/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/5a3a1ae7-a238-40f9-b051-85a0b0c070db/banpani.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ : অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে দিখৌ নদীৰ জলপৃষ্ঠ। বিগত ৪দিন ধৰি বিপদসীমাৰ ওপৰেৰে দিখৌ বৈ থকাৰ ফলত নদীৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f85be1fd-1069-4865-b27c-e96e71920926/68a28583_ff49_4c40_b33f_43834f15ea37.jpg)
জানিব পৰামতে এই পৰ্যন্ত শিৱসাগৰ জিলাৰ ১০৪ খন গাঁও জলমগ্ন হৈছে ৷ হেজাৰ হেজাৰ লোক হৈ পৰিছে জলবন্দী। ঘৰ-দুৱাৰ,সা সম্পত্তি এৰি হেজাৰ হেজাৰ লোকে ওখ স্থান অথবা শিবিৰত আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে। উল্লেখযোগ্য যে, এটা মাহৰ ভিতৰতে অহা বাৰিষাৰ দ্বিতীয়টো বানত কালৰূপ ধাৰণ কৰিছে দিখৌ নদীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ef43c050-da5a-46fa-b47c-f1664c281d71/036f8da8_efee_4108_b809_ff475917ae23.jpg)
জিলাখনৰ বগীদ'ল, মেটেকা, কোঁৱৰপুৰ, চূনপোৰা, আদি স্থানত মথাউৰিৰ ওপৰে বাগৰিছে দিখৌ নদীৰ পানী। ফলত নৈপৰীয়া ৰাইজ চিন্তিত হৈ পৰিছে। দিখৌ নদীৰ বাঢ়নী পানীয়ে ঘৰ দুৱাৰ বুৰাই পেলোৱাৰ বাবে ঘৰ দুৱাৰ,পোহনীয়া জন্তু আদি এৰি নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে বহু পৰিয়ালে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/4881e120-7fcc-4f7c-b4d8-649163b53c3d/f1bf115b_33f0_44cb_87a9_19def136e2e8.jpg)
শিৱসাগৰ চহৰৰ ১৪ নং ৱাৰ্ড, ১০ নং ৱাৰ্ডকে ধৰি থানামুখ, দৰবাৰফিল্ড, কমাৰফদিয়া আদি বৃহৎ অঞ্চল দিখৌ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। ১০ নম্বৰ ৱাৰ্ডৰ ন পাম গাঁৱৰ সহস্ৰাধিক লোকৰ ঘৰ-বাৰী পানীত বুৰ যোৱাত সকলোৱে শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8edb9f3e-dbd2-4eea-8dc3-a131ffa8f4a1/1e901c33_0a72_43cb_9290_7af591ae2747.jpg)
স্থানীয় ফুকন নগৰ প্ৰাথমিক বিদ্যালয় আৰু বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা হৈছে উক্ত শিবিৰ দুটা। শিৱসাগৰ চহৰৰ হাইমাদ্ৰাছা স্কুলটো আশ্ৰয় শিবিৰ খোলা হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/92b1ff88-01db-4c2b-ad6a-3bc5aef03363/366905911_322693596767102_1728531761746058989_n.jpg)
লক্ষণীয় যে, ন পাম গাঁৱৰ বানত আক্ৰান্ত সকলৰ মাজত আছে কেইবাজনো অসুস্থ ব্যক্তি। শুকুৰবাৰৰ পুৱাৰ পৰা গাঁৱখনৰ লোকসকলৰ উদ্ধাৰ অভিযানত নামি পৰে এন ডি আৰ এফ ৰ এটি বৃহৎ দলৰ লগতে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱকসকল।
ইফালে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আক্ৰান্ত লোকসকলৰ মাজত উপস্থিত থাকি পৰিস্থিতি পৰ্যবেক্ষণ তথা সহযোগিতা আগবঢ়ায়। অখিল গগৈয়ে বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰি বানাক্ৰান্তসকলৰ পৰিস্থিতিৰ বুজ লয় ৷
ইফালে শিৱসাগৰ জিলা প্ৰশাসনে আন কেতবোৰ স্থানতো আশ্ৰয় শিবিৰ স্থাপন কৰিছে যদিও বহুতো অঞ্চলৰ বানাক্ৰান্তই শিবিৰ সমূহত বা আশ্ৰয়স্থলসমূহত চাউল দাইলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। পূৰ্বৰ বানতকৈ এইবাৰ দিখৌ নদীয়ে ভয়ংকৰ ৰূপ গ্ৰহণ কৰাত শিৱসাগৰ চহৰৰ সমীপৰ মেটেকা আৰু হাঁহচৰা, চুনপুৰা আদিত মথাউৰিৰ ওপৰেৰে পানী বাগৰাত মেটেকা বনগাঁও, শলগুৰি, বেতবাৰী, হাঁহচৰা মৌজাৰ প্রতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f528e06b-aae7-4eb1-9872-c3e935c435ba/366703343_322693330100462_4927159293642553329_n.jpg)
কিবা কাৰণত যিকোনো স্থানত মথাউৰি ভাঙিবলৈ হ'লে হাজাৰ হাজাৰ লোকৰ পানীত হাঁহ নচৰাৰ অৱস্থা হ’ব। মেটেকাৰ দিশত মথাউৰি ভাঙিলে অস্তিত্বৰ সংকটত পৰিব ঐতিহাসিক ৰংঘৰ, তলাতল কাৰেং ঘৰকে ধৰি বহু ঐতিহাসিক সম্পদ। খৰালিৰ সময়খিনিত শুই বহি কটোৱা অসম চৰকাৰৰ জল সম্পদ বিভাগে এতিয়া মাটিৰ বস্তাৰে বানপানী ৰোধিব বিচৰা কাৰ্যক ৰাইজে ধিক্কাৰ জনাইছে।
ইফালে আজি নিশা পৰ্যন্ত দিখৌৰ জলস্তৰ বৃদ্ধি পায়েই আছে। জলসম্পদ বিভাগৰ তথ্য অনুসৰি সন্ধিয়া ৬ বজাত দিখৌ নদী নাজিৰাত ১.৮৯ মিটাৰ, শিৱসাগৰ চহৰত ১.৭০ মিটাৰ আৰু গোৱালগাঁৱত .২৮ মিটাৰ বিপদ সীমাৰ ওপৰেৰে পানী বৈ আছে। আনহাতে জিলাখনৰ দিচাং আৰু দৰিকা নৈৰ পানীয়ো ঠায়ে ঠায়ে বিপদসীমাৰ ওপৰেৰে বৈ আছে। সম্প্ৰতি শিৱসাগৰ জিলাৰ ভালেসংখ্যক শিক্ষানুষ্ঠান বানত ডুব গৈছে ৷ শিৱসাগৰ মৰনৈকিনাৰ, অৰ্জুনগুৰি আদি অঞ্চলৰ বৃহৎ এলাকা বানত ডুব গৈছে ৷
Also Read: তিতাবৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