শিৱসাগৰত প্ৰধান শিক্ষয়িত্ৰীয়ে নিজ মইমতালিৰে কাটিলে বিদ্যালয় চৌহদৰ মূল্যৱান গছ

শিৱসাগৰত প্ৰধান শিক্ষয়িত্ৰীয়ে নিজ মইমতালিৰে কাটিলে বিদ্যালয় চৌহদৰ ১৭ জোপাকৈ মূল্যৱান গছ

author-image
Asomiya Pratidin
New Update
শিৱসাগৰত প্ৰধান শিক্ষয়িত্ৰীয়ে নিজ মইমতালিৰে কাটিলে বিদ্যালয় চৌহদৰ মূল্যৱান গছ

ডিজিটেল সংবাদ, নামতি: যি সময়ত অসম চৰকাৰে অমৃতবৃক্ষ আন্দোলনৰ দৰে অভিলাসী আঁচনিৰ জৰিয়তে কোটি কোটি টকা ব্যয়েৰে গছপুলি ৰোৱাৰ আয়োজন কৰিছে সেইসময়তে শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতি চাৰি আলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ কৰ্মকাণ্ড‌ই সমগ্ৰ নামতি অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Advertisment

এই গৰাকী প্ৰধান শিক্ষয়িত্ৰী বিৰু আৰন্ধৰাৰ বিৰুদ্ধে বন বিভাগ, প্ৰশাসন অথবা বিদ্যালয় পৰিচালনা সমিতি কাৰোৰে অনুমতি নোলোৱাকৈ বিদ্যালয়ৰ চৌহদৰ সৰ্বমুঠ ১৭ জোপাকৈ মূল্যবান গছ কাটি তহিলং কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।চলিত মাহৰ ৪ চেপ্তেম্বৰ দেওবাৰৰ দিনা বিদ্যালয় বন্ধ থকাৰ সুযোগ লৈ প্ৰধান শিক্ষয়িত্ৰী বিৰু আৰন্ধৰাই এজন লোকক নিজ মইমতালিৰে বিদ্যালয়ৰ চৌহদত থকা ১৭ জোপাকৈ মূল্যৱান গছ কটাৰ নিৰ্দেশ দিয়ে।

অভিযোগ অনুসৰি বিদ্যালয়ৰ পৰিচালনা সমিতিৰ কোনো সভাৰ অনুমোদন নোহোৱাকৈ প্ৰধান শিক্ষয়িত্ৰী বিৰু আৰন্ধৰাই ষাঠিৰ পৰা সত্তৰ বছৰ বয়সৰ সোণাৰু গছ, নাহৰ, মজ, আজাৰ, গমাৰিকে ধৰি বহুকেইজোপা মূল্যৱান গছ কাটি লৈ যোৱাৰ নিৰ্দেশ দিয়ে।

প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে বিদ্যালয়ৰ চৌহদৰ পৰা এনেদৰে মূল্যৱান গছ কাটি প্ৰকৃতি ধ্বংস কৰাৰ পিছতেই বৃহত্তৰ নামতি চাৰিআলিৰ সচেতন লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

সমগ্ৰ ঘটনাটো পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত বৰা অৱগত নহয় বুলি মন্তব্য কৰি বিদ্যালয়ৰ চৌহদৰ ভিতৰৰ পুৰণি গছবোৰ কাটি বিক্ৰি কৰাৰ সন্দৰ্ভত তেখেতে মনত দুখ পোৱাৰ লগতে সমগ্ৰ ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰে।

Also Read: ঢকুৱাখনা দৈনিক বজাৰ ব্যৱসায়ী সন্থাৰ বাৰ্ষিক সবাহ ও ভাওনা উৎসৱৰ প্ৰস্তুতি

sivasagar