/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
শিৱসাগৰত চাঞ্চল্যকৰ গুলি চালনাৰ ঘটনা ৷
শিৱসাগৰ চহৰৰ মাজমজিয়াৰ ধাই আলি অঞ্চলত সংঘটিত এই গুলিচালনাৰ ঘটনা ৷
ধাই আলিৰ মছজিদৰ কাষৰ মুহিবুল হুছেইন পথৰ ইমৰাণ হুছেইনৰ ভাড়া ঘৰত ফুটিল গুলি ৷
অনেক লোকেই গুলিৰ শব্দ শুনিবলৈ পায় ৷
অজ্ঞাত ব্যক্তিয়ে গুলি চালনা কৰাৰ সন্দেহ ৷
কালি দুপৰীয়া সংঘটিত হৈছে এই ঘটনা ৷
বিকট শব্দেৰে টিন ফুটি কোঠাৰ ভিতৰত পৰিল গুলি ৷
গুলি ফুটাৰ সময়ত গৃহটোত ইমৰাণৰ পত্নী আৰু এগৰাকী বান্ধৱী আছিল ৷
গুলি চালনাত কোনো আহত হোৱা নাই ৷
ঘটনাস্থলীত উদ্ধাৰ হৈছে কাৰ্টিজ ৷
বৰ্তমানলৈকেও উপস্থিত হোৱা নাই আৰক্ষী ৷
আৰু পঢ়ক : তিতাবৰৰ চৰাইপানীত চকু পৰীক্ষা আৰু ছশমা প্ৰদান শিবিৰ