বটদ্ৰৱাত আমছুৰ সংবাদমেল: আৰক্ষীৰ ছত্ৰছায়াত মুকলি জুৱা, অশ্লীল নৃত্য...

বটদ্ৰৱাত আমছুৰ সংবাদমেল: আৰক্ষীৰ ছত্ৰছায়াত মুকলি জুৱা, অশ্লীল নৃত্য...
বটদ্ৰৱাত আমছুৰ সংবাদমেল: আৰক্ষীৰ ছত্ৰছায়াত মুকলি জুৱা, অশ্লীল নৃত্য...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত দগাঁও আৰক্ষী পহৰা চকীৰ এলেকাধীন শিমলুআটি গাঁৱত যোৱা ১১ ফেব্ৰুৱাৰীৰ পৰা যাত্ৰা পাৰ্টিত মুকলি জুৱাৰ আড্ডা চলি থকাৰ ভয়ংকৰ অভিযোগ তুলিছে নগাঁও জিলা আমছুৱে।

আজি নিশা নগাঁও জিলা আমছুৰ উদ্যোগত বটদ্ৰৱা লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বাংলাত অনুষ্ঠিত সংবাদমেলত শিমলুআটি গাঁৱত শিক্ষানুষ্ঠানৰ সমীপতে বছেৰেকীয়া পৰীক্ষা চলি থকাৰ লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰাকমুহূৰ্তত উচ্চ স্বৰত সংগীত লগাই পৰিবেশ বিনষ্ট কৰাৰ অভিযোগত উত্থাপন কৰে আমছুৱে। উক্ত গাঁৱত একাংশ সমাজ বিৰোধী লোকে আনন্দ মেলা পাতি সন্ধিয়াৰ পৰা শেষ নিশালৈ উচ্চ স্বৰত মাইক বজাই যাত্ৰা পাৰ্টীত অশ্লীল নৃত্য কৰা, মদৰ বেহা চলোৱা, আৰু মুকলিকৈ জুৱা খেলা পতা আদি চলি আহিছে।

উক্ত আনন্দ মেলা বন্ধ কৰি পৰিবেশ সুস্থিৰ কৰিবলৈ যোৱা ১২ ফেব্ৰুৱাৰীত নগাঁও জিলা উপায়ুক্তক লিখিত অভিযোগ দিয়াৰ পাছতো আজিওঁ তাত মুকলিকৈ জুৱা খেলা চলি থকাৰ অভিযোগ তুলিছে আমছুৱে। বটদ্ৰৱাত অনুষ্ঠিত সংবাদমেলত আমছুৰ ৰাজ্যিক উপ-সভাপতি মোশ্বাৰফ হুছেইন কবিৰ, নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল নুৰে আন এটা বিস্ফোৰক অভিযোগ কৰে।

নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ পিছপৰা শিমলুআটিগাঁৱত মাজ নিশালৈ চলি থকা এই যাত্ৰা পাৰ্টীত জুৱা খেলৰ পহৰাৰ দ্বায়িত্বত দগাঁও আৰক্ষী পহৰা চকীৰ আলাল উদ্দিন আৰু আব্দুল কাদিৰ নামৰ দুজন আৰক্ষী থকাৰ দৃশ্য সাংবাদিকৰ সন্মুখত দাঙি ধৰে।

দগাঁও আৰক্ষীৰ দুগৰাকীকে আৰক্ষীৰ উপস্থিতিত এনেদৰে মুকলি জুৱা আৰু অশ্লীল নৃত্যৰ প্ৰদৰ্শনে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমছুৰ ৰাজ্যিক উপ-সভাপতি মোশ্বাৰফ হুছেইন কবিৰ, নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল নুৰৰ লগতে নগাঁও জিলাৰ কাৰ্যকৰী সভাপতি জেহিৰুল ইছলাম, সম্পাদক আশ্ৰাফুল হুছেইন, ছাদ্দাম হুছেইন, আজমল কবিৰ, ইলিয়াছ আহমেদ, ৰিয়াজুল হক, ইমাম হুছেইন, চাইদুল ইছলামকে আদি কৰি আমছুৰ বিষয়ববীয়া, সদস্যসকলৰ উপস্থিত থাকে এই সংবাদমেলত ।

সংবাদ মেলৰ জৰিয়তে তেওঁলোকে পুনৰবাৰ পিছপৰা অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰা আনন্দ মেলা বন্ধ কৰাৰ লগতে জুৰিয়া আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলি, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰে।

বটদ্ৰৱাত আমছুৰ সংবাদমেল: আৰক্ষীৰ ছত্ৰছায়াত মুকলি জুৱা, অশ্লীল নৃত্য...
বৰডুমচাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ আটক কুখ্যাত ড্ৰাগছ ব্যৱসায়ী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in