দক্ষিণ কামৰূপ সচেতন মঞ্চৰ সম্বৰ্দ্ধনা অনুষ্ঠান

দক্ষিণ কামৰূপ সচেতন মঞ্চৰ সম্বৰ্দ্ধনা অনুষ্ঠান

ডিজিটেল সংবাদ, গুৱাহাটীঃ শুকুৰবাৰে দক্ষিণ কামৰূপ সচেতন মঞ্চৰ তৰফৰ পৰা বিজয়নগৰস্থিত এপেক্স বেংকৰ শাখা প্ৰবন্ধক নীলাক্ষি ডেকাক সম্বৰ্দ্ধনা জ্ঞাপন কৰে । সচেতন মঞ্চৰ উপদেষ্টা তথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য দীপক শৰ্মা, দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ অন্যতম উপদেষ্টা কমল চন্দ্ৰ মেধি, মঞ্চৰ অধ্যক্ষ মদন দাস, ভাৰপ্ৰাপ্ত সম্পাদক লাফিকুল হক, দিব্যা বৰা প্ৰভৃতিয়ে অনুষ্ঠানত অংশ লয়।

অনুষ্ঠানত বেংক বিষয়া নীলাক্ষি ডেকাই কয়- "পুৰুষসকলতকৈ মহিলাসকলৰ আত্মবিশ্বাস বহু বেছি । গ্ৰাম্য অৰ্থনীতি বিকাশত মহিলাসকলৰ ভূমিকা অনন্য । সমবায় পদ্ধতিতো কাম-কাজ কৰাত দক্ষতা আছে । এপেক্স বেংকৰ পৰা মহিলাসকলৰ মাজত যথেষ্ট গুৰুত্ব দিয়া হৈছে । বিজয়নগৰ-উপৰহালী অঞ্চলৰ ১,২০০ ৰো অধিক মহিলাক স্ব-নিৰ্ভৰশীল কৰি গঢ়ি তোলা হৈছে । বেংক বিষয়া ডেকাই আৰু কয়- "আত্মসহায়ক গোট গঠন, কৃষি ঋণৰ লগতে যুৱকসকলৰ মাজত ব্যৱসায়ীক মনোবৃত্তি বৃদ্ধি কৰাৰ লক্ষ্যৰে ভিন-ভিন কাম কৰি থকা হৈছে ।"

সাংবাদিক-লেখক দীপক শৰ্মাই কয়- চৰকাৰে বেংকৰ জড়িয়তে আন্তৰিকতাৰে অসমীয়া যুৱকক সহায় কৰিলে চাকৰিমুখী নহ'লহেতেন । লেখক কমল চন্দ্ৰ মেধিয়ে কয়- অসমীয়া মানুহক ইতিবাচক দৃষ্টিভংগীৰে বেংক কৰ্তৃপক্ষই চাব লাগে ।

দক্ষিণ কামৰূপ সচেতন মঞ্চৰ সম্বৰ্দ্ধনা অনুষ্ঠান
নতুন ভোটাৰৰ বাবে নগাঁৱত সজাগতা ৰেলী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in