শিৱসাগৰত আৰম্ভ সদৌ অসম মুকলি  প্ৰাইজমাণি ৰেটিং দবা প্ৰতিযোগিতা

শিৱসাগৰত আৰম্ভ সদৌ অসম মুকলি  প্ৰাইজমাণি ৰেটিং দবা প্ৰতিযোগিতা

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ চহৰস্থিত ৰটাৰী ক্লাব প্ৰেক্ষাগৃহত দেওবাৰৰ পৰা আৰম্ভ হৈছে  সদৌ অসম মুকলি ক্লাচিকেল প্ৰাইজমাণি ৰেটিং দবা প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতা ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব ৷ প্ৰতিযোগিতাক  কেন্দ্ৰ কৰি সমগ্ৰ শিৱসাগৰ চহৰত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে ৷

প্ৰতিযোগী আৰু অভিভাৱকেৰে ভৰি পৰিছে চহৰৰ হোটেল সমূহ ৷ বাক্সা, চিৰাং, কাৰ্বি আংলং, ধুবুৰী, বৰপেটা, তেজপুৰ, কোকৰাঝাৰ, কামৰূপ, নগাঁও, গোলাঘাট, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়কে অসমৰ প্ৰায় কেইখন জিলাৰ পৰা অহা ২০৮ গৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷ ইমান খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তা সকলে কল্পনা কৰা নাছিল ৷

শিৱসাগৰৰ দৰে সৰু চহৰ এখনত শতাধিক টেবুল, ঘড়ী সহিতে বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰি পাঁচদিনীয়াকৈ  ৰেটিং দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো বাস্তৱিকতেই জটিল প্ৰক্ৰিয়া ৷ যাৰ বাবে  ভালেসংখ্যক খেলুৱৈক  পঞ্জীয়ন কৰাৰ পৰা বিৰত ৰখা হয় ৷ ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈকে শিৱসাগৰ চহৰস্থিত ৰটাৰী ক্লাৱত এই প্ৰাইজমাণি ৰেটিং দবা প্ৰতিযোগিতা সম্পন্ন হ’ব।

 শিৱসাগৰ দবা একাডেমীৰ উদ্যোগ অনুষ্ঠিত এই প্ৰতিযোগিতা কালি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি দবা সন্থাৰ উপ-সভাপতি ডা° ইন্টিকাবুৰ ৰহমানে কয় যে কিছু দিনৰ পূৰ্বলৈকে প্ৰতিভা থকা স্বত্বেও অসমৰ দবা খেলুৱৈয়ে চমক সৃষ্টি কৰিব পৰা নাছিল ৷ পদ্ধতিগত প্ৰশিক্ষণৰ ব্যৱস্থা নথকাৰ বাবে আমাৰ খেলুৱৈ পিচপৰি ৰৈছিল ৷ কিন্ত এতিয়া সময় সলনি হৈছে ৷ অসমৰ বিভিন্ন স্থানত দবা খেলৰ পদ্ধতিগত প্ৰশিক্ষণৰ ব্যৱস্থা হৈছে ৷ এতিয়া দবা খেল প্ৰসাৰিত হৈছে ৷ ৰেটিং টৰ্ণমেন্ট অনুষ্ঠিত হৈছে ৷

তেওঁ উদ্যোক্তা সকলৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে ৷ আয়োজক সমিতিৰ সভাপতি ডা° প্ৰশান্ত প্ৰতীম শৰ্মাৰ  উপস্থিতিত   সম্পাদক হেমন্ত কুমাৰ গগৈয়ে আঁতধৰা  প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অশ্ৰুমনি দত্ত ঘোষ আৰু প্ৰণৱ বৰাই সম্পাদনা কৰা  “ ৰংপুৰৰ ৰঙ্গভূমি ” নামৰ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে শিৱসাগৰ প্ৰেছক্লাবৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান হাজৰিকাই। তেওঁ কয় যে ক্ৰীড়াৰ ক্ষেত্ৰত শিৱসাগৰৰ এক চহকী ইতিহাস আছে ৷ এই স্মৃতিগ্ৰন্থখনিত শিৱসাগৰৰ ক্ৰীড়া ইতিহাসৰ দিশ প্ৰতিফলিত হোৱাৰ লগতে খেলুৱৈ সকলক গ্ৰন্থখনি অধ্যয়ন কৰাৰ আহ্বান জনায় ৷ 

