৰ সমৰ্থন...

#LUMDINGRAILWAYPOLICE