ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ জয়ী আয়ুশ্ৰী গায়নক সম্বৰ্ধনা

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ জয়ী আয়ুশ্ৰী গায়নক সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ জয়ী আয়ুশ্ৰী গায়নক সম্বৰ্ধনা

ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰৰ একাংশ দূৰদৰ্শী ব্যক্তিয়ে গঠন কৰা ক্ৰীড়ানুষ্ঠান ব’টিং আৰু ৰ’য়িং সন্থাই দেওবাৰে একাদশ বৰ্ষপূৰ্তি সন্থাৰ কাৰ্যালয়ত উলহ-মালহেৰে উদযাপন কৰে ৷ ব’টিং আৰু ৰ’য়িং সন্থাৰ সভাপতি ধনঞ্জয় শইকীয়াই পুৱা পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ পাতনি মেলে ৷ এই উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃণালী কোঁৱৰ, সন্থাৰ সভাপতি ধনঞ্জয় শইকীয়া, ব’টিং-ৰ’য়িং সন্থাৰ উপদেষ্টা শৰৎ হাজৰিকা, সন্থাৰ সম্পাদক পলাশ ৰাজখোৱাৰ লগতে প্ৰশিক্ষাৰ্থীসকলে বৰ্ষপূৰ্তিৰ কেক কাটি উদযাপন কৰে ৷

Advertisment

উল্লেখযোগ্য যে শিৱসাগৰ চহৰৰ মাজমজিয়াৰ এ টি ৰোডৰ কাষত থকা এসময়ৰ জুলীভা ফিছাৰিক ২০১২ চনৰ ডিচেম্বৰ মাহত মৰিবিল সৰোবৰ নাম দি ব’টিং আৰু ৰ’য়িঙৰ প্ৰশিক্ষণ আৰম্ভ কৰে ৷ কেইখনমান সাধাৰণ নাও লৈ ব’টিং-ৰ’টিং সন্থাৰ খেলুৱৈসকলে প্ৰশিক্ষণ আৰম্ভ কৰি অতি কম সময়ৰ ভিতৰতে সমগ্ৰ ভাৰতবৰ্ষতে নিজৰ নাম উজলাবলৈ সক্ষম হয় ৷

শেহতীয়া ভাৱে যোৱা ১৮ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ হায়দৰাবাদত অনুষ্ঠিত হোৱা ২৪ তম জুনিয়ৰ ৰাষ্ট্ৰীয় ৰ’য়িং প্ৰতিযোগিতাত ১৩ বছৰ অনুদ্ধৰ ডাবল স্কাল শাখাত শিৱসাগৰৰ খেলুৱৈ আয়ুশ্ৰী গায়নে সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ উক্ত প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰা আন খেলুৱৈ সকল হৈছে- একাব্ৰত বৰগোহাঁই,ঈপ্সিতা চৌধাৰী, আয়ান খান, প্ৰত্যুষ শৰ্ম্মা প্ৰিয়ানুজ দত্ত ৷

আজি ৰ’য়িং-ব’টিং সন্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এই আটাইকেইগৰাকী খেলুৱৈক বিপুল ভাৱে সম্বদ্ধৰ্না জ্ঞাপন কৰাৰ লগতে একোটিকৈ উপহাৰ প্ৰদান কৰা হয় ৷ সভাত ধনঞ্জয় শইকীয়াই অনুষ্ঠানটোৰ জন্মৰ প্ৰক্ৰিয়াৰ লগতে ভবিষ্যত পৰিকল্পনাৰ বিষয়ে ব্যক্ত কৰে ৷ তেওঁ নতুন প্ৰজন্মক ক্ৰীড়াত জড়িত হৈ নিজক প্ৰতিষ্ঠা কৰাৰ লগতে দেশৰ নাম উজ্বলাবলৈ আহ্বান জনায় ৷

Also Read: 'ইণ্ডিয়া' হাৰিল, মোডীৰ হাততেই থাকিব 'ভাৰত'ৰ বাঘজৰী !