শিৱসাগৰৰ ভোটগ্ৰহণ কেন্দ্ৰত মাৰপিট কাণ্ড : আহত কংগ্ৰেছ কৰ্মী...

শিৱসাগৰৰ ভোটগ্ৰহণ কেন্দ্ৰত মাৰপিট কাণ্ড : আহত কংগ্ৰেছ কৰ্মী...

ডিজিটেল সংবাদ,শিৱসাগৰ : ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে শিৱসাগৰত সংঘটিত হৈছে অঘটন। জিলাখনৰ এটি ভোটগ্ৰহণ কেন্দ্ৰত কংগ্ৰেছ -বিজেপি সমৰ্থকৰ সংঘাতত এগৰাকী কংগ্ৰেছ কৰ্মী আহত হোৱা বুলি জানিব পৰা গৈছে।

এগৰাকী বিজেপি সমৰ্থকে কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । আঘাতপ্ৰাপ্ত কংগ্ৰেছ কৰ্মীগৰাকীয়ে ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে শিৱসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

উক্ত ঘটনাত আঘাতপ্ৰাপ্ত লোক গৰাকী হৈছে জিলা কংগ্ৰেছৰ সম্পাদক ৰবীন্দ্ৰ সিং। সিঙক শ্ৰৱণ সিং নামৰ বিজেপি কৰ্মীগৰাকীয়ে আক্ৰমণ চলোৱা বুলি অভিযোগ তোলে। পৌৰনেত্ৰী তথা ১১ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ মৃণালি কোঁৱৰৰ উচতনিত ৰবীন্দ্ৰ সিঙক আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰামতে পৌৰনেত্ৰীগৰাকীয়ে নিৰ্বাচনী বিধি উলংঘা কৰি ১৮৭, ১৮৮, ১৮৯ নং ভূৱন চন্দ্ৰ গগৈ পলিটেকনিক স্কুল ভোটকেন্দ্ৰত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ অভিযোগ  উঠিছে। উল্লেখ কৰা প্ৰয়োজন যে পৌৰপতি কোঁৱৰে ভোটকেন্দ্ৰত চকী পাৰি বহি বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীয়ে অভিযোগ দিছিল ৷ ভোটকেন্দ্ৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ৰবীন্দ্ৰ সিঙে বাধা দিয়াৰ বাবেই শ্ৰৱণ সিং নামৰ বিজেপি কৰ্মীজনে জিলা কংগ্ৰেছৰ সম্পাদকগৰাকীক আক্ৰমণৰ কৰাৰ অভিযোগ উঠিছে।

শিৱসাগৰৰ ভোটগ্ৰহণ কেন্দ্ৰত মাৰপিট কাণ্ড : আহত কংগ্ৰেছ কৰ্মী...
তামুলপুৰত ৩৫ সংখ্যক উলুবাৰী আঞ্চলিক ব’হাগী উৎসৱ আৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in