অনুষ্ঠানত বিশিষ্টা ক্ৰীড়াবিদ বুদ্ধিমাই থাপা, মীনা শইকীয়া বৰাৰ লগতে শিক্ষাবিদ ড° দিগন্ত গগৈয়ে বক্তব্য আগবঢ়াই ৷ তেওঁলোকক সম্বদ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত মন্টু বৰা, ভাৰত শৰ্মা, বসন্ত সন্দিকৈ, নৃপেন শৰ্মা, প্ৰসেনজিৎ বৰঠাকুৰ, ৰিজুমণি দত্ত, ৰাণা সিং, জাকিৰ আলী, ৰুবুল আব্দুৰ ৰহমান, মালবিকা গগৈ, ডা° বন্দনা গুপ্তা, সৌৰভ নেওগ, মৃণাল বৰবৰুৱা, ৰিমা সন্দিকৈ, নিভামণি গগৈ, স্মৃতিৰেখা বৰুৱাকে ধৰি উদ্যোক্তা সকল উপস্থিত থাকে ৷ 

উল্লেখ্য যে মুঠ দুই লাখ চল্লিশ হাজাৰ টকাৰ প্ৰাইজমাণি সম্বলিত প্ৰতিযোগিতা খনত ২৫০০০ টকাৰ পৰা ন্যূনতম ১৫০০ টকা পুৰস্কাৰৰূপে দিয়া হ'ব  ৷ সেই অনুপাতে ট্ৰফী , প্ৰমাণপত্ৰ সহিতে আন আন সামগ্ৰীত লক্ষাধিক টকা ব্যয় কৰা হৈছে ৷ সামৰণি অনুষ্ঠানত সদৌ অসম দবা সন্থাৰ সভাপতি কন্দৰ্প কলিতা আৰু সম্পাদক ৰাজীৱ ধৰ উপস্থিত থাকিব ৷ 

 উল্লেখ্য যে উদীয়মান প্ৰজন্মক দবা খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে শিৱসাগৰ চেচ একাডেমিয়ে ২০১৪ চনৰ পৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ শিৱসাগৰৰ বিশিষ্ট চিকিৎসক তথা ক্ৰীড়া সংগঠক  প্ৰশান্ত প্ৰতীম শৰ্মাই শিৱসাগৰ চহৰৰ হস্পিতেল ৰোডৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখত থকা নিজা বাসগৃহৰ ওপৰ মহলাত নতুন প্ৰজন্মক দবা খেল শিক্ষাৰ সুযোগ প্ৰদান কৰিছে ৷ যত ভাৰত শৰ্মা সহিতে একাংশ লোকে দবা খেলৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷ ২০১৬ চনত শিৱসাগৰ চেচ একাডেমিয়ে শিৱসাগৰত আন্তৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল ৷ শিৱসাগৰ দবা একাডেমিৰ দুগৰাকী প্ৰশিক্ষাৰ্থীয়ে অসম দলক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷

 আজিৰে পৰা অনুষ্ঠিত এই প্ৰতিযোগিতা অত্যন্ত ব্যয় বহুল ৷ শিৱসাগৰ চেচ একাডেমিৰ লগত জড়িত ব্যক্তি সকলে এই প্ৰতিযোগিতাৰ ধন ব্যয় কৰিছে ৷ প্ৰতিযোগী আৰু অভিভাৱক সকলৰ বাবে এই পাঁচটা দিনৰ পুৱাৰ লগতে দুপৰীয়াৰ আহাৰ উদ্যোক্তা সকলে যোগান ধৰাৰ ব্যৱস্থা কৰিছে ৷ একাডেমিৰ প্ৰতিগৰাকী সদস্যই প্ৰতিযোগিতা সফল কৰাৰ বাবে দিনে নিশাই প্ৰচেষ্টা চলাইছে ৷

শিৱসাগৰত আৰম্ভ সদৌ অসম মুকলি  প্ৰাইজমাণি ৰেটিং দবা প্ৰতিযোগিতা
বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই এটা পৰিয়ালৰ দুই ভগ্নীক অপহৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in