/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/631c9501-526c-4d66-9f1d-ff46db2368c1/587.jpg)
ডিজিটেল সংবাদ,শিলচৰ : চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে । ধলাই জিলাৰ অন্তৰ্গত আমবাছা আৰক্ষীয়ে বুধবাৰে অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f477ceba-456f-4b71-91db-8320b27a4336/54262033_50dc_4288_a737_2387815f0881.jpg)
বেতবাগান নাকা পইন্টত এখন বিলাসী বাহনত তালাচী চলাই ৫২ টা গাঞ্জাৰ পেকেট উদ্ধাৰ কৰা হয়। টায়াৰৰ ভিতৰত লুকুৱাই অনা পেকেট কেইটাৰ পৰা মুঠ ২৫ কেজি গাঞ্জা জব্দ কৰা হয়। গাঞ্জাৰ সৈতে বাহনখনৰ চালকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/a728cbad-9b63-485b-824f-35a1e6fe2c65/e873450a_1bba_40e8_bfa2_d34fe2bb0574.jpg)
ইফালে, উপানগৰত চলোৱা আন এক অভিযানত আমবাছা আৰক্ষীয়ে ২৬ পেকেট গাঞ্জা জব্দ কৰে। এখন বলেৰো বাহনত তালাচী চলাই গোপন চেম্বাৰৰ পৰা ১৩.৬ কে জি গাঞ্জা জব্দ কৰা হয়। গাঞ্জা সৰবৰাহৰ অভিযোগত চালকসহ দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/35752e15-295c-494b-8d84-cecd71b048f2/587dfebc_0bc0_43cd_9364_f30efb308689.jpg)
Also Read: চিমেন চাপৰিত ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি