তিতাবৰৰ চৰাইপানীত চকু পৰীক্ষা আৰু ছশমা প্ৰদান শিবিৰ

author-image
Asomiya Pratidin
New Update
তিতাবৰৰ চৰাইপানীত চকু পৰীক্ষা আৰু  ছশমা প্ৰদান শিবিৰ

ডিজিটেল সংবাদ, বেকাজান : অসম চাহ মজদুৰ সংঘ তিতাবৰ শাখাৰ উদ্যোগত বিশিষ্ট ব্যৱসায়ী তথা চাহ জনগোষ্ঠীয় নেতা প্ৰাণ কুর্মীৰ মুখ্য পৃষ্ঠপোষকতাত চৰাইপানী চাহ বাগিচাৰ চিকিৎসালয়ত বুধবাৰে ভাৰত বিকাশ পৰিষদ, স্নেহপদ আৰু ভিচন স্প্ৰিংৰ সহযোগত চকু পৰীক্ষা আৰু ছশমা প্ৰদান শিবিৰ অনুষ্ঠিত হয়।

Advertisment

উক্ত শিবিৰৰ ফিটা কাটি শুভ উদ্বোধন কৰে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে । এই উদ্বোধনী অনুষ্ঠানত তিতাবৰ শাখা সংঘৰ সম্পাদক নগেন কুর্মী, সভাপতি বগাই ভূমিজ লগতে বহুকেইজন সমাজকৰ্মী উপস্থিত থাকে ।

উল্লেখযোগ্য যে ব্যৱসায়ী প্ৰাণ কুর্মীয়ে ৰোগীৰ পঞ্জীয়ন মাচুল সহ ছশমাৰ যাৱতীয় সকলো খৰছ বহন কৰি শিবিৰ সমূহ সম্পূৰ্ণ বিনামূলীয়া কৰি দিয়াত দৰিদ্ৰ লোকসকল যথেষ্ট উপকৃত হৈছে । আজি প্ৰায় ডেৰ শতাধিক ব্যক্তি চকু পৰীক্ষাৰ বাবে শিবিৰত উপস্থিত হয় ।

আৰু পঢ়ক : চীনৰ সৈতে বৃদ্ধি পাইছে সীমান্তৰ উত্তেজনা, প্ৰতিৰক্ষাৰ বাজেট বৃদ্ধি ভাৰতৰ...

titabar