গড়গাঁও মহাবিদ্যালয়ত ভোটাৰ সজাগতা কাৰ্যসূচী

গড়গাঁও মহাবিদ্যালয়ত ভোটাৰ সজাগতা কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
গড়গাঁও মহাবিদ্যালয়ত ভোটাৰ সজাগতা কাৰ্যসূচী

ডিজিটেল সংবাদ, শিৱসাগৰঃ গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত ভোটাৰৰ সাক্ষৰতা বৃদ্ধি আৰু আগন্তুক নিৰ্বাচনত যুৱ ভোটাৰসকলৰ অংশগ্ৰহণক উৎসাহিত কৰাৰ লক্ষ্যৰে "মেৰা পেহলা ভোট দেশ কে লিয়ে" অভিযানৰ অধীনত ২৮ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে ধাৰাবাহিক কাৰ্যসূচীৰ আয়োজন কৰা হয়।

Advertisment

এই অভিযানৰ মূল উদ্দেশ্য আছিল ভোটদানৰ তাৎপৰ্য আৰু ভোটদানৰ প্ৰক্ৰিয়াৰ সজাগতাৰ মাধ্যমেৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণৰ হাৰ বৃদ্ধি কৰা। গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড০ ৰিমজিম বৰাৰ নেতৃত্বত সমূহ স্বেচ্ছাসেৱকে প্ৰথমবাৰৰ বাবে ভোটদান কৰা যুৱ ভোটাৰসকলক ভোটদানৰ বাবে উৎসাহিত কৰাৰ লগতে ভোটদান অধিকাৰৰ দ্বাৰা গণতান্ত্ৰিক নিৰ্বাচন প্ৰক্ৰিয়াত তেওঁলোকৰ ভূমিকাৰ গভীৰ তাৎপৰ্য অনুধাৱন কৰি দেশৰ ভৱিষ্যত গঢ় দিবৰ বাবে আহ্বান জনায় বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে।

ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে এই কাৰ্যক্ৰমৰ অধীনত মহাবিদ্যালয়ৰ চৌহদ আৰু মহাবিদ্যালয়ৰ ওচৰৰ অঞ্চলত এটা স্বচ্ছতা কাৰ্যসূচীৰ আয়োজন কৰে। এন এছ এছ গোটৰ সকলো স্বেচ্ছাসেৱকে কলেজ চৌহদত অন্যান্য ছাত্ৰ-ছাত্ৰীক সজাগ কৰিবৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া, ভোটাৰ পঞ্জীয়ন আৰু নিৰ্বাচনত যুৱক- যুৱতীসকলৰ ভূমিকা সম্পৰ্কে সজাগতামূলক বক্তৃতা প্ৰদান কৰে। এন এছ এছৰ স্বেচ্ছাসেৱকসকলে মহাবিদ্যালয়ৰ চাৰিওফালৰ গাঁওসমূহ পৰিদৰ্শন কৰি কাৰ্যসূচীৰ প্ৰসাৰ বৃদ্ধি কৰাৰ লগতে সমূহ গাঁৱবাসীৰ মাজত নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰে। বিশেষকৈ যুৱ জনগাঁথনিৰ মাজত নিৰ্বাচনী প্ৰক্ৰিয়া সম্পৰ্কে সজাগতা বিয়পাই নিজৰ ভোটাধিকাৰ দায়িত্বশীলভাৱে ব্যৱহাৰ কৰি দেশৰ প্ৰগতিত অৰিহণা আগবঢ়াবলৈ ঘৰে ঘৰে সজাগতাৰ সৃষ্টি কৰে।

এই অভিযানৰ অংশ ৰূপে সকলো অংশগ্ৰহণকাৰীয়ে আগন্তুক নিৰ্বাচনত দায়িত্বশীল আৰু নৈতিকভাৱে ভোটদানৰ অধিকাৰ ব্যৱহাৰ কৰাৰ গম্ভীৰ ভোটাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰে। এই প্ৰতিশ্ৰুতিয়ে সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে গণতান্ত্ৰিক প্ৰক্ৰিয়া গঢ় দিয়াত প্ৰতিজন ব্যক্তিৰ ভূমিকাৰ গুৰুত্বৰ কথা প্ৰতিফলিত কৰে। মহাবিদ্যালয়ৰ এন এছ এছ গোটে জিলা নিৰ্বাচনী কাৰ্যালয় নাজিৰাৰ সহযোগত ‘নিৰ্বাচনত যুৱক-যুৱতীসকলৰ ভূমিকা’ বিষয়ত এক সজাগতা কাৰ্যসূচীৰো আয়োজন কৰি সকলো ছাত্ৰ-ছাত্ৰীক ভোটদানৰ গুৰুত্বৰ বিষয়ে জ্ঞান প্ৰদান কৰাৰ লগতে ভোটাৰৰ অংশগ্ৰহণ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিষয়ে বুজিবৰ বাবে উৎসাহিত কৰে।

ড° ৰিমজিম বৰাই, সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে গণতান্ত্ৰিক প্ৰক্ৰিয়া গঢ় দিয়াত প্ৰতিজন যুৱ ভোটাৰৰ ভূমিকাৰ গুৰুত্ব সম্পৰ্কে বক্তৃতা প্ৰদান কৰে। গড়গাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ ৰীণা সন্দিকৈ, গণিত বিভাগৰ মুৰব্বী ড০ কবিতা ফুকন, ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ যুৱৰাজ গগৈ, ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ আৰাণ্ডাও নাৰ্জাৰী, উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী ড০ ডিম্বেশ্বৰ দাস আৰু প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক পিমলী লাংথাছাই এই সজাগতা কাৰ্যসূচীত উপস্থিত থাকে।

ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সকলো স্বেচ্ছাসেৱকে এই ভোটাৰ সজাগতা অভিযানত উৎসাহেৰে অংশগ্ৰহণ কৰি সু-নাগৰিকৰ কৰ্তব্য আৰু দায়িত্বৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে ।গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট নিবন্ধকাৰ,কবি, ড০ সব্যসাচী মহন্তই ‘মেৰা পেহলা ভোট দেশ কে লিয়ে’ অভিযানৰ অংশ হিচাপে গড়গাঁও মহাবিদ্যালয়ৰ এন এছ এছ গোটে গ্ৰহণ কৰা ভোটাৰ সজাগতামূলক পদক্ষেপৰ আন্তৰিকতাৰে শলাগ লয় ।

Also Read: গছ পুলি ৰোপণ নকৰিলেও গছ নাকাটিবঃ অৰণ্য মানৱ যাদৱ পায়েং

Gargaon College