তিতাবৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা,অশোক সিংহল আৰু জয়ন্ত মল্লবৰুৱা। এই চাৰি ব্যক্তি দ্বাৰাই সমষ্টি পুনঃ নিৰ্ধাৰণ কৰা হৈছে।
তিতাবৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ

ডিজিটেল সংবাদ,তিতাবৰ : তিতাবৰত উপস্থিত হৈ বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰক মন্তব্য কৰে। শুকুৰবাৰে তিতাবৰত পাম অইল আদিকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়-' পাম অইল কেৱল অসমৰ কাৰণে নহয়, ই বিশ্বৰ প্ৰকৃতিৰ কাৰণে ভয়ংকৰ খেতি। আমি ৰাইজৰ দলে অসমত এই খেতি নিষিদ্ধ কৰাটো বিচাৰো।'

অসমৰ মাটিত, উত্তৰ পূৰ্বাঞ্চলৰ মাটিত ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰামদেৱ বা আন আন বাহিৰৰ কোম্পানীক মাতি নি অসমীয়া জাতিটোক চিৰকালৰ বাবে অন্যায় কৰিব বিচাৰিছে। অসমৰ ৰাইজে পাম অইল খেতিৰ বিৰুদ্ধে মাত মাতিব লাগে। ৰামদেৱ হওক বা আন কোম্পানীয়ে হওক পাম অইল কৰিবলৈ অহা কোম্পানীক অসমৰ পৰা খেদি পঠাবলৈ লাগে বুলি অখিল গগৈয়ে উল্লেখ কৰে।

লগতে তেওঁ কয়- 'অসমৰ প্ৰতিটো প্ৰান্তৰৰ বাট-পথ এতিয়া বিধ্বস্ত,বিশেষকৈ গাঁৱৰ পথসমূহ বোকাময়। চৰকাৰখনে ঢাক ঢোল পিটি পইচা খৰছ কৰিছে ,বিহু পাতি ধন খৰছ কৰিছে ,নাচনী কাৰণে পইচা খৰছ কৰিছে,উৎসৱৰ কাৰণে পইচা খৰছ কৰিছে ,কেবিনেট মিটিং দিল্লীত পাতি টকা খৰচ কৰিছে, মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত উঠি পইচা খৰছ কৰিছে ,হিতাধিকাৰীৰ নামত পইচা খৰছ কৰিছে কিন্তু যাতায়ত ব্যৱস্থাৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।'

প্ৰসংগ ক্ৰমে বিধায়কগৰাকীয়ে কয়লা ছিণ্ডিকেট সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে। অসমত সকলো ধৰণৰ ছিণ্ডিকেট চলিছে । কয়লা,চুপাৰি,কাঠৰ ছিণ্ডিকেট চলিছে,গৰু ম'হৰ,শাক পাচলি, আপেল আদিৰ ছিণ্ডিকেট চলিছে। অসমৰ মুখ্যমন্ত্ৰীয়েই এই ছিণ্ডিকেটত জড়িত বুলি বিস্ফোৰক মন্তব্য কৰে।

'Election commission of India মানেই এতিয়া বিজেপি commission of India । ই এতিয়া বিজেপিৰ সংস্থাৰ নিচিনাকৈ কাম কৰে। মুখ্যমন্ত্ৰীয়ে দিল্লীত গৈ election commission of India ৰ লগত কথা পাতি নিজৰ মতে সমষ্টি নিৰ্ধাৰণ কৰিছে বুলি তাৎৰ্যপূৰ্ণ মন্তব্য কৰে।

ইফালে সমষ্টি পুনঃ নিৰ্ধাৰণৰ ক্ষেত্ৰতো বিধায়ক গগৈয়ে কয়- 'সমষ্টি পুনৰ নিৰ্ধাৰণত চাৰিজন ব্যক্তি জড়িত আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা,অশোক সিংঘাল আৰু জয়ন্ত মল্লবৰুৱা। এই চাৰি ব্যক্তি দ্বাৰাই সমষ্টি পুনঃ নিৰ্ধাৰণ কৰা হৈছে। election commison of indiaৰ দ্বাৰা সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱা নাই।'

আনহাতে সাংবাদিকৰ এক প্ৰশ্নোত্তৰত তেওঁ কয়- 'আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰতিদ্বন্দিতা কৰিব, কিন্ত যোৰহাট লোকসভা নিৰ্বাচনত ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত।' অনাগত দিনত AIUDF সাম্প্ৰদায়িক দলৰ লগত কেতিয়াও ৰাইজৰ দলে বুজাবুজি নকৰে বুলি স্পষ্ট কৰি দিয়ে । ৰাইজৰ দলৰ সকলো সদস্যৰ মৃত্যু হ'লেও এজন যদি সদস্য জীয়াই থাকে তথাপি কেতিয়াও এই সাম্প্ৰদায়িক দলৰ লগত বুজাবুজি নহয় বুলি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মন্তব্য কৰে।

তিতাবৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ
ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত টাই-আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in