নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ নিযুক্তিত নিয়ম বহিৰ্ভূত পন্থা অৱলম্বন

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ নিযুক্তিত নিয়ম বহিৰ্ভূত পন্থা অৱলম্বন

ডিজিটেল সংবাদ, নগাঁওঃ অসমৰ এখন আগশাৰীৰ ঐতিৰ্য্যমণ্ডিত নগাঁও ছোৱালী মহাবিদ্যালয়ত জালিয়াতিত অভিযুক্ত এজন লোকে অধ্যক্ষৰ দৰে এটা সন্মানীয় পদ দখল কৰাৰ এক খবৰে সচেতন মহলত তোলপাৰ লগাইছে । অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসম নামৰ এটা সংগঠনে এই খবৰ পোহৰলৈ আনিছে ।

সংগঠনটোৱে সদৰি কৰা মতে কুলেন চন্দ্ৰ দাস নামৰ এজন ব্যক্তিয়ে অনুসূচিত জাতিৰ ভুৱা প্ৰমান পত্ৰেৰ আজিৰ পৰা প্ৰায় ২৫ বছৰ আগতে নগাঁও ছোৱালী মহাবিদ্যালয়ত প্ৰৱক্তা হিচাপে চাকৰি লৈছিল । তেওঁলোকৰ মতে নলবাৰী জিলা, পোষ্ট অফিছ ঘগ্ৰাপাৰা , বৰখলা গাঁৱৰ কুলেন চন্দ্ৰ দাস এজন কেওট সম্প্ৰদায়ৰলোক । তেওঁ বক্ৰ পথেৰে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি প্ৰকৃত অনুসূচিত প্ৰাৰ্থীক বঞ্চনা কৰি মহাবিদ্যালয়ৰ প্ৰবক্তাৰ দৰে সন্মানীয় আৰু গুৰুত্বপূৰ্ণ পদত অধীস্থিত হৈছিল ।

সংগঠনটোৰ মতে সেই ঠাইত অনুসূচিত জাতিৰ লোক নাই । তেওঁলোকে কুলেন চন্দ্ৰ দাসৰ পৰা এই বিষয়ে জানিব বিচৰাত তেওঁলোকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা বুলি অভিযোগ কৰে । তেওঁলোকেে এই বিষয়ত পুলিচক অৱগত কৰাৰ কথাওঁ সদৰি কৰে ।উল্লেখযোগ্য বৰ্তমান ড°কুলেন চন্দ্ৰ দাস নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ।

প্ৰায় এমাহ আগতে মহাবিদ্যালয়খনত তেওঁ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ।তেখেতৰ অধ্যক্ষ নিযুক্তি প্ৰক্ৰিয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ড° প্ৰতাপ জ্যোতি সন্দিকৈয়ে নিয়ম বহিৰ্ভুত ভাৱে অসৎ পন্থা অৱলম্বন কৰি ড°কুলেন চন্দ্ৰ দাসক নিৰ্বাচিত কৰে ।

মহাবিদ্যালয়ৰ অধ্যক্ষ নিৰ্বাচন প্ৰক্ৰিয়াত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সভাপতি হিচাপে লৈ এখন আঠ জনীয়া সমিতিয়ে অধ্যক্ষ নিৰ্বাচন কৰে । এই সমিতি খনত মহাবিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি আৰু পৰিচালনা সমিতিৰ এজন সদস্যৰ বাহিৰে বাকী ছয় জন সদস্যক উপাচাৰ্যজনেই মনোনীত কৰে ।

অধ্যক্ষ নিৰ্বাচনৰ ক্ষেত্ৰত ইউ জি চি আৰু শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনাৰ পাঁচ নং দফা অনুসৰি যদি অনুসূচিত জাতি/অনুসূচিত জনজাতি/অ বি চি/ অল্পসংখ্যক/ মহিলা প্ৰাৰ্থী হিচাপে যি কোনো এজন থাকিলেই অধ্যক্ষৰ বাচনি সমিতিত সেই বিভাগৰ ক'মেও এজন ৰাখিব লাগিব । যদি প্ৰাৰ্থী হিচাপে এজন মহিলাও থাকে বাচনি সমিতিত কমেও এজন মহিলা ৰাখিব লাগিব ।

