/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/27118439-fed4-492e-83c5-8f1d8674fdf9/556.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰ : অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই বৃহস্পতিবাৰে শিৱসাগৰ চহৰৰ ব'ৰ্ডিং খেলপথাৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ১০৭সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই অসম সাহিত্য সভাক প্ৰশংসা কৰি ঐতিহাসিক শিৱসাগৰক মনিষীৰ জন্মনগৰী বুলি উল্লেখ কৰে ৷
প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে অসমীয়া ভাষাৰ উত্তৰণৰ বাবে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেচন্দ্ৰ গোস্বামীৰ ত্যাগৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে ৷ আজিৰ এই অনুষ্ঠানত শিৱসাগৰৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণী কৰে ৷
অসমীয়া ভাষাৰ উত্তৰণৰ বাবে আমি সকলোৱেই নিৰৱিচ্ছিন্নভাৱে কাম কৰিব লাগিব বুলি উল্লেখ কৰি আজিৰ এই অনুষ্ঠানটিৰ আদৰণি ভাষণ পাঠ কৰে উদযাপন সমিতিৰ সভাপতি তথা সাংসদ তপন কুমাৰ গগৈয়ে ৷ ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই ভাষণ প্ৰসংগত কয় যে, শিৱসাগৰ জিলাৰ সাহিত্য সভা ভৱন নিৰ্মাণৰ বাবে তপন কুমাৰ গগৈৰ সাংসদ পুঁজিৰ ১৫ লাখ, কামাখ্যা প্ৰসাদ তাছাৰ পুঁজিৰ ১০ লাখ আৰু মাৰ্ঘেৰিটাৰ নিজা সাংসদ পুঁজিৰ ১৫ লাখ টকাকে ধৰি মুঠ ৪০ লাখ টকা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/794a4ef3-ece2-4ee6-a780-c03d216c767e/025d1375_c0ca_448a_8c39_80788e1604ec.jpg)
আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডা০ ৰণোজ কুমাৰ পেগু, উদযাপন সমিতিৰ সভাপতি, সাহিত্য একাডেমি বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰা,লোক সংস্কৃতিৰ গৱেষক ড০ অনিল শইকীয়া, অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকা, বিদ্যালয়সমূহৰ পৰাদৰ্শক তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজ্যোতি গগৈ, সাহিত্যিক নাহেন্দ্ৰ পাদুন, সোণাৰাম বৰুৱা, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্ত, কেবিনেট মন্ত্ৰী যোগেন মহন,জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱকে ধৰি ভালেসংখ্যক সাহিত্যানুৰাগী ব্যক্তি উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0881b544-838f-44b0-9582-a4a5303f427c/1898fb34_4d97_462a_8279_65958b61cda5.jpg)
আবেলি ৰাজ্যপাল গৰাকীয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগতে নিৰাপত্তা বাহিনীৰ মুৰব্বী বিষয়াৰ লগত এক পৰ্যালোচনা সভাত মিলিত হয় ৷ এই পৰ্যালোচনা সভাত জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী, কৃষি, স্বাস্থ্য, মীন, সমাজ কল্যান, গ্ৰামোন্নয়ন, লোকনিৰ্মাণ আদিকে ধৰি বিভিন্ন বিভাগে ৰূপায়ণ কৰি থকা উন্নয়নমূলক কামৰ খতিয়ান পিপিটি পদ্ধতিৰে ৰাজ্যপাল গৰাকীক অৱগত কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/55093c79-c069-4c6f-a3fb-6e372323f7c0/d8f233da_884e_4c99_b520_c864d976d293.jpg)
সভাত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ তৰফৰ পৰাও জিলাখনৰ আইন-শৃংখলা পৰিস্থিতি আৰু অপৰাধ নিয়ন্ত্ৰণ কৰাৰ বাবে লোৱা ব্যৱস্থাৰ বিষয়ে ৰাজ্যপালগৰাকীক অৱগত কৰে ৷ সভাত ৰাজহ মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক প্ৰদীপ হাজৰিকা, উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, জিলা উন্নয়ন আয়ুক্ত বিতোপন নেওগ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্চিনী দলে,অতিৰিক্ত জিলা আয়ুক্ত গীতালি দুৱৰা,জাবেদ আৰমান,পাৰ্থ প্ৰতীম খনিকৰ, নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুসী জৈন, সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকা, বৰ্ণালী খতিৱাৰা, শুভজিত খাউণ্ড, সেনাবাহিনী, চিআৰপিএফ, কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ মুৰব্বী আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/31229988-3e0b-4f25-b476-2b339abb3b83/49be0bc8_bd23_4041_80cb_75595fb41397.jpg)
পৰ্যলোচনা সভাৰ পিছতেই ৰাজ্যপালগৰাকীয়ে জিলাখনৰ বিভিন্ন আত্ম সহায়ক গোটৰ প্ৰতিনিধিৰ সৈতে মত-বিনিময় কৰাৰ লগতে পৌৰসভা, মাৰোৱাৰী সমাজ আদি প্ৰতিনিধিৰ লগত মত-বিনিময় কৰে ৷ আত্ম সহায়ক গোটৰ প্ৰতিনিধিসকলে চৰকাৰৰ পৰা পোৱা বিভিন্ন সুবিধাৰ জৰিয়তে আৰ্থিক উন্নয়ণৰ ক্ষেত্ৰত তেওঁলোকে লাভ কৰা সফলতাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷
Also Read: উত্তৰ-পূব অৰ্থনৈতিক হাব হিচাপে চিহ্নিত হ'ব : কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু