'লাখ লাখ লোকে অসমত প্ৰৱেশ কৰিলে প্ৰতিবাদ মইও কৰিম'- মুখ্যমন্ত্ৰী

'লাখ লাখ লোকে অসমত প্ৰৱেশ কৰিলে প্ৰতিবাদ মইও কৰিম'- মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে শিৱসাগৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। জয়সাগৰৰ ডিমৌ পথাৰত নিৰ্মাণ কৰা অসম পুলিচৰ ২৫ নং বেটেলিয়নৰ ছাউনী উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগৰ সুৰক্ষাত নিয়োজিত ২৫ সংখ্যক বেটেলিয়নৰ ছাউনী ১৫ কোটি টকা ব্যয় সাপেক্ষে ১৩০ বিঘা ভূমিত নিৰ্মাণ কৰা হৈছে । পূৰ্বতে লিগিৰী পুখুৰীস্থিত ১ নং বেটলিয়নৰ সৈতে চামিল আছিল ২৫ নং বেটেলিয়ন । মুঠ ১১৪৫ জন জোৱানৰ বাবে নিৰ্মাণ কৰা ছাউনীৰ পূঁজি ব্যয় কৰিছিল তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগে ।

শিৱসাগৰত উপস্থিত হৈ 'কা' সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰে তাৎপৰ্যপূৰ্ণ মন্তব্য ৷ তেওঁ কয়, অসমত একেবাৰে কম সংখ্যকেহে আবেদন কৰিব ৷ ৪৫ দিনৰ পৰা দুমাহৰ ভিতৰত এই পৰিসংখ্যাটো স্পষ্ট হ'ব ৷ লাখ লাখ নহয়, কেইহাজাৰমানেহে নাগৰিকত্বৰ বাবে আবেদন কৰিব৷ মই প্ৰতিবাদকাৰীক সন্মান কৰোঁ, সঁচাকৈ লাখ লাখ লোকে যদি সোমাই মইও তাৰ বিৰোধিতা কৰিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

'লাখ লাখ লোকে অসমত প্ৰৱেশ কৰিলে প্ৰতিবাদ মইও কৰিম'- মুখ্যমন্ত্ৰী
৩মাহ ধৰি সন্ধানহীন ডি জে ডিয়নী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in