উত্তৰ-পূব অৰ্থনৈতিক হাব হিচাপে চিহ্নিত হ'ব : কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

বিজেপিৰ জনকল্যাণমূলক আঁচনিয়েই বঢ়াইছে জনসাধাৰণৰ বিশ্বাস। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সু-পৰিকল্পিত কাৰ্যপন্থাৰ বাবে আগন্তুক ১০বছৰত নৰ্থ-ইষ্ট হৈ পৰিব ইক'নমিক হাব : ৰিজিজু
উত্তৰ-পূব অৰ্থনৈতিক হাব হিচাপে চিহ্নিত হ'ব : কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

ডিজিটেল সংবাদ,নগাঁও : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলে ইতিমধ্যে ৰণডংকা বজোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপি দলৰ সমান্তৰালকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে 'ভাৰত ন্যায় যাত্ৰা' আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে বিজেপি দলেও ব্যাপক তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ অংশ স্বৰূপে বৃহস্পতিবাৰে বিয়লি নগাঁৱত উপস্থিত হয়হি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু। এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুয়ে নগাঁৱৰ আৱৰ্ত্ত ভৱনত উপস্থিত হৈ কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

লোকসভা নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ ফলাফল অসমত নিশ্চিতভাৱে উন্নত হ'ব । বিজেপিৰ জনকল্যাণমূলক আঁচনিয়েই বঢ়াইছে জনসাধাৰণৰ বিশ্বাস । কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সু-পৰিকল্পিত কাৰ্যপন্থাৰ বাবে আগন্তুক ১০বছৰত নৰ্থ-ইষ্ট হৈ পৰিব ইক'নমিক হাব।

যাৰবাবে এইবাৰ উত্তৰ-পূবৰ অধিক আসন বিজেপি আৰু সহযোগী দলে লাভ কৰাটো নিশ্চিত হৈ পৰিছে। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে ঘোষণা কৰা ভাৰত ন্যায় যাত্ৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজু কয়- "ৰাহুল গান্ধীয়ে বিভিন্ন ৰাজ্য ভ্ৰমণ কৰাটো তেওঁৰ এটা অভ্যাসত পৰিণত হৈছে আৰু এই ভ্ৰমণৰ জৰিয়তে জনগোষ্ঠীসমূহৰ মাজত বিভাজনৰ ৰাজনীতি কৰি আহিছে।

তেওঁ এই বিভাজনৰ ৰাজনীতিয়ো অভ্যাস হৈ পৰিছে। কিন্তু আমাৰ বিজেপি দল ইয়াৰ সম্পূৰ্ণ বিপৰীতে আছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে ঐক্যবদ্ধ ভাৰতৰ হৈ কাম কৰি আহিছোঁ।" "আমাৰ লক্ষ্য হ'ল এক ভাৰত- সৰ্বশ্ৰেষ্ঠ ভাৰত" বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে মন্তব্য আগবঢ়ায়।

উত্তৰ-পূব অৰ্থনৈতিক হাব হিচাপে চিহ্নিত হ'ব : কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু
সদৌ অসম মাষ্টাৰ্ছ এথেলেটিকছ চেম্পিয়নশ্বিপৰ দ্বিতীয় দিনাৰ ফলাফল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in