অধ্যক্ষ পদৰ বাবে অনুষ্ঠিত সাক্ষ্যাৎকাৰত সৰ্বমুঠ পাঁচ জনে ভাগ লৈছিল ।ইয়াৰে চাৰিজন পুৰুষ আৰু এগৰাকী মহিলা । তেওঁলোক হল ড° পল্লৱী গোস্বামী, ড°কুলেন চন্দ্ৰ দাস,ড° নৱ নাথ, ড°ৰমেশ নাথ, ড° নৃপেন দাস । উপাচাৰ্য গৰাকীয়ে মহিলা প্ৰাৰ্থী থকা স্বত্বেও এগৰাকী মহিলাকো বাচনি সমিতিত স্থান নিদিলে ।

অভিযোগ অনুসৰি এই গৰাকী উপাচাৰ্যই নিজৰ পচন্দৰ প্ৰাৰ্থী নিৰ্বাচনৰ বাবে এনে ধৰণৰ পন্থা হাতত লয়। নিজেই মনোনীত কৰা সংখ্যা গৰিষ্ঠ সদস্যৰ জৰিয়তে নিজা প্ৰাৰ্থীক অধ্যক্ষ নিযুক্তি দিয়ে । একে মতাদৰ্শৰ ড° কুলেন চন্দ্ৰ দাস নিযুক্তি দিবৰ বাবে ইউ জি চি আৰু চৰকাৰৰ নীতি নিৰ্দেশনা উলংঘন কৰিলে ।

উল্লেখযোগ্য যে বৰ্তমান অধ্যক্ষ সকলৰ কাৰ্যকাল পাঁচ বছৰীয়া । কাৰ্যকাল শেষ হ'লে তেওঁলোক পুনৰ প্ৰবক্তা পদলৈ ঘূৰি যাব লাগিব। এই পদটিৰ বাবে কাৰ্যকাল প্ৰায় শেষ হ'ব লগীয়া দুগৰাকী অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অধ্যক্ষয়ো সাক্ষাৎকাৰত বহিছিল । উপাচাৰ্যই তেওঁলোকক উপেক্ষা কৰিলে । তেওঁ যুক্তি দিছিল যে তেওঁলোকৰ কাৰ্যকাল পাঁচ বছৰীয়া হৈ নাথাকে অৱসৰলৈকে বৃদ্ধি পাব । অথচ কাৰ্যকাল বৃদ্ধিৰ কোনো পৰিকল্পনা চৰকাৰৰ এতিয়ালৈকে নাই ।

কুলেন চন্দ্ৰ দাসক নিযুক্তিৰ বাবে দুজন বাচনি সমিতিৰ সদস্যক সাক্ষাৎকাৰৰ আগদিনা সলনি কৰিছিল আৰু এখন কলেজৰ অধ্যক্ষক বাচনি সমিতি অন্তৰ্ভূক্ত কৰিছিল যাতে সেই খন কলেজৰ পৰা সাক্ষ্যাতকাৰ দিয়া দুজন প্ৰাৰ্থীক বাধা দিব পৰা যায় । নিয়ম মতে প্ৰাৰ্থী থকা কলেজৰ অধ্যক্ষ বাচনি সমিতিত ৰাখিব নোৱাৰে ।

ভুৱা জাতি প্ৰমান পত্ৰৰে নিযুক্তি লাভ কৰা অভিযোগেৰে অভিযুক্ত আৰু নিয়ম বহিৰ্ভূত ভাৱে অধ্যক্ষ পদ লাভ কৰাএই বিষয়টোৱ অসমৰ বৌদ্ধিক আৰু শৈক্ষিক মহলত খলকনি তুলিছে । এই ক্ষেত্ৰত সকলোৱে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মান ঘূৰাই আনিবলৈ সন্মানীয় শিক্ষা মন্ত্ৰী আৰু সন্মানীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে।

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ নিযুক্তিত নিয়ম বহিৰ্ভূত পন্থা অৱলম্বন
কাৰ ভুলৰ বাবে কেনেকৈ সংঘটিত হ'ল দেশৰ ভয়ংকৰ ৰে'ল দুৰ্ঘটনা? বৰ্তমান পৰ্যন্ত ২৮০ জনৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in