”ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙক ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান

প্ৰসিদ্ধ সাহিত্যিকগৰাকীক ড° বসন্ত কুমাৰ গোস্বামীয়ে এখনি অঙ্গ বস্ত্ৰ, প্ৰশস্তি পত্ৰ, স্মাৰক আৰু এটি নগদ ধনৰ টোপোলাৰে ২০২৩ বৰ্ষৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
”ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙক ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান

ডিজিটেল সংবাদ,শিৱসাগৰ : বিশিষ্ট সাহিত্যিক,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা 'ৰংমিলিৰ হাঁহি'ৰ স্ৰষ্টা ৰংবং তেৰাঙলৈ 'ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২৩' প্ৰদান কৰা হয়। শিৱসাগৰ জিলাৰ অৰুণোদয় সাহিত্য সভা আৰু ড০ ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত শুকুৰবাৰে 'ৰংমিলিৰ হাঁহি'ৰ স্ৰষ্টা ৰংবং তেৰাঙক 'ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২৩'ৰে সন্মানিত কৰা হয়।

Advertisment

পদ্ধতিগতভাৱে গবেষণা কৰি বৰ অসমৰ ভিতৰত প্ৰথম ডক্টৰেট তথা ঢাকা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ময়িদুল ইছলাম বড়াৰ স্মৃতিত প্ৰদান কৰা এই বঁটা গ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়- 'ডক্টৰ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা' গ্ৰহণ কৰিবলৈ পাই, অতি ভাগ্যবান বুলি নিজকে ভাবিছোঁ। এই বঁটাই মোক শিৱসাগৰক নতুনকৈ চাবলৈ, সাহিত্যৰ বৰপথাৰখনক নতুনকৈ বুজিবলৈ, আধুনিক অসমীয়া সাহিত্যক অনুভৱ কৰিবলৈ অপূর্ব সুযোগ আনি দিলে।'

লগতে অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ পবিত্র ভূমিত, এই সাহিত্য বঁটা গ্ৰহণ কৰি অনুভৱ কৰা বুলি তেওঁ উল্লেখ কৰে। 'সমন্বয়ৰ নিৰ্মল ৰূপ। এই সমন্বয় মানুহৰ সমন্বয়,সাহিত্যৰ সমন্বয়, সংস্কৃতিৰ সমন্বয়। ড০ ময়িদুল ইছলাম বড়া নিজেও সমন্বয়ৰ প্রতীক। হিন্দু-মুছলমান ভাবধাৰাৰে সাম্প্রদায়িক সংঘাত তেওঁ আনিব নিবিচাৰিছিল।' বুলি সাহিত্যিক তেৰাঙে মত-প্ৰকাশ কৰে।

১৯৪০ খ্ৰীষ্টাব্দত যোৰহাটত বহা ১৮ সংখ্যক অধিৱেশনত অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত ড০ ময়িদুল ইছলাম বড়াই অতি স্পষ্ট ভাষাৰে কোৱা সম্পৰ্কেও তেওঁ উল্লেখ কৰে। বড়াই এইদৰে কৈছিল—“হিন্দু আৰু মুছলমান ভাৰতৰ সন্তান। আমি সদায় একেলগে আছোঁ আৰু থাকিব লাগিব। তেন্তে অনাহকতে এজনে আনজনৰ মনত কষ্ট দি কিয় ঘৃণাৰ ভাব সৃষ্টি কৰোঁ ? আমাৰ ভিতৰত মিলাপ্ৰীতিৰ ভাব স্থাপন কৰিম আৰু প্রত্যেককে নিজ ধৰ্ম আৰু সমাজৰ নিয়ম পালি চলিবলৈ দিম বুলি যদি প্রত্যেক মানুহে মনত বান্ধি লৈ কার্যত পৰিণত কৰি দেখুৱায় আৰু সাহিত্যিকসকলে এই বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰে, তেন্তে বৰ্তমান সাম্প্ৰদায়িক সমস্যা পানীত ঔ-টেঙা উটি যোৱাদি উটি গৈ বংগ সাগৰত লয় পাবগৈ।”

আনহাতে স্বনামধন্য পৰাগধৰ চলিহাই প্ৰকাশ কৰা ‘অসম সাহিত্য সভাৰ ভাষণাৱলী'ত ড০ ইছলাম বড়াৰ সাম্প্ৰদায়িক মিলনৰ সুদূৰপ্ৰসাৰী পথৰ সন্ধান এই মন্তব্যটি প্ৰকাশিত হৈছে বুলি তেওঁ কয়। ৰংবং তেৰাঙে লগতে কয়- 'ড০ ইছলাম বড়াৰ হৃদয়ৰ বাতৰি কি আছিল, সেই কথাষাৰ আজি নতুনকৈ বুজাবৰ প্ৰয়োজন নিশ্চয় নাই। আমিহে বুজি পোৱা নাই। বিলাতৰ পৰা ডক্টৰেট বোটলা প্ৰথমজন অসমীয়া ডক্টৰেট ময়িদুল ইছলাম বড়াৰ জীৱন আৰু ব্যক্তিত্ব সম্বন্ধে মোৰ জ্ঞান সীমিত। 'অসম সাহিত্য সভাৰ ভাষণাৱলী'ত প্ৰকাশ পোৱা তেওঁৰ পাণ্ডিত্যপূৰ্ণ ভাষণৰ বাহিৰে মই একোকে নাজানো। আনকি তেওঁৰ ‘বাহাৰিস্তান-ই-গায়বী' নামৰ গ্ৰন্থখনো মোৰ হাতত পৰা নাছিল।' বুলি মনৰ ভাব প্ৰকাশ কৰে।

স্মৃতি ৰোমন্থন কৰি সাহিত্যিক তেৰাঙে কয়- 'অপূৰ্ব গ্ৰন্থখনৰ ক’পি এটা ড° ময়িদুল ইছলাম বড়াৰ নাতি মনিৰুল ইছলাম বড়াই ডিফুলৈ নি মোক উপহাৰ দি আহিছিল। সেইখনৰ লগতে ড০ ইছলাম বড়াৰ জীৱন আৰু কৰ্ম সম্পৰ্কে ৰচনা কৰা পুথি দুখনমানো  দি আহিছিল। গ্রন্থকেইখন মোৰ,সাহিত্য ভৱন 'লামমেত আকনজাং'ত সম্পদৰূপে সাঁচি থ'বলৈ পাই গৌৰৱবোধ কৰিছোঁ।

ফাৰ্চী সাহিত্যৰ পণ্ডিত হৈয়ো, অসমীয়া ভাষা-সাহিত্যক ডক্টৰ ময়িদুল ইছলাম বড়াই পাহৰা নাছিল। অসমৰ চিন্তা কৰা তেওঁৰ হৃদয়ৰ কথাবোৰ আৰু বেছিকৈ বিশ্লেষণ কৰাৰ প্ৰয়োজন নাই।'

লগতে তেওঁ কয়- 'আবাহন' আলোচনীৰ চতুৰ্থ বৰ্ষৰ ১০ সংখ্যাত প্রকাশিত 'ওমৰ খৈয়াম' সম্পৰ্কে বনফুলৰ কবি, যতীন্দ্রনাথ দুৱৰালৈ লিখা চিঠিখনেই ভবিষ্যতলৈকো আমাক স্মৰণ কৰাই থাকিব। সেইগৰাকী মহান পণ্ডিত, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ময়িদুল ইছলাম বড়াৰ নামত প্ৰৱৰ্তন কৰা সাহিত্য বঁটা গ্ৰহণ কৰিবলৈ পাই, মই সঁচাই ধন্য মানিছোঁ। তেওঁৰ জন্মদিনত, কাৰবি পাহাৰৰ একাজলি ‘টামহিদি’ ফুলেৰে তেওঁক শ্রদ্ধা জনাবলৈ পাই সৌভাগ্যৱান হ'লোঁ। এই সৌভাগ্য ঈশ্বৰৰ আশীর্বাদ, আল্লাৰ আশীর্বাদ।'

সাহিত্য বঁটা প্ৰদানৰ এই অনুষ্ঠানলৈ অহা সাহিত্যপ্রেমীক উদ্দেশ্য কৰি ৰংবং তেৰাঙে কয় 'শিৱসাগৰ মোৰ প্ৰাণৰ 'সাগৰ'। হৃদয়ৰ ‘সাগৰ'। শিৱসাগৰৰ মাটিত কবিতাই গজালি মেলে। আনকি, জিলা কাৰাগাৰতো কবিতাই গজালি মেলা দেখা পাইছোঁ। কাৰাগাৰত বন্দী হৈ থকা সুব্রত কোঁৱৰৰ কবিতা, মোৰ মনৰ এলবামত আজিও সজাই থৈছোঁ।শিৱসাগৰলৈ আহিলেই দিখৌ নৈখনক নোচোৱাকৈ নোৱাৰোঁ। বৰ-লুইতক পাহৰিব নোৱাৰাৰ দৰেই,দিখৌখনকো পাহৰিব নোৱাৰোঁ। নগা পাহাৰৰ পৰা দিখৌ নৈখন বৈ নহা হ'লে, ১৮৪৬ খ্রীষ্টাব্দত প্রকাশ পোৱা 'অৰুণোদই সম্বাদ পত্ৰ খনৰো সৃষ্টি কিজানি নহ'লহেঁতেন। আমাৰ শ্ৰদ্ধাৰ ডক্টৰ মহেশ্বৰ নেওগে “অৰুণোদই যুগ আধুনিক জীৱনৰ নৱপ্ৰভাত” বুলি প্ৰশংসা কৰিবলৈ হয়তো নাপালেহেঁতেন।'

