ঢকুৱাখনা দৈনিক বজাৰ ব্যৱসায়ী সন্থাৰ বাৰ্ষিক সবাহ ও ভাওনা উৎসৱৰ প্ৰস্তুতি

ঢকুৱাখনা দৈনিক বজাৰ ব্যৱসায়ী সন্থাৰ ১২ বছৰীয়া ধাৰাবাহিক পৰম্পৰাৰ অক্ষুণ্ণ ৰাখি বাৰ্ষিক সবাহ ও ভাওনা উৎসৱৰ প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা দৈনিক বজাৰ ব্যৱসায়ী সন্থাৰ বাৰ্ষিক সবাহ ও ভাওনা উৎসৱৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, ঢকুৱাখনা:  সাম্প্ৰতিক সময়ৰ জাত-পাত, ধৰ্ম সম্প্ৰদায়ৰ বাচ-বিচাৰৰ অশুভ মানসিকতাক প্ৰত্যাহ্বান জনাই ধৰ্ম-বৰ্ণৰ  নিকৃষ্ট ধাৰণাক একাষৰীয়া কৰি এক শৰণ নাম ধৰ্মৰ প্ৰব্ৰতক ,জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টিৰাজীৰ শ্ৰৱণ কীৰ্তনৰ এক মহা প্ৰয়াস চলিছে ঢকুৱাখনাত । বিগত প্ৰায় এযুগীয়া এই পৰম্পৰা অক্ষুন্ন ৰাখি ঢকুৱাখনা সদৰত এই ঐক্য সম্প্ৰীতিৰ জয়গান গোৱা অনুকৰনীয় পদক্ষেপ গ্ৰহণ কৰিছে ঢকুৱাখনা  দৈনিক বজাৰ ব্যৱসায়ী সন্থাই।

Advertisment

ঢকুৱাখনা নগৰৰ দৈনিক বজাৰত ক্ষুদ্ৰ ক্ষুদ্ৰ বেহা মেলি পেট পোহ দি থকা ধৰ্মপ্ৰাণ ব্যৱসায়ী সকলৰ বিগত ১২ বছৰীয়া এক ধাৰাবাহিক পৰম্পৰাৰ এয়া এক অংশ । কেৱল অন্ন বস্ত্ৰ বাসস্থানৰ তাড়নাত দিবা নৈশ একাকাৰ কৰি এক স্বাভিমানী জীবন শৈলী অতিবাহিত কৰি অহাৰ সমান্তৰাল কৈ ভিন্ন ভাষা ধর্মী এইসকল খাটি খোৱাই প্ৰতি বছৰে পবিত্ৰ ভাদ মাহত অনুষ্ঠিত কৰি আহিছে বাৰ্ষিক সবাহ আৰু  ভাওনা উৎসৱ ।

তামোল পান, শাক পাচলিৰ পৰা আৰম্ভ কৰি মাছ মাংসৰ বেপাৰেৰে আৰ্জিত নগণ্য পুঁজিৰে কিয়দংশকৈ সংগ্ৰহ কৰি বিগত প্ৰায় বাৰ বছৰ ধৰি অনুষ্ঠিত কৰি অহা এই বাৰ্ষিক সবাহ ভাগি এইবাৰ অহা ১৫ ছেপ্টেম্বৰ শুক্ৰবাৰে অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে । এই বাৰ্ষিক সবাহ আৰু ভাওনা উৎসৱ উদযাপন সমিতিৰ সভাপতি মহম্মদ আশ্রফ আলি ,যুটীয়া সম্পাদক ৰাজীৱ দত্ত, হেমন্ত হাজৰিকা ,যুটীয়া সহকাৰী সম্পাদক বিষ্ণু দলে, প্ৰণৱ দে আৰু কোষাধ্যক্ষ বালচন চাহুৱে জানিবলৈ দিয়া মতে অহা ২৮ ভাদ(১৫ ছেপ্টেম্বৰ)ত  দৈনিক বজাৰ প্ৰাঙ্গনত অনুষ্ঠিতব্য এই নাম ভাগিৰ পুৱা শৰাই অৰ্পণৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘ (প্ৰগতিশীল)ৰ  মুখ্য শৰণাচাৰ্য চন্দ্ৰ কমল বৰাই  হৰিনাম পৰিবেশন পৰ্বৰ উদ্বোধন কৰিব।

ইয়াৰ পাছত  ঘিলামৰা কেন্দ্ৰীয় হৰি নামৰ দলৰ  দিনজোৰা হৰি নাম পৰিবেশন আৰম্ভ হ'ব। বিয়লি প্ৰসাদ বিতৰণৰ পাছত সন্ধিয়া বজাৰ সন্থাৰ যুৱ ব্যৱসায়ী সকলৰ অভিনয়েৰে "প্রদ্যুম্ন পৰ্ব" ভাওনা প্ৰদৰ্শিত কৰা হ'ব।

ভলুকাগুৰি গাঁওৰ ধৰ্মপ্ৰাণ ব্যক্তি নিতুল ৰাজবংশীয়ে আগবঢ়োৱা এই ভাওনা ভাগি উদ্বোধন কৰিব ধৰ্মপ্ৰাণ নাগৰিক অনন্ত কুমাৰ দত্তই। মহাপুৰুষ গুৰুজনাৰ সশ্ৰদ্ধ স্মৰনেৰে আয়োজিত এই বাৰ্ষিক সবাহ আৰু ভাওনাভাগীত সৰ্বশ্ৰেণী ৰাইজৰ উপস্থিতি আৰু দিহা পৰামৰ্শ দৈনিক বজাৰ সন্থাৰ স্থায়ী সমিতিৰ সভাপতি নবীন দত্ত , সম্পাদক যোগেন শইকীয়া আৰু কোষাধ্যক্ষ সঞ্জয় ধৰে আন্তৰিকতাৰে কামনা কৰিছে।

Also Read: ঢকুৱাখনাত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

dhakuakhana