/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/9af19714-52fe-4e4d-97a4-e9073ddd0e10/14.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ এগৰাকী কিশোৰী বিগত কেবাদিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে, মথুৰাপুৰ ভকত গাঁৱৰ ভূকন বৰাইক নামৰ লোকজনৰ ১৬ বছৰীয়া কিশোৰী গৰাকী যোৱা ২০ ছেপ্টেম্বৰৰ দিনা ঘৰৰ পৰা সন্ধানহীন হয়।
সন্ধানহীন হোৱা কিশোৰী গৰাকীৰ সন্ধানত বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি কোনো সম্ভেদ উলিয়াব নোৱাৰি অৱশেষত শেহতীয়াকৈ কিশোৰী গৰাকীৰ পিতৃয়ে স্থানীয় মথুৰাপুৰ আৰক্ষী থানাত এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে। ইফালে নিজৰ কিশোৰী কন্যাক ডিমৌৰ কৃষ্ণ বিহাৰী অঞ্চলৰ এগৰাকী যুৱকে লৈ গৈছে বুলি জানিব পাৰি পিতৃ গৰাকীয়ে এই বিষয়ত আৰক্ষী প্ৰশাসনৰ সহায় বিচাৰিছে ৷
Also Read: 'বিশ্বকাপ'২৩'ৰ প্ৰথমটো জয়ৰ যুঁজত নামিব অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা