গড়গাঁও মহাবিদ্যালয়ত অংগদান সন্দৰ্ভত সজাগতা কৰ্মশালা

গড়গাঁও মহাবিদ্যালয়ত অংগদান সন্দৰ্ভত সজাগতা কৰ্মশালা

ডিজিটেল সংবাদ, শিৱসাগৰঃ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট,আভ্যন্তৰীণ মান নিৰূপণ কোষ, ইক' ক্লাব আৰু এন চি চি গোটৰ উদ্যোগত জুবলী ফাউণ্ডেশ্যন আৰু উত্তৰ-পূব উন্নয়ন বিত্ত সহযোগিতা লিমিটেডৰ পৃষ্ঠপোষকতাত 'প্ৰজেক্ট বৰদান' ৰ এক অংশ ৰূপে মৃত অংগদানৰ সজাগতা বিষয়ক এখন কৰ্মশালাৰ আয়োজন কৰা হয়।

মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড° ৰিমজিম বৰাই আঁত ধৰা কৰ্মশালাখন উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই। উদ্বোধনী ভাষণত ড° মহন্তই আমাৰ সমাজত অংগদানৰ তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰে। ড° মহন্তই অংগদান সম্পৰ্কে মানুহৰ মাজত বিদ্যমান ভুল ধাৰণাসমূহৰ বিষয়ে ব্যাখ্যা কৰি অংগদানৰ ওপৰত সজাগতা সৃষ্টিৰ লগতে অংগদানৰ দ্বাৰা বহুমূলীয়া মানৱ জীৱন ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

জুবলী ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰিয়ংকা বৰাই জুবলী ফাউণ্ডেচনৰ ভিন্ন পদক্ষেপৰ বিষয়ে বক্তব্য আগবঢ়ায়। জুবলী বৰুৱা আৰু কেইজনমান মানৱদৰদী লোকে ২০১৩ চনৰে পৰা আৰম্ভ কৰা জুবিলী ফাউণ্ডেশ্যনৰ মূল লক্ষ্য আৰু উদ্দেশ্য সম্বন্ধে সকলোকে জ্ঞাত কৰাৰ পাছত অংগদানৰ অৰ্থ, অংগদানৰ বাবে সঠিক বয়স, কোনবোৰ অংগ দান কৰিব আৰু কেতিয়া আৰু অংগদানৰ অন্যান্য দিশসমূহ বিতংভাৱে ব্যাখ্যা কৰে।

অংগদানৰ ক্ষেত্ৰত ভাৰতীয় ৰাজ্যসমূহৰ নিৰাশাজনক পৰিস্থিতিৰ দিশলৈ আঙুলিয়াই দি তেওঁ মৃত অংগদানৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অংগদানৰ সজাগতা বৃদ্ধিৰ বাবে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ পদক্ষেপ - সজাগতা অনুষ্ঠান , বক্তৃতা প্ৰতিযোগিতা, বাটৰ নাট, আধুনিক সামাজিক মাধ্যমৰ ব্যৱহাৰ আদিৰ দ্বাৰা সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত জুবলী ফাউণ্ডেশ্যনৰ সমন্বয়ক ধৰিত্ৰী নাথে সক্ৰিয় ভাৱে সহযোগিতা আগবঢ়ায়।

গড়গাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ ৰীণা সন্দিকৈ, মহাবিদ্যালয়ৰ অধ্যাপক বৃন্দ, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক, এন.চি.চিৰ সদস্যৰ সৈতে সৰ্বমুঠ তিনিশতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানটিত ধন্যবাদ জ্ঞাপন কৰি ড০ ৰিমজিম বৰাই জুবলী ফাউণ্ডেশ্যনৰ লগতে এই অনুষ্ঠানত উপস্থিত থকা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই অদূৰ ভৱিষ্যতে সমাজৰ ভিন্ন জনৰ মাজত অংগদানৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে জুবলী ফাউণ্ডেশ্যনৰ সৈতে সহযোগিতা কৰাৰ মত ব্যক্ত কৰে।

গড়গাঁও মহাবিদ্যালয়ত অংগদান সন্দৰ্ভত সজাগতা কৰ্মশালা
দক্ষিণ কামৰূপ সচেতন মঞ্চৰ সম্বৰ্দ্ধনা অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in