অসমীয়া লিপিৰ সম্পৰ্কেও তেওঁ কেতবোৰ মন্তব্য প্ৰকাশ কৰে। তেওঁ কয়- 'অসমীয়া লিপিৰে লেখা কাৰবি ভাষাৰ প্ৰথম গ্রন্থ 'ধৰম আনাম আফ্রাং ইবিধান'খনো ১৮৭৫ খ্ৰীষ্টাব্দত দিখৌ নৈৰ পাৰত প্ৰকাশ নাপালেহেঁতেন। আজি ‘ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা’ গ্ৰহণৰ পৰত সেই 'নৱপ্ৰভাত' যুগৰ কথা উপলব্ধি কৰিবলৈ পাই, মনত পৰম সুখ অনুভৱ কৰিছোঁ।'

উল্লেখ্য যে, উক্ত অনুষ্ঠানটি অৰুণোদই সাহিত্য সভা, ড০ ময়িদুল ইছলাম বড়া স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু ৰংপুৰ জ্যোতি ক্লাৱৰ সহযোগত অনুষ্ঠিত কৰা হয়। শিৱসাগৰ প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আয়োজিত অনুষ্ঠানটিত ড° ময়িদুল ইছলাম বড়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে যোগ গগৈ আৰু মণিকা শইকীয়াই।

শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তই অনুষ্ঠানৰ আঁত ধৰে। ৰংপুৰ সাহিত্য সভাৰ সদস্যাসকলে অসম সাহিত্য সভাৰ গীত পৰিৱেশনৰে অনুষ্ঠানৰ আৰম্ভ কৰে।

অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে অৰুণোদই সাহিত্য সভাৰ সভাপতি মণিৰুল ইছলাম বড়াই। অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্য্যালয়ৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে।

সভাত শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি ড° নিৰুপমা মহন্তয়ো গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। তেওঁ অসমৰ জাতীয় জীৱনৰ অন্যতম আদৰ্শ চৰিত্ৰ ড° ময়িদুল ইছলাম বড়াক নতুন প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ বাবে কৰা এনে প্ৰয়াস এক গুৰুত্বপূৰ্ণ কৰ্ম বুলি অভিহিত কৰে।

'ৰংমিলিৰ হাঁহি'ৰ স্ৰষ্টা গৰাকীক বঁটা প্ৰদান কৰিবলৈ উপস্থিত হোৱা বিশিষ্ট ভাষাবিদ, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° বসন্ত কুমাৰ গোস্বামীয়ে বঁটা প্ৰদানৰ প্ৰাকক্ষণত ভাষণ প্ৰদান কৰে। তেওঁ ড° ময়িদুল ইছলাম বড়া ময়িদুল ইছলাম বড়াৰ নিচিনা আছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

বিচিত্রতাৰ মাজত একতাৰ সূত্ৰ বড়াৰ জীৱনৰ মূল লক্ষ্য আছিল বুলি ড০ গোস্বামীয়ে উল্লেখ কৰে। ড° বসন্ত কুমাৰ গোস্বামীয়ে ড° বড়াক এগৰাকী আপোচবিহীন শিক্ষাবিদ আৰু বৌদ্ধিক নেতৃত্ব প্ৰদান কৰা ব্যক্তি আছিল বুলি মন্তব্য কৰে।

ভাষণ প্ৰসংগত ড° গোস্বামীয়ে ৰংবং তেৰাঙৰ জীৱন কৰ্মও আলোকপাত কৰে। ইয়াৰ পিছতে প্ৰসিদ্ধ সাহিত্যিকগৰাকীক ড° বসন্ত কুমাৰ গোস্বামীয়ে এখনি অঙ্গ বস্ত্ৰ, প্ৰশস্তি পত্ৰ, স্মাৰক আৰু এটি নগদ ধনৰ টোপোলাৰে ২০২৩ বৰ্ষৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান কৰে।

Also Read: শীৰ্ষত টীম ইণ্ডিয়া : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ ভাৰতৰ

Rongbong Terang