ভেকচিন লোৱাৰ পাছতেই শিশুৰ মৃত্যু, শিৱসাগৰত চাঞ্চল্য...

: শিৱসাগৰত সংঘটিত হোৱা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। বৃহস্পতিবাৰে এটি ডেৰমহীয়া কন্যা শিশুৰ মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

author-image
Asomiya Pratidin
New Update
ভেকচিন লোৱাৰ পাছতেই শিশুৰ মৃত্যু, শিৱসাগৰত চাঞ্চল্য...

ডিজিটেল ডেস্ক: শিৱসাগৰত সংঘটিত হোৱা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। বৃহস্পতিবাৰে এটি ডেৰমহীয়া কন্যা শিশুৰ মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

Advertisment

পৰিয়ালৰ অভিযোগ অনুসৰি ভেকচিন লোৱাৰ পিছতেই মৃত্যু হয় শিশুটিৰ। শিৱসাগৰৰ থানামুখত সংঘটিত হৈছে এই ঘটনা। নাৰ্ছ, আশাকৰ্মীৰ ভুলৰ বাবে মৃত্যুৰ অভিযোগ পিতৃ-মাতৃৰ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছে শিশুটিৰ পৰিয়াল বৰ্গই। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

আৰু পঢ়ক: প্ৰাক নিৰ্বাচনী হিংসা! দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গ'ল নেতাৰ...

assam child