/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/230295b6-32c6-4b8e-b6f5-c43417254a98/10.jpg)
ডিজিটেল সংবাদ, বিহপুৰীয়াঃ বিহপুৰীয়াৰ অন্যতম সামজিক সাংস্কৃতিক অনুষ্ঠান ৰংঘৰীয়া কেন্দ্ৰৰ মহাৰজত জয়ন্তীৰ সামৰণি মহোৎসৱটি ৩০ আৰু ৩১ মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ৰংঘৰীয়া কেন্দ্ৰৰ সভাপতি মুনিন ভূঞাৰ লগতে অঞ্চলটোৰ ৭৫গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা পতাকা উত্তোলন কৰা হয়।
ৰংঘৰীয়া কেন্দ্ৰৰ উপদেষ্টা জ্ঞানেন্দ্ৰ শইকীয়াৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, ৰংঘৰীয়া কেন্দ্ৰৰ প্ৰাক্তন সভাপতি জগত শইকীয়াৰ দ্বাৰা গছপুলি ৰোপন, শ্ৰীশ্ৰী বৰ এলেঙী সত্ৰৰ ডেকা সত্ৰাধিকাৰ হৰিকান্ত গোস্বামীৰ দ্বাৰা তোৰণ উন্মোচন আৰু ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগৰ দ্বাৰা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰা হয় ৷ স্থানীয় ৰাইজৰ লগতে বিভিন্ন সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা শোভাযাত্ৰাই সকলোৰে মন মুহিবলৈ সক্ষম হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/dfa64a0b-ab89-4bfc-8017-8efc047f5225/68cc6675_0c67_4b2d_b9ae_ca3e2b8566c6.jpg)
দুপৰীয়া লখিমপুৰ ডায়েটৰ প্ৰৱক্তা ইলিমনি চলিহাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনি উদ্বোধন কৰে সৰ্বশিক্ষা অভিযান মিচনৰ লখিমপুৰ জিলা আঁচনি বিষয়া নিভাৰাণী শইকীয়াই ৷ আলোচনা চক্ৰখনিত মহকুমা চিকিৎসা বিষয়া মৰমী কলিতা, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপিকা ড° স্বপ্নালী গগৈ আৰু জ্যেষ্ঠ অধিবক্তা মিনাক্ষী দত্তই অংশ গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/a2137ec2-bb98-4fa6-861f-7be17586c9cb/22ab66ee_1a97_4fd6_b719_945691af5b9e.jpg)
সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হ’য়। দেওবাৰৰ কাৰ্যসূচী অনুসৰি পুৱা শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছতেই আমগুৰি ৰংঘৰীয়া কেন্দ্ৰৰ সভাপতি সম্পাদক সন্মিলন আৰু স্বৰ্গীয় মাটিৰাম শইকীয়া বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’য়৷ দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুবুল শইকীয়াই ৷
মহাৰজত জয়ন্তী উদ্যাপন সমিতিৰ সভাপতি বিপুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত বিপ্লৱ বৰাৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ ৰংঘৰীয়া আৰু দীপ্তি ৰেখা নেওগ চেতিয়াৰ কাব্য গ্ৰন্থ “ অৰুনিকা” উন্মোচক কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই ৷ ভাষণ প্ৰসংগত শৰ্মাই উৎসৱৰ তাড়নাই অসমীয়া জাতিক এদিন নিঃশেষ কৰিব বুলি মত ব্যক্ত কৰাৰ লগতে কৃষক হোৱা কঠিন কিন্তু ধৰ্মযাজক অথবা ৰাজনৈতিক নেতা হোৱা সহজ বুলি উল্লেখ কৰি মোৰ ভাষা মইয়েই বচাব লাগিব বুলি মন্তব্য কৰে ৷
সভাত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং৷ ভাষণ প্ৰসঙ্গত পায়েঙে সম্প্ৰতি অসম চৰকাৰেই গছ কাটিবলে জনসাধাৰণক উৎসাহিত কৰা বুলি উল্লেখ কৰি বন ধ্বংশ কাৰ্যত বৰ্তমান ব্যৱহৃত যন্ত্ৰ চালিত কৰত সমুহ নিষিদ্ধ কৰিবৰ বাবে দাবী জনাই ৷ আনহাতে তেওঁ সকলোকে গছ নুৰুলেও গছ নাকাটিবৰ বাবে আহ্বান জনাই ৷
সভাত মুখ্য অতিথি হিচাবে উপস্থিত থকা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই এটা সামাজিক অনুষ্ঠানে এটা অঞ্চলৰ উত্তৰণত প্ৰভাৱ পেলাই বুলি উল্লেখ কৰে ৷ সভাত নাট্যকাৰ বিপ্লব বৰাৰ নাট্য সংকলন উন্মোচন কৰে অসম সাহিত্য সভাৰ নাট্য সন্মিলনৰ আহ্বায়ক দিলীপ কুমাৰ শৰ্মাই ৷
আমগুৰি ৰংঘৰীয়া কেন্দ্ৰৰ সম্পাদক বিপ্লৱ বৰা আৰু উদ্যাপন সমিতিৰ যুটিয়া সম্পাদক নিৰোদ কুমাৰ বৰাই আতঁ ধৰা সভা খনত অসম পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ অধ্যক্ষ দেবানন্দ হাজৰিকা, বিহপুৰীয়াৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ উৎপল ডেকা, বিশিষ্ট নাট্যকাৰ হৰেণ শইকীয়া, বিশিষ্ট সাংবাদিক শোণিত কুমাৰ ভূঞা, আৰু অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক অপূৰ্ব ফুকনে সন্মানীয় অতিথি হিচাবে উপস্থিত থাকে। সন্ধিয়া বিশিষ্ট নাট্যকাৰ বিপ্লৱ বৰাৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চ সফল শিশু নাটক “লঠঙা গছৰ ছাঁ” আৰু পূৰ্ণাঙ্গ নাটক “নেদেখা বাঁহীৰ সুৰ” মঞ্চস্থ কৰা হয় ৷
Also Read: বিজেপিৰ বিৰুদ্ধে মহাভিযোগঃ ৰামলীলা ময়দানত ঐক্যবদ্ধ বিৰোধীৰ ৰণডংকা...