লক্ষ্য প্ৰাপ্তিৰ বাবে প্ৰতিজনৰে থাকিব লাগিব গভীৰ আত্মবিশ্বাস আৰু ইচ্ছা শক্তিঃ নিতুমণি শইকীয়া

অʼ এন জি চি পূৰ্বাঞ্চল এমপ্লʼইজ এচʼছিয়েচনৰ উদ্যোগত অভিনন্দন অনুষ্ঠান সম্পন্ন
লক্ষ্য প্ৰাপ্তিৰ বাবে প্ৰতিজনৰে থাকিব লাগিব গভীৰ আত্মবিশ্বাস আৰু ইচ্ছা শক্তিঃ নিতুমণি শইকীয়া

ডিজিটেল সংবাদ, শিৱসাগৰঃ তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’এনজিচিৰ অসম সম্পদৰ একমাত্ৰ স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক সংগঠন অʼ এন জি চি পূৰ্বাঞ্চল এমপ্লʼইজ এচʼছিয়েচন(অ পি ই এ)ৰ উদ্যোগত ছাত্ৰ -ছাত্ৰীসকলৰ এক মনোজ্ঞ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

নাজিৰাস্থিত ড⁰ বি আৰ আম্বেদকাৰ প্ৰেক্ষাগৃহত চলিত বৰ্ষত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত নিগম পৰিয়ালবৰ্গৰ সু-খ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানটোেৰ আঁত ধৰে অসম সম্পদৰ জ্যেষ্ঠ দন্ত চিকিৎসক বিভাষ শইকীয়াই। ৰিজৱানা নাকভি , জি জি এম(এইচ আৰ ই আৰ) য়ে আদৰণি ভাষণ আগবঢ়াই। অভিনন্দন অনুষ্ঠানটিত সদৌ ভাৰত অʼ এন জি চি ট্ৰেড ইউনিয়ন সমন্বয়ৰক্ষী সমিতিৰ মুখ্য সমন্বয়ক তথা  অʼ এন জি চি পূৰ্বাঞ্চল এমপ্লʼইজ এচʼছিয়েচনৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰুৱাই অভিনন্দন-২০২৪ৰ লক্ষ্য-উদ্দেশ্য ব্যাখ্যা কৰে। লগতে ভৱিষ্যত সমাজৰ ধৰণী স্বৰূপ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণ তথা মানবিশিষ্ট শিক্ষাৰ বাবে অʼ এন জি চি আৰু অ পি ই এ য়ে আগবঢ়াই অহা প্ৰচেষ্টাৰ এক চমু আভাস ডাঙি ধৰে। 

অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ৰাজেশ তিৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বিশিষ্ট আবৃত্তিকাৰ, জ্যেষ্ঠ সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া আৰু বিশিষ্ট লেখক, অসম শিশু সাহিত্য ন্যাসৰ সচিব তথা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰাক্তন প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

ভাষণ প্ৰসঙ্গত নিতুমণি শইকীয়াই কয় যে " লক্ষ্য প্ৰাপ্তিৰ বাবে প্ৰতিজনৰে থাকিব লাগিব গভীৰ আত্মবিশ্বাস আৰু ইচ্ছা শক্তি" । ঠিক সেইদৰে হৃষীকেশ গোস্বামীয়ে কয় যে "ঘৰখনেই  শিক্ষাৰ মূল আধাৰ। প্ৰকৃত শিক্ষাৰ বাবে প্ৰতি গৰাকী মাতৃ শিক্ষক আৰু প্ৰতিজন শিক্ষক মাতৃৰ দৰে হ'ব লাগিব"। দুয়োজনে  গুণগত শিক্ষাৰ বাতাবৰণ সৃষ্টিৰ বাবে শিক্ষা ব্যৱস্থাটোৰ লগত জড়িত  সকলোৰে প্ৰতি আহ্বান জনায়।

উদ্যোগতাসকলৰ তৰফৰ পৰা উপস্থিত থকা কৃতীমান ছাত্ৰ-ছাত্ৰী সকলক বিশেষকৈ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯৮.৪০ শতাংশৰে নাজিৰাৰ দিল্লী পাব্লিক স্কুল পৰা নভূৰাজ কছাৰী, ৯৭.৩৩ শতাংশৰে শিৱসাগৰ আৰ্যভট্ট একাডেমীৰ পৰা ৰাজ নন্দিনী বৰাক সম্বৰ্ধনা জনোৱাল হয়। ৯৫.৬ শতাংশৰে টেম্পল টাউন ইউৰʼ স্কুলৰ পৰা ৰুণালী দেউৰী আৰু ইণ্টাৰনেচনেল স্কুল গুৱাহাটীৰ পৰা প্ৰতিশ্ৰুতি হাজৰিকাকে মুঠ ২০ জন আৰু উচ্চতৰ মাধ্যমিকত নাজিৰাৰ দিল্লী পাব্লিক স্কুলৰ পৰা ৯৭.৪০ শতাংশৰে ৰিতুস্না বৰা, ৯৫.৪০ শতাংশৰে অন্বেষা নিধি কোঁৱৰকে ধৰি মুঠ ১৪ জন  ৮৫ শতাংশৰো অধিক নম্বৰসহ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক গামোচা, অভিনন্দন পত্ৰ, উপহাৰ আদি আগবঢ়াই অভিনন্দন জনোৱা হয়।

অʼ পি ই এৰ তৰফৰ পৰা বিশ্বজিৎ চলিহাই শলাগৰ শৰাই আগবঢ়াই। অনুষ্ঠানটোত  দিল্লী পাব্লিক স্কুল, আদৰ্শ বিদ্যা ভৱন, কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক,  অʼএন জি চি ৱকাৰ্ছ মহিলা সমিতি, পূবালী মহিলা সমিতি,  নাজিৰাৰ সংবাদ কৰ্মীৰ লগতে অ পি ই এৰ বিষয়ববীয়া, কৰ্মকৰ্তাসহ নিগমৰ প্ৰায় দুই শতাধিক বিষয়া কৰ্মচাৰী, অভিভাৱক উপস্থিত থাকে। উপস্থিত অতিথি সকলৰ উপৰিও সচেতন ৰাইজে  অʼ এন জি চি পূৰ্বাঞ্চল এমপ্লʼইজ এচʼছিয়েচনৰ এনে ইতিবাচক পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে।

লক্ষ্য প্ৰাপ্তিৰ বাবে প্ৰতিজনৰে থাকিব লাগিব গভীৰ আত্মবিশ্বাস আৰু ইচ্ছা শক্তিঃ নিতুমণি শইকীয়া
'সৰপাৰা ৰাইজ গয়ৰহ'ৰ পূৰ্ণাংগ সমিতি গঠন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in