/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/03feee32-4790-459c-8a33-b6dc3f8e72fc/GOUTAM_GOGOI_5.jpg)
IIT ত কৰ্মৰত যুৱকে যোগদান কৰিলে আলফা (স্বাধীন)তঃ ৰোগীয়া মাতৃৰ আহ্বান মুখ্যমন্ত্ৰীয়ে ঘূৰাই আনক পুত্ৰক...
ডিজিটেল সংবাদ আমগুৰিঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলফাৰ শান্তি চুক্তি সম্পন্ন হ'ল যদিও আলফা (স্বাধীন) ত যোগদান কৰাৰ প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে। শেহতীয়াকৈ আমগুৰিৰ এজন যুৱকে আলফা (স্বাধীন)ত যোগদান কৰাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, আমগুৰিৰ গৌতম গগৈ নামৰ আই আই টিত কৰ্মৰত এজন যুৱকে আলফা (স্বাধীন)ত যোগদান কৰিছে। ইয়াৰ পিছতে এতিয়া গৌতম গগৈৰ মাতৃয়ে কান্দি কান্দি ৰাজ্যৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানক পুত্ৰক ঘূৰাই আনিবলৈ আহ্বান জনাইছে। সমান্তৰালকৈ পৰেশ বৰুৱাকো গৌতম গগৈক ঘূৰাই পঠিয়াবলৈ আহ্বান জনাইছে।
গৌতম গগৈৰ মাতৃয়ে কান্দি কান্দি কয়, -''মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই কাতৰ অনুৰোধ কৰিছো, আপুনি যেন আলফাৰ সৈতে আলোচনা এটা কৰি মোৰ লৰাটোক আনি দিয়ে। পৰেশ বৰুৱা ডাঙৰীয়াকো অনুৰোধ কৰিছো, আপোনালোকো যেন ঘৰলৈ উভতি আহি, মূল সুঁতিলৈ উভতি আহি, সকলোকে আনি, সুখৰ সংসাৰ কৰিবলৈ যেন সকলোকে গতাই দিয়ে তাৰেই কামনা কৰিছো, কাতৰ অনুৰোধ কৰিছো।'
উল্লেখ্যে, গৌতম গগৈৰ ঘৰ আমগুৰিৰ দেওৰজা মানটনিয়া গাঁৱত। প্ৰয়াত তিলেশ্বৰ গগৈৰ কনিষ্ঠ পুত্ৰ গৌতম গগৈ গুৱাহাটীৰ আমিনগাওঁস্থিত আই আই টিত জুনিয়ৰ টেকনিচিয়ান হিচাপে কৰ্মৰত হৈ আছিল।
অতি সহজ, সৰল অমায়িক স্বভাৱৰ গৌতম গগৈয়ে হঠাৎ এনেদৰে কিয় আলফা স্বাধীনত যোগ দিলে তাক লৈ আচৰিত হৈ পৰিছে স্থানীয় লোকসকলো। কনিষ্ঠ পুত্ৰই এনে পথ বাচি লোৱাত এতিয়া ৰোগীয়া মাতৃয়ে বিচনাতে কেৱল চকু পানী টুকিছে।