অন্ধ্ৰপ্ৰদেশত শিৱসাগৰৰ বিজয় ভৰালীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য...

অন্ধ্ৰপ্ৰদেশত শিৱসাগৰৰ বিজয় ভৰালীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য...
অন্ধ্ৰপ্ৰদেশত শিৱসাগৰৰ বিজয় ভৰালীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য...

ডিজিটেল সংবাদ শিৱসাগৰ: শিৱসাগৰ চহৰৰ পৰা ৮ কিলোমিটাৰ নিলগৰ চেৰেকাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাঁহ চৰা চাংমাই গাঁৱৰ এজন যুৱকৰ মৃতদেহ ক্ষত বিক্ষত অৱস্থাত বৰ্হি ৰাজ্যত উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ শিৱসাগৰ চহৰতেই তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ অন্ধ্ৰপ্ৰদেশৰ এটা ৰে'লৱে ক্ৰচিংত ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনৰ নাম বিজয় ভৰালী ( ৩২) বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে একেখন গাঁৱৰে এগৰাকী বিবাহিত মহিলাৰ সৈতে প্ৰণয়জনিত সম্পৰ্ক থকাৰ অভিযোগ উঠা বিজয়ে যোৱা বুধবাৰৰ দিনা উক্ত বিবাহিত মহিলা গৰাকীৰ সৈতে শিৱসাগৰৰ পৰা পলায়ণ কৰিছিল ৷কিন্তু আজি অন্ধ্ৰপ্ৰদেশৰ ৰেলৱে আৰক্ষীয়ে পকেটত লাভ কৰা পৰিচয় পত্ৰ আৰু ঠিকনাৰ ভিত্তিত যুৱকজনৰ পৰিয়ালৰ মৃতদেহ উদ্ধাৰ খবৰ দিয়াৰ পিছতেই অঞ্চলজুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷

পৰিয়ালৰ লোকে বিজয়ক পৰিকল্পিত ভাৱে উক্ত মহিলাগৰাকীৰ স্বামীয়ে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰি সংশ্লিষ্ট আৰক্ষী প্ৰশাসনৰ ওচৰ চাপিছে ৷ অৱশ্যে অহা কাইলৈহে এই ঘটনাৰ আঁৰৰ ৰহস্য ফাদিল হোৱাৰ সম্ভাৱনা আছে ৷

অন্ধ্ৰপ্ৰদেশত শিৱসাগৰৰ বিজয় ভৰালীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য...
বটদ্ৰৱাত আমছুৰ সংবাদমেল: আৰক্ষীৰ ছত্ৰছায়াত মুকলি জুৱা, অশ্লীল নৃত্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in